নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
চতুৰ্থ অঙ্ক
পঞ্চম দৰ্শন
[দ্বাৰকাৰ প্ৰাসাদৰ এক অংশত শ্ৰীকৃষ্ণ
এখন আসনত বহি আছিল, আৰু এফালে সাত্যকি, আনফালে সনাতন থিয় দি আছিল ৷ ]
শ্ৰীকৃষ্ণ :- তাৰ পিছত
?
সনাতন :- তাৰ পিছত সেই চিত্ৰ-বেচোতা
গন্ধৰ্ব্ব ল’ৰাটো এদিন আকৌ প্ৰাসাদলৈ
আহিছিল ৷ সেই দিনা অনিৰুদ্ধই তাক মাতি নি তাৰ ছবি চাইছিল ৷
শ্ৰীকৃষ্ণ :- ওঁ ! আৰু
সেইদিনাই অনিৰুদ্ধ নিৰুদ্দেশ ?
সনাতন :- হয় ৷
শ্ৰীকৃষ্ণ :- সেই বালকৰ
হাতত কোনো সুন্দৰীৰ পট আছিলনে ?
সনাতন :- সেই বিষয়ে আমি চোৱা নাছিলোঁ
৷
শ্ৰীকৃষ্ণ :- এই
কেইদিনৰ ভিতৰত তুমি অনিৰুদ্ধৰ মনত কিবা পৰিবৰ্ত্তন লক্ষ্য কৰিছিলানে ?
সনাতন :- হয় ; সামান্য পৰিবৰ্ত্তন
লক্ষ্য কৰিছিলোঁ ৷
শ্ৰীকৃষ্ণ :- [অলপ হাঁহে
] সাত্যকি ! তুমি এই বিষয়ে কি ভাবিছা ?
সাত্যকি :- এৰা, মই
দেখোন একো তত্কে ধৰিব পৰা নাই ৷ কুমাৰনো কলৈ যাব পাৰে ৷
[এনেতে বলোৰাম সোমাই আহে ; লগত প্ৰদ্যুম্নও আহে ৷ তেওঁলোকৰ সৈতে চাৰিটা দূত
৷]
বলোৰাম :- কুমাৰৰ একো সন্ধানেই পোৱা
নগ’ল ৷তুমি কিবা পালানে ? কিবা অনুমান
কৰিব পাৰিছানে ?
শ্ৰীকৃষ্ণ :- ওহোঁ ৷
তেন্তে এই চাৰিটা দূতকে পঠাবলৈ স্থিৰ কৰিছা নেকি ?
বলোৰাম :- এৰা ৷ মই ইহঁতক সকলো বুজাই
দিওঁ ৷ তাৰ বাহিৰে আন উপায় মই আৰু দেখা নাই !
শ্ৰীকৃষ্ণ :- নিশ্চয় ৷
দূত পঠাই বাতৰি নল’লে আৰু কি উপায় আছে ?
বলোৰাম :- [প্ৰথম দূতক ] তুমি ইয়াৰপৰা ওলাই উত্তৰাভিমুখে গৈ
পঞ্চনদৰ সকলো দেশতে বিচাৰি গৈ কাশ্মীৰ প্ৰদেশৰ প্ৰতূএক গাঁৱে-ভূঞে,
পৰ্ব্বতে-কন্দৰে কুমাৰৰ সন্ধান কৰাগৈ যোৱা !
[প্ৰথম দূতে সেৱা কৰি যায়গৈ ৷]
[দ্বিতীয়ক ] তুমি
দক্ষিণাভিমুখে গৈ দাক্ষিণাত্যৰ পৰা কন্যাকুমাৰিকাইদি সেতুবন্ধ পাৰ হৈ লঙ্কা দ্বীপত
কুমাৰৰ অনুসন্ধান কৰি, হিমালয়ৰ কাষৰ পাৰ্ব্বত্য প্ৰদেশত সন্ধান কৰি গঙ্গা-যমুনাৰ
পাৰৰ গোটেই দেশ অনুসন্ধান কৰিবা ৷[তৃতীয়ক ] তুমি কামৰূপত প্ৰবেশ কৰিবা ৷পূৰ্ব্বাঞ্চলৰ সকলো গিৰি প্ৰদেশত সন্ধান
কৰিবা ৷পূৰ্ব্ব দেশৰ মায়াবিনীৰ কথা তোমাৰ সদায় মনত ৰাখিবা ৷[চতুৰ্থক ] তুমি সিন্ধু প্ৰদেশত অনুসন্ধান কৰি
পশ্চিমত গান্ধাৰকে আদি কৰি সকলো দেশতে কুমাৰৰ অনুসন্ধান কৰাগৈ ৷
[দূতবোৰে সেৱা কৰি যায়গৈ ৷]
শ্ৰীকৃষ্ণ :- এৰা,
ইহ্ঁতে অনিসন্ধান কৰি আহকগৈ আৰু আমি নিজেও অনুসন্ধান কৰিব লাগিব নিশ্চয় ৷
প্ৰদ্যুম্ন :- পিতা !
অন্ত:পুৰত সকলোৱে কুমাৰৰ শোকত উত্ৰাৱল হৈছে ৷ আপুনি নগ’লে
আৰু সন্তনা দিওঁতা কেও নাই !
শ্ৰীকৃষ্ণ :- উত্ৰাৱল
হোৱাৰ কোনো প্ৰয়োজন নাই ৷ বাৰু বলা ৷
[শ্ৰীকৃষ্ণ যায় আৰু পাছে পাছে প্ৰদ্যুম্ন যায় ৷]
বলোৰাম :- সনাতন ! মোৰ সেই বালকৰ ওপৰত
সম্পূৰ্ণ সন্দেহ হৈছে ৷ নিশ্চয় সি কোনোবা মায়াৱিনী, কোনোবা অসুৰৰ ইচ্ছাৰে তাক
এইদৰে লৈ গৈছেহি ৷
সনাতন :- মোৰো এই বিষয়ে সন্দেহ হৈছে
৷
সাত্যকি :- একো অসম্ভৱ
নহয় ৷ প্ৰদ্যুম্নক সূতিকা-গৃহৰপৰা শম্বৰে নিয়া আজি কিমান দিনৰ কথা !
বলোৰাম :- এৰা, বৰ
আচৰিত ৷ বলাহঁক এবাৰ অন্ত:পুৰলৈ যাওঁ ৷ সকলো উত্ৰাৱল হৈছে ৷
[সকলো যায়গৈ ৷]
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment