অনুসন্ধান আকাংক্ষাত

Monday, February 18, 2013

নাটক - শোণিত কুঁৱৰী (২১)




নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

পঞ্চম অঙ্ক
চতুৰ্থ  দৰ্শন

            [দৈত্যপুৰীৰ সিংহদুৱাৰ ৷ নন্দী প্ৰভৃতি প্ৰমথবোৰে দুৱাৰ ৰক্ষা কৰিছিল, ব্যোম ব্যোম কৰি নৃত্য কৰিছিল ৷ এনেতে প্ৰদ্যুম্ন আৰু সাত্যকি আহি দুৱাৰ মুখলৈ আগবাঢ়ে ৷ সকলোৱে আগ ভেটি ধৰেহি ৷ নন্দী আগবাঢ়ি আহে ৷]
নন্দী :- সাৱধান ! আৰু আগ নাবাঢ়িবা ৷
সাত্যকি :- আমাক যাবলৈ দিয়া ৷ আমি শঙ্কৰৰ সৈতে সাক্ষাৎ কৰিম ৷
নন্দী :- অসম্ভৱ ৷ দুৱাৰ এৰি নিদিওঁ ৷ উভতি যোৱা ৷
সাত্যকি :- কথা শুনা, দুৱাৰ মুকলি কৰি দিয়া ৷
নন্দী :- সাৱধান !
            [এনেতে কাৰ্ত্তিক সোমাই আহে ৷প্ৰদ্যুম্ন ওচৰ চাপি যায় ৷ কাৰ্ত্তিকে ভেটি ধৰে ৷ ]
কাৰ্ত্তিক :- কোন তুমি ? ইয়ালৈ কিয় আহিছা ? প্ৰয়োজন ?
প্ৰদ্যুম্ন :- ভালেই হৈছে কুমাৰ ! তুমি নিজেই আহিলা যেতিয়া ৷ মই যাদৱ ৷ মোৰ নাম প্ৰদ্যুম্ন ৷ মই শঙ্কৰৰ সৈতে সাক্ষাৎ কৰিবলৈ আহিছোঁ ৷ মোক তেওঁৰ মন্দিৰলৈ যাবলৈ দুৱাৰ এৰি দিয়া ৷
কাৰ্ত্তিক :- তুমি যেয়ে নোহোৱা মই আজি দুৱাৰ এৰি দিব নোৱাৰো ৷ মোৰ আদেশ নাই ৷
প্ৰদ্যুম্ন :- নহয়, কুমাৰ ! আমাৰ বৰ প্ৰয়োজন ৷ যেনে তেনে দেখা নকৰাকৈ যোৱাৰো আমাৰ আদেশ নাই ৷
কাৰ্ত্তিক :- কি কৰিম ! তোমাৰ কি কথা আছে কোৱা, মই জনামগৈ ৷ কিন্তু দুৱাৰ এৰা অসম্ভৱ ৷ ই মোৰ সাধ্যৰ অতীত ৷
প্ৰদ্যুম্ন :- [অলপ উত্তেজিত হৈ ] তেন্তে সঁচাকৈয়ে তুমি দুৱাৰ এৰি নিদিয়া ? বাৰু মোৰ কথা শুনা ৷ শঙ্কৰক কৈ অনিৰুদ্ধক মুক্তি দিব লাগে ৷তেতিয়া আৰু আমি মিছাতে যুদ্ধ নকৰো ৷
কাৰ্ত্তিক :- অসম্ভৱ ! আমাৰ পক্ষে সেইটো অসম্ভৱ ৷ ৰজাৰ কাম মুক্তি দিয়া বা বন্দী কৰা ৷ আমাৰ সেইটো কাম নহয় যাদৱ বীৰ ! বৰ্ত্তমান আমি দুৱাৰ ৰক্ষাৰ বাহিৰে আন কোনো কাম কৰিবলৈ প্ৰস্তুত নহওঁ ৷
প্ৰদ্যুম্ন :- [আৰু উত্তেজিত হৈ] কাৰ্ত্তিক ! তোমালোকে নোৱাৰা ? তেন্তে পাৰিব কোনে ? যাৰ অনুগ্ৰহ লাভ কৰি বাণে কুমাৰক বন্দী কৰি যাদৱক উপেক্ষা কৰিবলৈ শক্তি পাইছে তেওঁলোকে নোৱাৰে যদি পাৰিব কোনে ? কি কৈছা তুমি ?
কাৰ্ত্তিক :- তুমি উত্তেজিত হৈছা কিয় ? আমাৰ কৰ্ত্তব্য আমি কৰিছোঁ ৷ দুৱাৰ কোনোমতেই এৰি দিব নোৱাৰো ৷
সাত্যকি :- কাৰ্ত্তিক ! তুমি আমাৰ উদ্দেশ্য বুজাত ভুল কৰিছা ৷ আমাৰ ইচ্ছা শঙ্কৰক এই বিষয়ে প্ৰসন্ন কৰাহে ৷ কাৰণ অবাবত যুদ্ধ আমি কৰিব নোখোজো ৷ তুমি বিবেচনা কৰা ! দুৱাৰ এৰি দিয়া ৷
কাৰ্ত্তিক :- কেনে তোমালোক ? বাৰে বাৰে মই কৈছোঁ যে দুৱাৰ এৰি নিদিওঁ ৷ এতিয়া বিবেচনা কৰি দুৱাৰ ৰক্ষা কৰাৰ ভাৰ আমাৰ নহয় ৷ আমি আদেশ পালন কৰিছোঁ মাত্ৰ ৷ তোমালোক উভতি যোৱা ৷
প্ৰদ্যুম্ন :- তেন্তে মোৰ গাত দোষ নাই, মই বল প্ৰয়োগ কৰিবলৈ বাধ্য হম !
কাৰ্ত্তিক :- ইচ্ছা ৷ দুৱাৰ এৰি নিদিওঁ ৷
প্ৰদ্যুম্ন :- [খঙেৰে ] সাৱধান কাৰ্ত্তিক !
কাৰ্ত্তিক :- তুমিও সাৱধান হোৱা প্ৰদ্যুম্ন !
প্ৰদ্যুম্ন :- আগ বাঢ়া ৷
কাৰ্ত্তিক :- আত্মৰক্ষা কৰা ৷
            [দুয়োৰে বাহুযুদ্ধ আৰম্ভ হয় ৷ সকলোৱে চাই থাকে ৷ শঙ্কৰ আহি উপস্থিত হয় ৷দুয়ো ক্ষান্ত হয় ৷ আৰু সকলোৱে সেৱা কৰে ৷ ]
শঙ্কৰ :- কাৰ্ত্তিক... নন্দী... তোমালোক ইয়াৰপৰা যোৱা ৷
            [সকলোৱে সেৱা কৰি যায়গৈ ৷]
শঙ্কৰ :- প্ৰদ্যুম্ন ! তোমাৰ ইয়ালৈ অহাৰ উদ্দেশ্য ৷
প্ৰদ্যুম্ন :- প্ৰভু ! পিতাই আপোনালৈ বাতৰি পঠাইছে যে যদি বাণে অনিৰুদ্ধক মুক্তি দিয়ে তেন্তে আৰু যুদ্ধ নকৰে ৷ আপুনি নিশ্চয় অনিৰুদ্ধক মুক্তি দিয়াব পাৰে ৷ তাক মুক্ত কৰি আমাৰ হাতত সমৰ্পন কৰক ৷
শঙ্কৰ :- প্ৰদ্যুম্ন ! শুনা মই বাণৰ এতিয়া দুৱাৰ-ৰক্ষক মাত্ৰ ৷ ৰজাৰ বিচাৰৰ ওপৰত মোৰ কি হাত আছে ?
প্ৰদ্যুম্ন :- নহয় প্ৰভু ! আপুনি ইচ্ছা কৰিলে তাক মুক্তি দিব পাৰে ৷ প্ৰভু ! এই অনুৰোধ ৰক্ষা কৰক ৷
শঙ্কৰ :- মোৰ একো হাত নাই, তথাপি মই বাণক প্ৰশ্ন কৰি চাব পাৰো ৷ কাৰ্ত্তিক !
            [কাৰ্ত্তিক আহে ৷]
            বাণৰ ওচৰলৈ গৈ ক যে কুমাৰক যদি মুক্তি দি শ্ৰীকৃষ্ণৰ হাতত সমৰ্পন কৰে তেন্তে তেওঁলোকে যুদ্ধ নকৰে ৷ বাণৰ ইচ্ছা মোক অতি শীঘ্ৰে জনা ৷
            [কাৰ্ত্তিক যায়গৈ আৰু কিছুপৰ পিছত প্ৰসেঞ্জিতৰ সৈতে আহে ৷]
প্ৰসেঞ্জিত :- প্ৰভু ! মহাৰাজে কেতিয়াও বিনাযুদ্ধে কুমাৰক মুক্তি নিদিয়ে ৷ তেখেতে কৈছে যদি যাদৱৰ শক্তি আছে তেন্তে নিয়ক ৷ বিচাৰত তেওঁ অনিৰুদ্ধক দোষী পাইছে ৷ আৰু আদেশ দিছে, অবিলম্বে যাদৱবাহিনীয়ে যদি কালিলৈ প্ৰাত:উষাতে শোণিতপুৰ ত্যাগ নকৰে তেন্তে সূৰ্য্য উদয় হোৱাৰ আগতেই যাদৱবাহিনীক আক্ৰমণ কৰিব লাগিব ৷
শঙ্কৰ :- শুনিলা প্ৰদ্যুম্ন ! বাৰু তোমালোক যোৱা ৷
            [প্ৰসেঞ্জিত, কাৰ্ত্তিক যায়গৈ ]
প্ৰদ্যুম্ন :- তথাপি মই আকৌ এবাৰ আপোনাক অনুৰোধ কৰিছোঁ, আপুনি বাণক নিজে এই বিষয়ে কওক ৷
শঙ্কৰ :- প্ৰদ্যুম্ন ! তোমাৰ এই অনুৰোধ সম্পূৰ্ণ অন্যায় হৈছে, যি স্থলত বাণৰ অভিমত তোমাৰ আগতে সেনাপতিয়ে কৈ গলহি ৷
প্ৰদ্যুম্ন :- প্ৰভু ! আপোনাৰো অন্যায় হৈছে ৷ আপোনাৰ পৰম মিত্ৰ শ্ৰীকৃষ্ণৰ বিপক্ষে বাণৰ সৈতে যোগ দিয়াত জানো আপোনাৰ ন্যায় হৈছে ?
শঙ্কৰ :- প্ৰদ্যুম্ন ! মই তেন্তে এতিয়া তোমাৰ পৰা কৰ্ত্তব্য শিক্ষা কৰিব লাগিব নেকি ? প্ৰদ্যূম্ন ! তুমি শোকত বুদ্ধিভ্ৰষ্ট হৈছা ৷ প্ৰদ্যুম্ন ! তুমি মোৰ কৰ্ত্তব্য কি বুজিবা ?
প্ৰদ্যুম্ন :- বুজিছোঁ ৷ শ্ৰীকৃষ্ণতকৈও আপোনাৰ ভক্ত ডাঙৰ হলনে ?
শঙ্কৰ :- হা: হা: ! তুমি বুজিব নোৱৰা ৷ প্ৰদ্যুম্ন ! তুমি উভতি যোৱা ৷
প্ৰদ্যুম্ন :- নহয় প্ৰভূ ! আপুনি অনিৰুদ্ধক মুক্তি দিয়ক ৷
শঙ্কৰ :- আকৌ দেখোন তুমি অন্যায় অনুৰোধ কৰিলা প্ৰদ্যুম্ন ৷ সম্পূৰ্ণ অন্যায় ৷
প্ৰদ্যুম্ন :- নহয় নহয়, সি সম্পূৰ্ণ ন্যায় ৷ আপোনাৰ তাক মুক্তি দিবৰ ক্ষমতা আছে ৷ তাক মুক্তি দিয়ক ৷ প্ৰভু ! তাক মুক্তি দিয়ক ৷
শঙ্কৰ :- প্ৰদ্যুম্ন ! প্ৰদ্যুম্ন ! তুমি একেবাৰেই বুদ্ধিভ্ৰষ্ট হৈছা ৷ বীৰ্য্যৱান ক্ষত্ৰিয় বীৰৰ মুখত এনে কথা শোভা নাপায় ৷ প্ৰদ্যুম্ন ! তুমি যাদৱৰ গৌৰৱত কলঙ্ক সানিছা ৷ বৰ লাজৰ কথা ৷ যাদৱ ইমানেই বীৰ্য্যহীন হৈছেনে ? অসিত ধাৰ নোহোৱা হৈছেনে ? বাহুত শক্তি নোহোৱা হৈছেনে ? যুদ্ধ কৰিবলৈ আহি... নহয়, তুমি যাদৱ বুলি চিনাকি নিদিবা .... ক্ষত্ৰিয় বুলি নকবা ৷ বীৰৰ সমাজত আৰু কেতিয়াও মুখ নেদেখুৱাবা ৷
প্ৰদ্যুম্ন :- প্ৰভু ! সঁচা কথা কৈছে ৷ আমি এতিয়াও যাদৱ, এতিয়াও ক্ষত্ৰিয় বীৰ, এতিয়াও আমাৰ শৰৰ অব্যৰ্থ সন্ধান ৷ কেৱল অবাবত যুদ্ধ হয় বুলি, বাণ বিবেচক বুলি, মাত্ৰ আপোনাৰ আগত সন্ধিৰ প্ৰস্তাৱ ৷ ভাল কথা ৷ দানৱে চিনিব পাৰিব ৷ প্ৰসেঞ্জিতৰ আক্ৰমণৰ অপেক্ষা নকৰি যাদৱ বাহিনীয়ে শোণিত আক্ৰমণ কৰিব ৷ আমাৰ গাত আৰু দোষ নাই প্ৰভু ! তেন্তে চাওক আপোনাৰ বাণাসুৰৰ ৰাজ্য কি হয় ৷ একোতেই ৰক্ষা নাই ৷ বসুমতীয়েও যদি আউলী-বাউলী হৈ চৰণত লুটি খাই পৰেহি... শোণিতৰ অভ্ৰভেদী ৰাজপ্ৰাসাদৰ শিলাবোৰেও যদি, কান্দি কান্দি পৃথিৱী উটুৱাই দিয়েহি, যদি কৈলাসনাহিনী মাতৃয়েও কাতৰ কণ্ঠেৰে অনুৰোধ কৰেহি তথাপিও যাদৱৰ অব্যৰ্থ শৰ-সন্ধানত দানৱৰ এই বিশাল বাহিনী এই কনকেৰে গঢ়া অলকাপুৰী ধূলি হৈ উৰি যাব ৷
            [প্ৰদ্যুম্ন গুচি যায় ৷]
শঙ্কৰ :- উপযুক্ত কথা... যোৱা সাত্যকি ! পাৰা যদি যুদ্ধ কৰি কুমাৰৰ উদ্ধাৰ কাৰ্য্য সাধন কৰাগৈ ৷ মই নিজেই দুৱাৰ ৰক্ষা কৰিম ৷
            [শঙ্কৰ অন্তৰ্দ্ধান হয় ৷]
সাত্যকি :- যুদ্ধ অনিবাৰ্য্য ৷
            [যায়গৈ ৷]

   

                                                        (সিপিঠিত)


[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]


No comments: