নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
চতুৰ্থ অঙ্ক
প্ৰথম দৰ্শন
[উষাৰ
অন্ত:পুৰৰ এটা কোঠা ৷ সন্ধিয়া লাগি আহিছে ৷অনিৰুদ্ধ আৰু উষাই দূৰৰ গবাক্ষ এখনৰ
ওচৰত বহি সন্ধিয়াৰ দৃশ্য চাই ভোল হৈ আছিল ৷ আন কোঠাত থকা সখীবোৰ বীণাৰপৰা মৃদু
মৃদু ঝঙ্কাৰ আৰু সুৰ আহি কাণত পৰিছিলহি ৷ উষা আৰু অনিৰুদ্ধই সেই দৃশ্য চাই নানা
কথা-বতৰা পাতি আছিল ৷ ]
অনিৰুদ্ধ :- উষা,
সঁচাকৈয়ে সন্ধিয়াৰ ৰ’দ পৰি তোমাৰ
মুখখন কেনে সুন্দৰ হৈছে !
উষা :- ইস্... নাই... [অনিৰুদ্ধৰ
আঙুলিকেটা চাই ]
নহয়,
চোৱাচোন তোমাৰ আঙুলিকেটা কেনে লনী, কেনে সুন্দৰ... মই বৰ ভাল পাওঁ ৷…
অনিৰুদ্ধ :- বাৰু উষা,
মই যেতিয়া প্ৰথমে তোমাৰ আগত ওলালোহি, তোমাৰ কেনে লাগিছিল ?
উষা :- [হাঁহি অনিৰুদ্ধৰ
মুখলৈ চাই থাকে ৷]
অনিৰুদ্ধ :- ভাবিছিলা
চাগৈ আপদটো ওলালহি...
উষা :- ইস্ ইস্....
অনিৰুদ্ধ :- নহয় জানো ?
উষা :- নহয় ; ওমাক দেখি মোৰ বৰ লাজ
লাগিছিল... তোমাৰ কাষলৈ গৈ তোমাক সাৱটি ধৰিবৰ মন গৈছিল.. পিছে ভৰিয়েহে যাব
নুখুজিছিল ৷
অনিৰুদ্ধ :- বাৰু এটা
কথা... উষা, তোমাক ভগৱতীয়ে বৰ সুন্দৰ সুন্দৰ নাচোন শিকাইছিল নহয়, ক’তা
মোক নেদেখুৱালা ?
উষা :- অঁ, শিকাইছিল ৷
অনিৰুদ্ধ :- বাৰু মোক
দেখুউৱাচোন ৷
উষা :- এতিয়াই নে ?
অনিৰুদ্ধ :- ওঁ,
এতিয়াই...
উষা :- বীণ বজাব কোনে ?
অনিৰুদ্ধ :- বাৰু সেয়া
বীণৰ মাত শুনিছাই নহয়... মই বাৰু হাতেৰে চাপৰি বজাই যাম... ওঁ ... ওঁ ৷
[উষা অলপ ৰয় ৷]
অনিৰুদ্ধ :- কি হল ?
উষা :- বাৰু... বাৰু নাচো ৷
[উষাই বৰ সুন্দৰকৈ লয়লাস গতিৰে ভৰি চলাই এটি নৃত্য কৰে... অনিৰুদ্ধই চাই
হাঁহি হাঁহি ওচৰলৈ যায়... ]
এইটোকে
প্ৰথমে মোক ভগৱতীয়ে শিকাইছিল ...
অনিৰুদ্ধ :- এনে সুন্দৰ
...
[উষাই বাধা দি ]
উষা :- বাৰু বাৰু, প্ৰশংসা কৰিব
নালাগে ৷
অনিৰুদ্ধ :- আৰু তুমি
বহুতো জানা, নহয় ?
উষা :- ওঁ পাছেকৈ দেখুৱাম ক্ষ
অনিৰুদ্ধ :- তেন্তে
তুমি আমাৰ তালৈ গলে তাৰ ছোৱালীবোৰক তোমাৰ এই নৃত্যবোৰ শিকাব লাগিব দেই ৷
উষা :- বাৰু... বাৰু ৷
অনিৰুদ্ধ :- [সন্ধ্যাৰ আকাশলৈ
চাই ] অ’
সৌৱা বেলি মাৰ যাব খুজিছে... সেইফালি আমাৰ ঘৰ... কেনে সুন্দৰ চোৱাচোন... উষা ....
[উষাই অনিৰুদ্ধৰ ডিঙিত ধৰি সেইফালে গৈ সন্ধ্যাৰ দৃশ্য চাই থাকেগৈ ৷ এনেতে
কোঠাৰ এমুৰেদি কুঁজী সোমাই আহি উষাৰ সৈতে অনিৰুদ্ধক দেখি বৰ আচৰিত হয় ৷ ]
কুঁজী :- [লাহে লাহে ] এঁ এঁ এইটো আকৌ ক’ৰ
ডেকা ? কি কথা, কি বতৰা ? আও বোপাই, যি উষাৰ অন্তেষপুৰত মাখি এটাও সোমাব নোৱাৰে...
এঁ, এইটো ক’ৰ ডেকা সোমাই এইদৰে ফুচ্ফুচ্
ফাচ্ফাচ্কৈ মেল পাতি আছেহি ! বৰ আচৰিত দেখোন ৷ বৰ সাহ দেখোন ৷ সিংহ খেন বাণ ৰজাৰ
অন্তেষপুৰত ... হায় হায়, যি ভয় কৰিছিল সেয়ে হল.... সেয়ে ক’ত
মৰিমগৈ ! দিনে-ৰাতিয়ে পালি-পহৰীয়াৰ ৰাইখ নাই ৷ তাৰ মাজতে ভাল এই কামোৰটো মাৰিলে ৷
ভাল মাৰিলে !
[অনিৰুদ্ধক ভালকৈ চাই ]
খালে খালে, ৰজাই মোক খালে ৷ ৰজাৰ কাণ ছুৱাই থওঁ !
[অনিৰুদ্ধক চাই ওলাই যায়গৈ ৷]
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment