ভলণ্টিয়াৰৰ দুখ
গান্ধীকথা শুনিবলে’
সদায় হুছিয়াৰ ৷
মই
ভলণ্টিয়াৰ ৷
উজনিত বোলে ‘সইত গাহৰি’
নামনিত
‘ভেলেণ্ডাৰ’
কোনোৱে
বোলে ‘চেচ্ছাসেৱক’
তথাপিও
মোৰ গৰম বুকত
স্বৰাজৰ
জুই
জ্বলিছে
ভম’ক্ ভমক,
স্বাধীনতা
আনিবলৈ
দেশত
লগাওঁ খলক্ ৷
গাঁৱত আছিলোঁ শুই
গান্ধীয়ে লগালে জুই
বন্দুক-বাৰুদ
নোহোৱাকৈয়ে
চাহাব
খেদাব পাৰি হেনো
এই
বুলি মিটিঙে মিটিঙে বক্তৃতা দিয়া শুনো ৷
আৰু কোনে পায় ?
হেৰৌ ভদীয়া ! হেৰৌ কাতিয়া ! আহ
বেগেতে
ওলাই,
ইংৰাজে নঙঠা পিঙঠা কৰিলে
কান্দিছে
ভাৰতী আই ৷
গান্ধীবাপু নহয় কম
বৃটিছ সাম্ৰাজ্যৰ সাইলাখ যম
কৰিহে এৰিব খেজেনা কম
কৈছে বোলে সুতা কাটিয়েই স্বৰাজসোপাকে ল’ম,
কটা-সূতাৰেই ইংৰাজখনৰ হাত-ভৰি বান্ধি থ’ম
৷
জেলৰ ভিতৰত বন্দী কৰি
ইংৰাজ
থৈছে ভাৰতী আই,
সেইহে গান্ধী জেলৰ ভিতৰলৈ
ঘনেপতি
সোমায় ৷
বাৰেপতি এপাক এপাক
শিকলি
আহে খুলি,
কোনোবা এপাকত উলিয়াই আনিব
কৰি
কিবা তালি-তুলি ৷
উনৈছে শ একইছ চন
গান্ধীয়ে পাতিলে অহিংস-ৰণ
জাকে জাকে ওলাল ল’ৰা,
স্কুল-কলেজৰ পৰা
ফিৰফিৰীয়া
ফিতাহী এৰি
পিন্ধিলে
দগধা চোলা
চহৰৰ
এৰিলে কোলা ৷
গাঁৱলৈ আহি বোকা ফেনেকি
ক’লেহি
উপাই নাই,
নিচিনি চিনিলোঁ আজিহে তোমাক
অ’
গাঁৱলীয়া কাই !
চহৰৰ বাবু চাহাবৰ কাবু
সিহঁতত
আশা নাই,
উঠা
গাঁৱলীয়া ভাই ৷
আহ ঐ মোৰ সোণাইহঁত ! চহৰৰ বাবুহঁত !
কিনো
নহবৰ হ’ল,
উকীলে এৰিলে কাছাৰী-ঘৰ
আধা-কৰাকৈয়ে কে’ছবোৰ
এৰি
গাঁৱলৈ মাৰিলে ভিৰাই লৰ
কলৰ-জপৰ
মোক্কেলৰ ৷
স্বৰাজ বিচাৰি ফুৰিছিলে গৈ
দিল্লীৰ
কৌঞ্চিল ঘৰত,
আছিল বোলে স্বৰাজজনী
মেমনী পোছাক পিন্ধি
ডাঙৰজনা লাটচাহাবৰ
অন্দৰমহলত
৷
ওচৰ চাপি শুঙি চালে
টেমা
টেমা গোন্ধায়,
সেইহে উকীল বাৰিষ্টাৰ
কৌঞ্চিলৰপৰা
ওলায় ৷
সেইজনী বোলে স্বৰাজ নহয়
ইংৰাজৰ
চাকৰণী,
চুমা দলিয়াই মেম্বৰলৈ
বঢ়োৱা
খেজেনাৰ
টকাৰ
টোপোলা
ভিতৰে
ভিতৰে গণি ৷
সেইহে আহে
ডাঙৰসকল
একো-নাই হৈ খঙত,
পাত-পাতকৈ বিচাৰে স্বৰাজ
গাঁৱৰ
বাঁহৰ তলত ৷
নোলোৱা গাখীৰ উলিয়াবলৈ
পোৱালিয়ে ঘনে ওহাৰত খুন্দিয়ায়,
সেইদৰেই
সাৰ নোপোৱা বসুমতীত
লেৰেলা গৰুৱে হাল খুচৰি খুচৰি বাই,
কোনোপধ্যে ঘৈনীজনীৰে ল’ৰা
দুটাৰে
পেটতো
প্ৰবৰ্ত্তাই,
বছৰে বছৰে খেজেনাই ভঙা
কঁকাল
থাকোঁ পোনাই ৷
এনে থলত আহিল দেখোন চহৰৰ বৰলোক
কিনো
খুৱাওঁ, কিনোঁ খুৱাওঁ
নিজৰে
নুগুচে ভোক ৷
খেজেনা কমাৰ আশা নাই
ঘৈনীৰ
নুশুনি মনা,
চুঙাৰ পৰা আনি দিলোঁ
সাঁচতীয়া
চাৰিঅনা
আশা
পালি বৰ
হ’লোঁ
কংগ্ৰেছৰ মেম্বৰ ৷
গাঁৱে গাঁৱে কত মিটিং
কংগ্ৰ্ৰেছৰ
কমিটিৰ ঘনাই ছিটিং,
তৰ্জ্জন হ’ল,
গৰ্জ্জন হ’ল
বৰ্জ্জনৰ
ঢৌ বিয়পি গ’ল ৷
ৰাইজ
উঠিল জাঙুৰ খাই,
গৱৰ্ণমেণ্টে তভক্ মাৰি
কি কৰোঁ, কি নকৰোঁ বুলি
থাকিলে
ছল চাই ৷
ভলণ্টিয়াৰত লিখিলোঁ নাম
কৰিব লাগিব দেশৰ কাম
লৰি-ঢাপৰি
ঢপলিয়াই
ফুৰিলোঁ
গাঁও-ভূই,
কংআৰ ঢৰা-চাপৰেৰে
জগালোঁ
মোৰে দৰে ডেকা
যি
আছিলে শুই ৷
আন্দোলনৰ গণ্ডগোলে
ঘনাই
ফিৰিঙতি তোলে,
দেখি আমাৰ পিকেটিং
ওলাল চিপাহী ঘিটিংটিং
সুবিধা
পালে ভলণ্টিয়াৰক
চৰ-গটাটো
মাৰে ;
কানীয়া কাইৰো সাহ বাঢ়িল
নলীয়া কটাৰী জোকাৰি জোকাৰি
গান্ধীক
গালি পাৰে ৷
মহলদাৰেও কেদিনমান
হাঁহিলে
মিচিকিয়াই,
পিছত বিক্ৰী কমা দেখি
আমাক
চকু পকায় ৷
চিপাহীৰে স’তে
কথা পাতি
আমাক দোকানলে’
মাতি
ভিতৰ
চোতাললৈ নিলে,
আমাৰ পিঠিত ঔফুল বাছিলে
গুৰুলা-গুৰুল
কিলে ৷
পায়ো
পুলিচৰ ব্ৰহ্মখুন্দা
দোকানৰ আগত থাকিলোঁ বহি
যেন
পৰ দিয়া বোন্দা ৷
বুকুৰ ভিতৰত হিংসা-বাঘে
যেন
পিঞ্জৰাত বনাই
গুজৰি-গুমৰি বাৰে বাৰে
আহিব
খোজে ওলাই ৷
অহিংস বাণীৰে তাক খুচি খুচি
থওঁ
ভিতৰলৈ সুমাই,
তথাপিও সি মাটিত কামুৰি
আছেই
গোৰগোৰাই ৷
[জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱৰ কবিতা]
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment