অনুসন্ধান আকাংক্ষাত

Tuesday, February 12, 2013

নাটক - শোণিত কুঁৱৰী (১১)



নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

তৃতীয় অঙ্ক
সপ্তম দৰ্শন

            [উষাৰ নগৰ নগৰ ৷জোনাক নিশা ৷ এটা মুকলি কোঠাত উষাই আকাশৰ ফালে চাই পালঙ্কত বহি আছিল ৷জোনৰ পোহৰ আহি গোটেই ঠাইডোখৰ পোহৰাই থৈছিল ৷উষাৰ সখীয়েকহঁতে বহি উষাৰ মন ভাল লগাবলৈ নাম গাই আছিল ৷উষা আনমনেৰে আকাশৰ ফালে উদাস হৈ চাই আছিল ৷চুলিবোৰ কেঁকোৰা হৈ দুই এডাল উষাৰ গালত পৰি আছিল ৷ ]


সখীবোৰ গায় :-

            সখি আহিব পিয়া
ৰূপহী জোনৰে
কিৰণ জকেমকাই
বিৰিখৰ পাততে      আহিব পিয়া
সখীৰে চকুৰে
নিয়ৰ জকেমকাই
লাৱনী গালতে                  আহিব পিয়া
আমাৰে সখীয়ে
ইনাই বিনাই
বিৰহ-বেদনাতে
মিলন বাসনাতে       আহিব পিয়া

[লাহে লাহে চিত্ৰ হাঁহি সোমাই আহে ৷]

চিত্ৰ :- ৰূপহ ! ৰূপহ !
            [সকলো ৰয় ৷ উষাই চিত্ৰক দেখি লৰ মাৰি আহি চিত্ৰক সাৱট মাৰি ধৰি চুমা খায় ৷ চিত্ৰয়ো গবা মাৰি ধৰে ৷ ]
উষা :- আহিলা সখী ?
চিত্ৰ :- আহিলোঁ সখী ৷ পিছে তোমাৰ ভালনে ?
উষা :- মোক আকৌ সুধিছাহে ? মোৰ ভাল বেয়া দেখোন তোমাৰ হাততেই ৷
            [চিত্ৰৰ মুখলৈ চাই থাকে ৷]
চিত্ৰ :- [হাঁহি] নাই, সখী মিছা হল ৷
উশা :- [কিছুপৰ থৰ লাগি ৰয়] সখী ! [চকু মোহাৰে ]
চিত্ৰ :- ইহ্‌ , বৰ কান্দি দেখূৱাইছে ! বেজাৰ নো থয় কত ! সজে সজে চকুৰ পৰা হাত গুচুৱা, তেহে....
উষা :- [চকুৰ পৰা হাত গুচাই] সঁচা নেকি, সখী আহিছে নেকি ?
চিত্ৰ :- নাইহে , নোৱাৰিলোঁ আৰু সেইবোৰ এৰি দিয়া ৷
উষা :- [পালেঙত বহি কাপোৰৰে মুখ ঢাকি কান্দে ৷ তাৰ পাছত চিত্ৰই লুকুৱাই থোৱা ঠাইৰ পৰা অনিৰুদ্ধক লৈ আহে ৷ সখীবোৰ বৰ ব্যগ্ৰ হৈ অনিৰুদ্ধলৈ চাবলৈ ধৰে ৷]
চিত্ৰ :- উষা....
            [‌উষাই চকুৰ কাপোৰ গুচাই অনিৰুদ্ধক দেখি থৰ লাগি চায়, অনিৰুদ্ধো থৰ লাগে ৷চিত্ৰৰ ইঙ্গিতত আটাইবোৰ সখী তাৰপৰা গুদি যায়, চিত্ৰও গুচি যায় ৷ উষাই তলমূৰ কৰে ৷অনিৰুদ্ধ যাওঁ নেযাওঁকৈ উষাৰ ওচৰলৈ যায় ৷উষাই অনিৰুদ্ধৰ ভৰিত পৰি সেৱা কৰে ৷অনিৰুদ্ধই দুই বাহুত ধৰি তোলে ৷ এনেতে চিত্ৰ, পত্ৰ, আৰু সখিবোৰ সোমাই আহে ৷ চিত্ৰৰ হাতত দুধাৰ মালা ৷]
চিত্ৰ :- দেখিছা বাৰু ৷
            [দুয়ো আঁতৰ হয় ৷]
            বাৰু, এতিয়া এইওৰ কৰি থাকিলে নহয় ৷ এতিয়া তোমালোক দুয়োকে গন্ধৰ্ব্ব প্ৰথামতে তেনেই ওচৰ চপাই দিওঁ দেই ৷
            [উষাৰ হাতত এধাৰ মালা দি ]
            হোৱাঁ, এই ধাৰ লোৱাঁ ৷
            [অনিৰুদ্ধৰ হাতত এধাৰ দি ]
            হোৱাঁ এই ধাৰ ৷ উষা, এতিয়া তোমালোকৰ পুৰোহিত ময়েই দেই ৷ বাৰু এতিয়া উষা, তুমি কুমাৰৰ ডিঙিত মালাধাৰ দি সেৱা কৰা ৷
            [উষাই তেনে কৰে ৷]
            কুমাৰ তুমি মালা দিয়া ৷ সখীবোৰে উৰুলি দিয়া ৷
            [অনিৰুদ্ধই মালা দিয়ে, সখীবোৰে উৰুলি দিয়ে ৷]
            কুমাৰ, এতিয়া উষাৰ উষাৰ দুগালে দুটি চুমা খোৱা ৷
            [অনিৰুদ্ধই নাখাই ৰয়, চিত্ৰই দুনাই কোৱাত অলপ সঙ্চোচকৈ খায় আৰু উষা লাজত আঁতৰি গৈ পলেঙত কুচিমুচি বহি মুখ ঢাকে ৷]
            [চিত্ৰলেখাই হাঁহি চাপৰি মাৰি নাম লগাই দিয়ে, সখীবোৰে নাচি নাচি গায় ৷ পাছত অনিৰুদ্ধক উষাৰ ওচৰত চিত্ৰই বহুৱাই দিয়েগৈ ৷]

নাম :-

ৰূপহ কোঁৱৰৰ চুমা-পৰশতে
          লাজুকী কুঁৱৰী মৰহি যায় ৷
সোণতে সুৱগা আহি সানি দিলে
          গোলাপী গালতে ৰঙে চৰাই ৷
সপোনৰে সখা আহি দিলে দেখা
          দিয়ে সখী দিয়া হিয়া বিলাই ৷


আঁৰ কাপোৰ



                                                        (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: