অনুসন্ধান আকাংক্ষাত

Thursday, February 21, 2013

নাটক – কাৰেঙৰ লিগিৰী - প্ৰথম অঙ্ক - প্ৰথম দৰ্শন



নাটক কাৰেঙৰ লিগিৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

প্ৰথম অঙ্ক
প্ৰথম দৰ্শন


[কাৰেঙ- সুন্দৰ কোঁৱৰৰ শোৱনি-কোঠা ৷কোঠাৰ সোঁ মাজতে পাছৰ বেৰৰ দাঁতিলৈ পথালিকৈ এখন সিংহৰ মূৰ আৰু আগ ভৰিৰ ওপৰত থিয় হোৱা ঠগৰ খূৰা লগোৱা সোণখটোৱা চালপীৰা ৷পাছফালৰ বেৰত তিনিখন ডাঙৰ ডাঙৰ ৰূপৰ দাপোন ৷ পালেঙৰ ওপৰত বৰ ডাঙৰ সোণৰ বৰজাপি এটা তৰি থোৱা আছিল ৷ কোঠাটোৰ বাওঁফালে তিনিগছি শলিতাৰ বন্তি এটা ওপৰৰপৰা ওলোমাই থোৱা আছিল ৷ চালপীৰা আগত সোঁফালে অলপ আঁতৰত এখন বৰপীৰা ৷ তাৰ শকত শকত খুৰাবোৰত সোণ-ৰূপৰ ফুলকটা আৰু ওপৰত এখন ডাঠ দলিচা পৰা ৷তাত এদম হাতেলিখা পুঠি ৷ চালপীৰাৰ বাওঁফালে হাতেৰে ঢুকি পোৱাত চালপীৰাৰ সমান ওখ এখন বৰ বহল সোণৰ শৰাই ৷ তাতো বহু পুঠি ৷ কোঠাটোৰ সোঁ আৰু বাওঁফালৰ বেৰত দুখন দুৱাৰ ৷ দুৱাৰৰ ওপৰভাগ কলডিলৰ গঢ়ৰ, ৰূপৰ আৰু ফুল কটা, কোঠাৰ ভিতৰলৈ মেল খায় ৷এতিয়া দুয়োখন জপোৱা আছে ৷ আঁৰ-কাপোৰ তুলিলত সুন্দৰ কোঁৱৰক চালপীৰাৰপৰা ভৰি ওলোমাই গাৰুত আঁউজি কপালৰ গাঁঠি থোপাকৈ ওলমি থকা চাকিটোৰ ফালে থিৰ চকুৰে চাই, গালত হাত দি, কিলাকুটিৰে গাৰুত ভৰ দি বৰ চিন্তাকৈ থকা দেখা গল ৷সুন্দৰ যদিও বয়সত ২৮ বছৰীয়া, কিন্তু মুখৰ ভাব কিছু বয়সীয়াৰ দৰে ৷ দীঘলীয়া মুখেৰে দেখিবলৈ ধুনীয়া ৷ গাৰ বৰণ গৌৰ ৷ নিপোটল যদিও শকত নহয় ৷ সুন্দৰে সেইদৰে অলপ সময় আনি চকু ফুৰাবলৈ ধৰোতেই সোঁফালৰ দুৱাৰত কোনোবাই খুন্দিয়ায় সুন্দৰে সাৰ নিদিয়ে ৷ আকৌ খুন্দিয়ায় আৰু মাতে সুন্দৰ অ সুন্দৰ, দুৱাৰ মেলচোন ৷ এইদৰে সুন্দৰে অলপ চক্‌ খায় আৰু দুৱাৰৰ ফালে চকু ঘুৰায় ৷ খুন্দিউৱা বাঢ়ে আৰু বিৰক্তিৰে উঠি গৈ দুৱাৰৰ ডাঙ খুলি দি তিনি খোজ পাছলৈ আহি, তীব্ৰভাৱে দুৱাৰৰফালে চাই থাকে ৷ দুৱাৰ মুকলি হয় ৷ ৰাজমাও সোমাই আহে ৷বয়স প্ৰায় ৫০ অৰ ওপৰ ৷ চুলি আধাপকা ৷ বাৰ্দ্ধক্যৰ ছাঁ পৰিছে যদিও খোজে-কাটলে আদবয়সীয়াৰ দৰেহে ৷ৰাজমাৱে কিবা এটা কব খোজোতেই সুন্দৰে কয় ৷]
সুন্দৰ :- আইতা , তুমি মোৰ মূৰটো ঘোলা নকৰা মানে নেৰা নেকি ?  দিন নাই ৰাতি নাই সেই একেটা কথা ! তোমাৰ আৰু ভাবিবলৈ কৰিবলৈ একো নোহোৱা হল নেকি ?
            [বৰ বিৰক্তিৰে ৰাজমাওৰ ওচৰৰপৰা আঁতৰি গৈ বৰপীৰাত বহি পুথিবোৰ লৰাই লৰাই খংমুৱা হৈ বহি থাকে ৷]
ৰাজমাও :- [খং উঠে যদিও নিজকে চম্ভালি কোমল মাতেৰে] তইনো কেনেকৈ জানিলি মই সেই একে কথাকে...
সুন্দৰ :- জানিবলৈ আৰু ভাবিব লাগিছে নে ? সেই একেটি কথাৰ বাহিৰে তোমাৰ আৰু কি কথা থাকিব পাৰে ? তোমাৰ আজি এই কেবছৰে চিন্তা সেইটিয়েই ৷ কামৰ ভিতৰত মোক সেই একেটি কথাকে দিনটোত দহবাৰ শুনাই চৌধবাৰ আমনি কৰিবা ৷
ৰাজমাও :- আজি বা আন কথাকে....
সুন্দৰ :- আজি তেন্তে ভূতৰ ওপৰতে দানহ ৷ [ৰাজমাওলৈ চাই]  কিনো আকৌ ন বতৰা ?
ৰাজমাও :- স্বৰ্গদেৱ ঈশ্বৰ বুঢ়া হৈছে ৷ ৰাজ্যভাৰ তোমাক দি ধৰ্ম্ম কাৰ্য্য সাধিবৰ মন ৷
সুন্দৰ :- পিতৃৰ বোজা পুত্ৰই বব ৷ তাতনো সুধিবৰ কি আছে ?
            [ৰাজমাও কিছুপৰ মনে মনে থাকি যাব খোজে... পিছে কওঁ-নকওঁ কৈ ৷]
ৰাজমাও :- পিছে ৰজা হৈ বহিবলৈ গলে....
সুন্দৰ :- বিবাহ কৰিব লাগিব ৷ তাকে কোৱা, তাকে কোৱা ৷
            [ডাঙৰকৈ হাঁহে ৷ ৰাজমাও অপ্ৰস্তুত হয় ৷ সুদৰ্শন আৰু অনঙ্গৰাম সোমাই আহে ৷ দুয়ো সুন্দৰৰ বয়সীয়া ৷ সুদৰ্শন গৌৰ বৰণৰ, মুখ ঘূৰণীয়া ৷ অনঙ্গৰাম শাও বৰণীয়া আৰু দীঘলীয়া মুখৰ আৰু কুন্দত কটা গঢ়ৰ ৷ অনঙ্গই এবাৰ সুন্দৰৰ ফালে আৰু এবাৰ ৰাজমাওৰ ফালে তীব্ৰভাৱে চাই, তেওঁলোকৰ ভিতৰত হোৱা কথাৰ আভাস পাবলৈ চেষ্টা কৰে ৷]
অনঙ্গ :- [হাঁহি ] হাঁহিবৰ নো কি কথা হল মোৰ বান্ধ ?
সুন্দৰ :- [ডাঙৰকৈ হাঁহি] অনঙ্গ মোৰ বান্ধ.... তিৰোতা... বান্ধ ! তিৰোতাৰ বুদ্ধি মূৰৰপৰা নোলায়.... পেটৰপৰাহে ওলায় ৷ [হাঁহে ]
ৰাজমাও :- [সুদৰ্শনক ] বাপা সুদৰ্শন, ঠিক জানিলো ইয়াৰ কিবা মূৰৰ বিকাৰ হৈছে ৷ ইয়াক শাস্ত্ৰই নুশুজে ৷
            [সুন্দৰে আকৌ ডাঙৰকৈ হাঁহে ৷ এইবাৰ ৰাজমাৱে নোৱাৰো তোৰ লগত মোৰ বোপাই বুলি তাৰপৰা ওলায় যায় ৷]
সুদৰ্শন :- কিনো কথাত হাঁহা ৷ মইয়ো নুবুজাকৈয়ে হাঁহিছো ৷ কথাৰ গুৰিনো কত ?
সুন্দৰ :- এ, আইদেউতাৰ মূৰৰ কটুৰ মাটিত ৷ আজি মোৰ আইয়ে ৰাজমুকুটৰ ভিতৰত কইনা এজনী লুকাই আনিছিলে মোৰ বান্ধ ... ৰাজমুকুটৰ ভিতৰতে ৷
অনঙ্গ :- [কৃত্ৰিমালিৰে] বৰ ভালৰে কথা ৷ পিছে বান্ধই বা কি কলে ?
সুন্দৰ :- ৰাজমুকুটটো গধুৰ ৷ তাৰেই ভাৰ দুৰ্ব্বহ ৷আৰু নো আন এটা ভাৰ তাত কিয় ?
            [অনঙ্গ আৰু সুদৰ্শনে হাঁহে ৷]
সুন্দৰ :- [চিন্তাযুক্ত হৈ] বন্ধু, তোমালোকে যিয়েই কোৱা লাগে, মই আইৰ প্ৰস্বাৱত মত নিদিওঁ ৷ বন্ধু, ইয়াৰপৰা মোক তোমালোকে উদ্ধাৰ কৰিব নোৱাৰানে ?
সুদৰ্শন :- মোৰ কিন্তু মত আন ৷ বিবাহ বান্ধনিত সামাজিক আৰু শাৰীৰিকভাৱে সোমাইও তুমি মন আঁতৰত ৰাখিব পাৰা ৷সিয়ে হলে সামাজিক প্ৰথাও উলঙ্ঘন নহয়, একো ক্ষতি নহয় ৷
সুন্দৰ :-ব ৷ তিৰোতা আৰু খোঁচৰা ব্যাধি একে বস্তু ৷ তাৰ এবাৰ সংস্পৰ্শত আহিলে সি তোমাক জুৰি লব ৷ সেই কাৰণে মুক্তি আৰু শান্তিপ্ৰয়াসী মুনি-ঋষিসকলে, আমাৰ ধৰ্ম্মৰ বহু শাস্ত্ৰই কামিনী-কাঞ্চন ত্যাগ কৰি তাক দূৰত বিদূৰ কৰিবলৈ কৈছে ৷তেওঁলোকৰ বহু গৱেষণা, চিন্তা আৰু অভিজ্ঞতাৰ ফলত এনে এটা যেতিয়া মোৰ মন:পূত হৈছে ; তোমালোকে বলেৰে মোক কিয় আন বাটেদি নিব খুজিছা ?
সূদৰ্শন :- সেইবোৰ শাস্ত্ৰকাৰ আৰু মুনি-ঋষিৰ মনৰ বেমেৰুৱা অৱস্থাত সপোনত দেখা পন্থা ৷ সেইবোৰ মাত্ৰ অলঙ্কাৰ আৰু ছন্দ শাস্ত্ৰ-সন্মত শ্লোক ছন্দৰে লিখা মিছা যুক্তিপূৰ্ণ প্ৰলাপৰ বাহিৰে আন আকো নহয় ৷
সুন্দৰ :- বেছ বেছ, বেছ কলা কিন্তু ৷ সেই বুলি সহজে তোমাৰ যুক্তিত মই পতিয়ন যাম বুলিও নাভাবিবা ৷ বন্ধু, তোমাৰ তৰ্কৰপৰা আমাক ৰেহাই দিব লাগে ৷ তৰ্কৰ জালেৰে বুকৰ ভাব বন্দী নহয় ৷[কিছুপৰ তলকা মাৰি থাকি ] নহয় নহয়, মোৰ বিবাহ নহব ৷ মোৰে সৈতে আৰু তৰ্ক নকৰিবা ৷ বিয়াৰ ৰভাঘৰৰ তলেদি অগ্নিক সাক্ষী কৰি, কন্যাৰ আঁচলৰ গাঁঠিতহে যদি মোৰ ৰাজমুকুট আহিবৰ বাট... তেন্তে সি দূৰতে থাওক ৷সম্বন্ধ নথকা কথাৰে বিশেষ সম্বন্ধ পাতে তাক অছেদ অভেদ বুলি দেখুৱাব পৰা অলীকপ্ৰিয় তিৰোতাৰ ইও ওজা কাৰিকৰী ৷
            [ৰাজমাও বৰ খঙমুৱা হৈ সোমাই আহে ৷]
ৰাজমাও :- মোৰ তৰ্কবাগীশ পুত্ৰ.... তই ইয়ালৈকে শাস্ত্ৰ পঢ়িলি ৷ বেদ-বেদান্তই ইয়াকে কয় ? পুৰাণ-ভাৰতে মাতৃ আজ্ঞা লঙ্ঘন কৰিবলৈ কায় ? [বৰ অধৈৰ্য্য হৈ ] মোৰ বাপ ! আজি তিনি বছৰে মাৰক তিল তিল কৈ পুৰিছ ৷ আৰু নো কিমান দিন মোক এনে কষ্ট দিবি ? তৰ্কেৰে ৰাজ্য নচলে, বুঢ়া বাপেৰ সন্তুষ্ট নহয় ৷ জনম দিয়া মাৰৰ পেটৰ পোৰণি নুগুচে ৷
            [অনঙ্গ উঠি ৰাজমাওৰ ওচৰলৈ আহি ]
অনঙ্গ :- ৰাজমাও দেউতা, অধৈৰ্য্য হবৰ একো কাৰণ নেদেখোঁ ৷ অপেক্ষা কৰক মাও ৷ সুন্দৰৰ মতি-গতিৰো সালসলনি হবৰ সময় আছে ৷ বিবাহৰ বয়সো উকলি যোৱা নাই ৷ ইজনী কন্যাক অমত হবও পাৰে ৷ আন কন্যা চাইচিতি সুন্দৰৰ মত সুধিলেও হব মাও ৷ খৰ-খেদানো কিয় ? শান্ত হওক ৷
সুন্দৰ :- [ৰাজমাওক ] তুমিও মোৰ যেনে মাও, মইয়ো তোমাৰ তেনে সন্তান ৷ তুমিও নেৰা মইয়ো নেৰো ৷ তুমি আৰু মোক আমনি নকৰিবা ৷ মোক বিবাহৰ কাৰণে এনেকৈ আমনি কৰিলে মই কাৰেঙ, ৰাজ্য এৰি দি গুচি যাম ৷ বিয়া সুন্দৰে নকৰায় ৷
অনঙ্গ :- বান্ধ তুমি দিনে দিনে লৰা হৈহে আহিছা.... বলা ইয়াৰপৰা, আহা ৷
            [এই বুলি বাহুত ধৰি সুন্দৰক সোঁফালৰ দুৱাৰেদি লৈ যায় ৷ সুদৰ্শনো পাছে পাছে যায়গৈ ৷ ৰাজমাৱে তাত কিছুপৰ থিয় দি থাকি দীঘলকৈ হুমুনিয়াহ পেলায় ৷ঘূৰিপকি কোঠাটোৰ চাৰিফালে চাবলৈ ঘৰে ৷ বৰশৰাইখনৰ ওচৰলৈ গৈ পুথি=পাঁজিবোৰ লুটিয়াই-পুটিয়াই চাই পুথিবোৰৰ ওপৰত বৰ বিৰক্তিৰ ভাব প্ৰকাশ কৰে ৷]
ৰাজমাও :- এই পুথি-পাঁজিবোৰেই ইয়াৰ কোমল মতি অবাটে নিলে ৷ এইবোৰে ইয়াৰ মূৰটো ঘোলা কৰিলে ৷
            [বাওঁফালে ছোৱালীৰ হাঁহি-খিকিন্দালি ৷ ৰাজমাৱে সেইফালে ঘূৰি খঙেৰে ]
            কোন সেই কেজনী তাত ? [ভিতৰৰপৰা আমি ৰাজমাও দেউতা]
ৰাজমাও :- শেৱালি ৰেৱতী !  এইফালে আহহঁক ৷ [শেৱালি ৰেতী লৰা-ঢপৰাকৈ সোমাই আহে ৷শেৱালিয়ে এযোৰ কলপতীয়া গাত বগা ফুলীয়া ৰিহা-মেখেলা বিন্ধে, বয়স প্ৰায় সোতৰ-ওঠৰমান ৷ দেখিবলৈ বৰ ধুনীয়া আৰু বগা ৷ মুখত এটা কোমল কৰুণ ভাব ৷ ওখ, পাতল গঢ়ৰ আৰু লাহী কঁকালৰ ৷ খোজত গাম্ভীৰ্য্য ৷ ৰাৱতীৰ গাত ৰঙা ফুলাম ৰিহা-মেখালা ৷ বৰ ওখ নহয় ৷ স্বভাৱতে লচপচী ৷ শাও বৰণীয়া সুন্দৰী ৷ চকুত এটা আক্ৰোহৰ আৰু বিৰক্তিৰ ভাব বৰ্ত্তমান, বয়স ২০ মান হব ৷]
            তহঁতৰ গাত কি লাগিছে ৷ হাঁহি-খিকিন্দালিত কাৰেঙ উৰাব ধৰিছ ৷ কিনো কৰিছিলি তাত ?
ৰেৱতী :- [অলপ পৰ ৰৈ] মূৰ মেলাইছিলোঁ ৰাজমাও দেউতা ৷
ৰাজমাও :- [বিদ্ৰূপেৰে] মূৰ মেলাইছিলে মোৰ অপেচৰীহঁতে ৷ ঘৰৰ বন-বাৰী এৰি আইদেউহঁতে দাপোণ চাই সেওঁতা ফালিছিলে ৷ ধুন মাৰি, ধুন মাৰি, গা দেখাই গা দেখাই মোৰ লৰাটোক বলিয়া কৰিলে ৷ [শেৱালি ৰাৱতীক তলমূৰ কৰি থকা দেখি] এতিয়া অপেশ্বৰী আইটীহঁত... নখে মাটি লেখি থাকিব নালাগে ৷ হাতে হাতে বন ধৰিব পায় ৷ পুঠি-পাঁজিবোৰ সিঁচৰতিকৈ কেনেকৈ থৈ গৈছে... সজাই থহঁক ৷
            [তাৰ পাছত খঙেৰে নিজে গৈ পুঠি কিছুমান থাক কৰি]
            তাৰ মূৰত কিবা যখিনী-শাঁকিনীয়েহে বাহ লৈছে ৷শাস্ত্ৰ... শাস্ত্ৰ পঢ়িছে ৷ শাস্ত্ৰ পঢ়ি অশাস্ত্ৰীয় মতৰ বৰভেটি বান্ধিছে ৷
            [ৰাজমাও বেগেৰে বাওঁফালেদি ওলায় যায়গৈ ৷ শেছালি আৰু ৰেৱতীয়ে ৰাজমাওৰ ফালে চাই থাকে ৷ ৰাজমাও ওলাই গলত ৰেৱতীয়ে মুখখন বেকেটা কৰি গাটোৰে বিৰাগসূচক ভঙ্গি কৰি উচাট মাৰি যোৱাদি গৈ পালেঙত সিঁচৰতি হৈ থকা পুঠিবোৰ গোটাবলৈ লাগি শেৱালিৰ ফালে ডিঙি বেঁকা কৰি চায় ৷ শেৱালিয়ে তলমূৰকৈ ৰিহাৰ আঁচলটো চিকুটা চিকুটিকৈ থকা দেখি ]
ৰেৱতী :- বোলো শেৱালি ভনীটিৰ গাত বৰকৈ বাজিলে নেকি ? [আনফালে মুখ ঘূৰাই] বাজিবতো ৷
শেৱালি :- [অভিমানেৰে ] তোৰ নালাগিব পাৰে ৷ মইতো তোৰ দৰে মানুহৰ মন ভুলাবলৈ গোন্ধতেল ঘঁহি নুফুৰো নহয় ৷
ৰেৱতী :- উ... এতিয়া মোৰ গাতহে খোপটো লাগিলগৈ ? মইয়ে চাওঁ নে আন কোনোবাই, বুজোতাই বুজি কৈ গল নহয় ৷ উলুৰ লগতে মই মাজতে পুৰিলোঁ ৷
            [শেৱালি কিছুপৰ মাতিব নোৱৰা হৈ থাকে ৷ওঁঠত এটা দুষ্টালিৰ হাঁহিৰে ] ভনীটি, বোলোঁ মাত-বোল হৰিল দেখোন ? কথা গৈ গাজত লাগিলগৈ হবলা ৷
শেৱালি :- তোৰহে ভিতৰি ভিতৰি তেনে মন হব পায় ৷ মোৰ কথা কোৱাৰ ছলেৰে নিজৰ মন উবুৰিয়াই দিছ ৷
ৰেৱতী :- উ... আমি এতিয়া কুঁৱৰীজনী হবলৈহে আশাপালি আছোঁ ৷ [হাঁহি ] এৰা এৰা এইবাৰ কুঁৱৰী হৈ বহি শেৱালি সতিনীক চুলিত ধৰি বনবাস দিম ৷ মোৰ গোসাঁই ঐ... দেকা-বুঢ়াটোলৈ তোৰ মন খালে বুলি আটাইৰে মন খাবনে ? আমি কোঁৱৰ দৰা বিচাৰি ফুৰা নাই নহয় ৷

কাঁহীত নাখাওঁ                 বাটিত নাখাওঁ
          নাখাওঁ সঁফুৰাত গুৱা,
মনৰ জোখাই                   নাপাওঁ মানে
          দেহাকো নকৰো চুৱা ৷

শেৱালি :- তই মুখ ৰাখি কথা কোৱা ভাল, বুজিছ ৷
ৰেৱতী :- তোৰ বুকত হবকা বেজাৰে খুন্দামাৰি ধৰিলেগৈ ৷ পিছে নেচেল, যিয়েই আলচাঁ মিছা ৷ কুঁৱৰী হবলৈ নোপোৱা ৷ পৰ্ব্বতত কাছকণী, সাগৰত জুই, তাক নিবিচাৰি থাকিবা শুই ৷ কোঁৱৰে তোক অলপ মৰম কৰে দেখি হবলা বৰকৈ মুখ মেলিছ ? অস্‌ অস্‌ আশাধাৰী জীৱ ঐ !
শেৱালি :- সেয়েহে হবলা তোৰ চকু চৰহিছে !
ৰেৱতী :- এৰা এৰা হয়তো ৷ সেইফেৰিৰ তুমিয়েই গৰাকী হোৱা ৷ আমাৰ ভাত নোযোৱা হোৱা নাই ৷ লাজো নাই কটা ৷ ভালেটোহে ৰাজমাৱে গেজেৰ কৰে সেইষাৰ মাৰি গল ৷
শেৱালি :- থাক তেনে তয়ে ইয়াতে ৷
            [এই বুলি শেৱালিয়ে কন্দনামুৱা হৈ বাওঁফালেদি ওলাই যাবলৈ দুৱৰমুখ পাওতেই ভিতৰৰপৰা বপুৰা আহি আগভেটি ধৰেহি ৷ শেৱালিয়ে তাৰপৰা আঁতৰলৈ আহি তললৈ চাই চকু মোহাৰে ৷ বপুৰা আহি একো কথা বতৰা নকৈ শেৱালিৰ ভৰিৰপৰা মূৰলৈকে চাই... তললৈ মূৰকৈ জুমি চকুৰ পানী চায় ৷ বপুৰা বয়সত যদিও মানুহটো বুঢ়াঅঁহীয়া, তেনেই চুটি-চাপৰ আৰু গাঁঠলু ৷ মুখত বৰ ডাঢ়ি-গোফ গজা নাই ৷ পাহ-কটা চুলি ৷ শাওবৰণীয়া ৷ মুখখন দেখিলেই হাঁহি উঠা ৷ নোম-টেঙৰ ৷আঁঠুমূৰীয়া চুৰীয়া আৰু কলা হাতখঁৰা গা চোলা পিন্ধা ; কাণত কেৰু, ডিঙিত সৰু মাদলী ৷ ]
বপুৰা :- বোলো মেঘৰ গাজনি নেমাৰোতেই দেখোন হোৰ হোৰকৈ বৰষুণ ?
শেৱালি :- যা মোৰে সৈতে চুপতি নকৰিবি ৷
বপুৰা :- [ধেমালীয়াভাৱে আচৰিত হৈ ] ঔ আই টোৱাবকে নোৱাৰি দেখোন !
            [ৰেৱতীৰ ওচৰলৈ গৈ ফুচফুচাই কিবা সোধে ]
ৰেৱতী :- [ভেকাহি মৰাৰ দৰে ] কি ডালনো মই কবলৈ যাম ৷ মোৰ কিহে পাইছে ৷ যি কব লাগে সেয়ে কৈছে ৷
বপুৰা :- কোনে কোনে ? কি কলে ?
ৰেৱতী :-  [আনফালে মুখ ঘূৰাই, পালেঙৰ কাপোৰ টনা-আঁজোৰা কৰি ] ৰাজমাও জানো কেঁচুৱা ছোৱালীজনী ৷ কাৰ কেনে পাঙ... নুবুজে জানো ?
বপুৰা :- পাঙ ? কি পাঙ ? এইখননো আকৌ কি টাং বাং !
শেৱালি :- [খঙেৰে ৰেৱতীৰ ওচৰলৈ আহি ] তই এনেকৈ সঁচাই মিছাই এইবোৰ কৈ নাথাকিবি ৷ তই এনে নিলাজী বুলি...
ৰেৱতী :- [উভতি ] মই নিলাজী নে আন কোনোবা...
            [এই বুলি দুয়োৰে ফালে খঙ ভাৱত থৰ লাগি প্ৰায় চুলিয়া-চুলি কৰা ভাব দেখুৱায় ৷ তেকে দেখি বপুৰাই গা ভেঙুৰা-ভেঙুৰি কৰি ]
বপুৰা :- চেংকলি নিকলি
                   কাঁহী-বাটি নুধুলি
                             ঠেহ পাতি নাখালি ভাত,
          সাতপুৰীয়া সেন্দুৰৰ
                   যোৰ ফোট মাৰিলি
                             গোন্ধ তেল ঘঁহিলি গাত ৷
            [শেৱালি-ৰেৱতীয়ে হাঁহি ৰাখিব নোৱৰা হৈ মুখত সোপা দিয়ে ]
ৰেৱতী :- যা কটা এই পাট ৷
বপুৰা :- [কৃত্ৰিম ক্ৰোধেৰে ] ওঁ কি কলি ? কি কলি ? মই লিগিৰী বৰাক এই পাট বুলিলি ? বৰ সাহ পালি দেখোন ? অ [চকু টেলেকা  কৰি তাইৰ ভৰিৰপৰা মূৰলৈকে চায় আৰু নাকেৰে মাতি] এই [শেৱালিলৈ আঙুলিয়াই] কলি কঁঠালৰ এঠা উলিয়াই মই বুঢ়াটোকো টুকুৰিয়াই চাইছ হবলা ? একেপাট চৰতে শালিম বুলি জনা নাই !  জিভাত লেগাম লগাই কথা কবি ৷
            [ৰেৱতী উচাট মাৰি ভোঁ ভোঁ কৰে তাৰপৰা ওলায় যায়গৈ ৷ বপুৰাই তাই যোৱা ফালে কিছুপৰ খঙ ভাবেৰে চাই থাকি পাছত ইফালৰপৰা সিফালে টহলি শেৱালিৰ ওচৰলৈ আহি ]
            তাই বেটী কম নহয় ৷ [অলপ হঁহা যেন কৰি] আন্দাজটো পিছে হওতে হয় দেইবা ৷
শেৱালি :- [আচৰিত হৈ] কি হওতে হয় ?
বপুৰা :- [নিজৰ অনুমানতে বিশ্বাস থাপি ] হো হো হো হো ৰাজমাৱে কথাটো টং কৰিছে ৷ আটায়ে কৰিছে, পিছে তইহে বিটং কৰিছ ৷
শেৱালি :- কি কয় অ এইটোৱে ৷ ঠাৰে-চিয়াঁৰে কোৱা কথাবোৰ মই নুবুজো পাই ৷
বপুৰা :- [নিজৰ অনুমানত সন্দেহ কৰি ] তোকনো ৰাৱতীয়ে কি কৈছিল ?
শেৱালি :- যোৰাই দিছিল ৷
বপুৰা :- [বৰ ৰং পাই ] হে হে দিবতো নিদিব কিয় ? তোকে মোকে সকলোৱে ভাল যোৰ হব বুলি দেখিছে দেখিহে আকৌ ৷
শেৱালি :- কটা লাজো নালাগে ৷ তোৰে সতে....তোৰে সতে হবলা ?
শেৱালি :- [তললৈ মূৰকৈ] কোঁৱৰৰে সতেহে ! [সৰুকৈ ] মি...ছা কৈয়ে ৷
বপুৰা :- [অতি বিৰক্তিৰে ] ক...টা [শেৱালিৰ ভাব-ভঙ্গিলৈ সন্দেহেৰে লক্ষ্য কৰি অলপ দূৰলৈ আঁতৰি যায়... আৰু গহীন হৈ] বাৰু তাইক মই ইয়াৰ পৰতিফল দিম ৷বাৰু তই এতিয়া তোৰ বনত ধৰ [বিচাৰকৰ গাম্ভীৰ্য্যৰে] বাৰু মই ইয়াৰ শোধ কৰিম ৷
            [এই বুলি বপুৰা বৰ অসন্তোষ মনেৰে, কিন্তু গহীনভাৱে সোঁ দুৱাৰলৈ যায় আৰু উভতি উভতি শেৱালিলৈ চায় ৷ একো উভতি কথা পাতিবলৈ শেৱালিয়ে সুবিধা নিদিয়া দেখি ওলাই গৈ দুৱাৰখন ধুম কৰে জপায় যায় ; শেৱালি তাত কিছুপৰ নিমাত হৈ গুণা-গঁথাকৈ থাকি লাহে লাহে পালেঙৰ ওচৰলৈ গৈ পুথিবোৰ সজাই দিহা লগাই থবলৈ ধৰে ৷ মাজে মাজে কিবা ভাবি-গুণি ৰ লাগি ৰৈ থাকে ৷ লাহে লাহে তাই আপোন-বিভোৰা হৈ আহে ৷ আগতকৈ খৰধৰকৈ অহা-যোৱা কৰে ৷ তাইক অলপ উত্ৰাৱল যেন দেখা যায় ৷হঠাৎ এবাৰ খৰকৈ গৈ দাপোনৰ ওচৰত ৰয়গৈ ৷ মূৰৰ চুলি ভালকৈ লয় ৷ আকৌ পালেং সজোৱা লাগে ৷ কিবা মুখৰ ভিতৰতে গুণগুণাবলৈ ধৰে ৷লাহে লাহে তাই কিবা সুখ-সপোনত পাগলী হোৱাৰ দৰে কোঠাটোত ঘূৰি ফুৰি মাজে মাজে দাপোন চাই, আপোন-পাহৰা হৈ নাম গাই মতলীয়া হৈ থাকে ৷]

নাম:-

সোণৰ পালেঙত অ মনেতৰা  
          সোণৰে পালেঙত অ মনেতৰা ৷
ধুনীয়া কোঁৱৰৰ ঘুমটি নাহিলে
         কপাহৰে তলিচা পৰা মনেতৰা
                  সোণৰে............
চাতোনৰ দলিচা পাৰি দিয় শুবলৈ অ মনেতৰা
বগলীৰ পাখীৰে গাৰু দিম শুবলৈ অ মনেতৰা
ওপৰে তৰি দিম মৰাৰে পাখীৰে
         চান্দোৱা তৰাফুল বছা মনেতৰা
                  সোণৰে...........
পদুমৰ পাহিৰে গুঠি দিম বিচনী
         বা দিম সুৰভি ভৰা মনেতৰা
কাষতে লিগিৰী বহিনো নামে গাম
কোনোবা বিতোপন দেশৰে সাধু কম
         নিশাটো কাষতে বহি মনেতৰা
টোপনি টোপনি অ মনেতৰা
         আহিব টোপনি অ মনেতৰা ৷৷       


                                                                                              (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]



No comments: