অনুসন্ধান আকাংক্ষাত

Monday, February 11, 2013

নাটক - শোণিত কুঁৱৰী (৮)



নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

তৃতীয় অঙ্ক
তৃতীয় দৰ্শন

       [সন্ধ্যা সময়ত দ্বাৰকাৰ ৰাজালিত বালকবেশী চিত্ৰলেখা ৷]
চিত্ৰ :- এতিয়া মইতো বালকবেশী ৷ মোক আৰু চিনে কোনে ? মই এতিয়া এটি চিত্ৰ-বিক্ৰেতা ৷ পিছে অনিৰুদ্ধৰ মন্দিৰলৈ সোমাওঁ কেনেকৈ ?  মই কম, মই গন্ধৰ্ব্ব বালক, দেশে দেশে চিত্ৰ বেচি ফুৰো ৷ তেন্তে নিশ্চয় সোমাবলৈ দিব ৷ সন্দেহ কৰিবৰ কোনো কাৰণেই নাই ৷কুমাৰকতো আগেয়ে চাব লাগিব ৷ কুমাৰৰতো মন বুজিব লাগিব ৷ যদি সফল হওঁ, কুমাৰক নি যদি উষাক শোধাবগৈ পাৰো, কি আনন্দ, সখীৰেইবা কিমান আনন্দ হব !
            [এজন বাটৰুৱা আহে ৷]
বাটৰুৱা :- কৃষ্ণাই কৃষ্ণাই ! [চিত্ৰক দেখি ] এহে তুমিনো কৰ ? তুমি ইয়াৰে নে আন ঠাইৰ ? তুমি আন কৰবাৰ হবলা ?
চিত্ৰ :- সঁচা, আপুনি ঠিক ধৰিছে ৷ মই ইয়াৰ নহয়, আন ঠাইৰহে ৷
বাটৰুৱা :- কোন ঠাইৰনো ? তুমি ইয়ালৈ আহিছা কিয় ?
চিত্ৰ :- মই গন্ধৰ্ব্ব, মই এটি চিত্ৰ-বিক্ৰেতা ৷ মই দেশে দেশে চিত্ৰ বেচি ফুৰো ৷
বাটৰুৱা :- তুমি চিতৰ বেচা ? তোমাৰনো কি কি চিতৰ আছে ?
চিত্ৰ :- জগতৰ শুৱনী শুৱনী যুৱতীসকলৰ, নানান দৃশ্যৰ, আৰু আন আন চিত্ৰ আছে ৷ আপুনি কেখনমান লবনে ?
বাটৰুৱা :- বাৰু দিয়াচোন চাওঁ ৷ লমনো কি, আমি চায়েই তেও....
চিত্ৰ :- নিশ্চয়, নিশ্চয়, চাওক আপুনি... ৷
            [এজনী সুন্দৰী যুৱতীৰ ছবি দিয়ে ৷]
বাটৰুৱা :- অহ্‌ [ভালকৈ চাই ] বৰ সুন্দৰ... বৰ সুন্দৰ ৷ কিনো চাবা ? মুখকে চাবানে, দাঁতকে চাবানে, চুলিটাৰিকে চাবা ?... উস ! নোৱাৰি দেইহে, চকুত চমক্‌ লাগি যাব ৷
চিত্ৰ :- কি বাটৰুৱা কাই ! দেখোন থৰ লাগি চাই কিবাখন বকিছে ৷ কি হল, মন খাইছে নেকি ? মোৰ ইয়াত আৰু বৰ ভাল ভাল ছবি আছে ৷
বাটৰুৱা :- ওঁ খাবতো ! পিছে মন খালেনো হব কি ? নাখালেও বা হব কি ? আমি যেনে আছোঁ সেয়েই... উস্‌ মানুহজনীও কম ধুনীয়া নহয় দিয়া ৷
চিত্ৰ :- [হাঁহি ] বাৰু মানুহজনী যেনিবা নাপালেই, ছবিখনতো পাব ৷ ছবিখনকে লৈ নাযায় কিয় ? ইমানকৈ যদি মন খাইছে নিয়ক ৷ দামো সস্তা, বস্তুও বৰ ভাল ৷ আপোনাক বাৰু অলপ সস্তাতে দিম ৷
বাটৰুৱা :- এৰা, এৰা, সেইবুলিয়েই ধনকেটা সৰকাব খুজিছা হবলা ? এইখন নি আমি কৰিম কি ? ধোৱাঁচাঙত তুলি থৈ ইফালে মূৰ ভুকুৱাই মৰিলেহে হব !
চিত্ৰ :- যাওক হেৰি ! ধুনীয়া বস্তুটোনো কেনেকৈ এৰি যায় ? আপোনাৰ বাৰু ছবিখনলৈ মৰম লগা নাইনে ? নিয়ক, দাম সস্তা ৷ ঘৰৰ বেৰত আঁৰি থব ৷দেখি মনটোও ভাল লাগি থাকিব আৰু ঘৰটোও দেখিবলৈ শুৱনি হৈ থাকিব ৷
বাটৰুৱা :- এৰা, [মূৰ খজুৱাই ] তুমি দেখিছোঁ কম নহয় ৷ লবৰ মন গৈছে ৷ বাৰু দামনো কি ?
চিত্ৰ :- এ, দাম তেনেই সস্তা ৷
বাটৰুৱা :-  কিমাননো তেও ?
চিত্ৰ :- মাত্ৰ দহ সুবৰ্ণ মুদ্ৰা ৷
বাটৰুৱা :-  আও মোৰ মতা গোসাঁই ! আও মোৰ কলীয়া কৃষ্ণ গোসাঁই জুই-ছাই তপত, আও ছুবকে নিৱাৰি ৷ ছুবকে নোৱাৰো ৷ ওহোঁ...ওহোঁ....ওহোঁ ৷
চিত্ৰ :- ইমান সস্তা, আকৌ আপুনি দামহে বুলিছে ? আচলতে আপোনাৰ লবৰ মন নাই ৷
বাটৰুৱা :- নাই ... নলওঁ... নলওঁ... ওহোঁ...ওহোঁ ৷
            [যাব খোজে ৷]
চিত্ৰ :- বাৰু লব নালাগে ৷ এটা কথা সোধো, ৰাজকোঁৱৰহঁতৰ ঘৰ কোনফালে ?
বাটৰুৱা :- মানুহক সুধিলে গম পাবা ৷ এই বাটটোৱেদি গৈ থাকা ৷ বাৰু, এতিয়া যাওঁ হে, তুমি যাবা ৷
[বাটৰুৱাটো যায়গৈ ]
চিত্ৰ :- এৰা, এতিয়া কুমাৰৰ তালৈহে যাব লাগিল ৷ কিবা বুদ্ধি কৰি কুমাৰৰ সৈতে চিনাকি হোৱা যাওক ৷
            [এনেতে সনাতন সোমাই আহে ৷]
সনাতন :- তুমি কৰ ?
চিত্ৰ :- মই গন্ধৰ্ব্ব, চিত্ৰ-বিক্ৰেতা ৷ মই চিত্ৰ বেচি ফুৰো ৷
সনাতন :- তুমি ইয়ালৈ অহা কিমান দিন হল ?
চিত্ৰ :- মই এতিয়া আহি পাইছোহিহে ৷
সনাতন :- তুমি এতিয়া কৰ পৰা আহিলা ?
চিত্ৰ :- মই বহু ৰাজ্য ঘূৰি ঘূৰি আহিছোঁ ৷
সনাতন :- তুমিনো কি চিত্ৰ বেচা ?
চিত্ৰ :- মই সুন্দৰ সুন্দৰ দৃশ্যপট আৰু নানা সুন্দৰীসকলৰ পট বেচো ৷
সনাতন :- বাৰু এখন দেখুৱাঁচোন ৷
চিত্ৰ :- [এখন ছবি দিয়ে ] চাওক...৷
সনাতন :- [ছবি চাই ] বেছ সুন্দৰ ছবি ৷ বাৰু মই তোমাৰ কেইখনমান ছবি লম ৷ তুমি মোৰ সৈতে আহিব পাৰিবানে ?
চিত্ৰ :- লৈ কুমাৰ ?
সনাতন :- কুমাৰৰ প্ৰাসাদলৈ ৷
চিত্ৰ :- কুমাৰৰ প্ৰাসাদলৈ ? আপোনাৰ পৰিচয় মই পাব পাৰোনে ?
সনাতন :- ওঁ, মই কুমাৰ অনিৰুদ্ধৰ এজন বন্ধু ৷
চিত্ৰ :-  ভাল তেন্তে, বলক কুমাৰ ৷
সনাতন :- আহাঁ তেন্তে ৷ [আগবাঢ়ে ৷]
চিত্ৰ :- এৰা, এই সুবিধাতে অনিৰুদ্ধৰ কাষ চাপিবগৈ লাগিব ৷ [যায়গৈ ]

                                                                           (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: