অনুসন্ধান আকাংক্ষাত

Sunday, February 17, 2013

নাটক - শোণিত কুঁৱৰী (১৮)




নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

পঞ্চম অঙ্ক
প্ৰথম  দৰ্শন

            [দ্বাৰকাৰ ৰাজসভা ৷শ্ৰীকৃষ্ণ, বলোৰাম, প্ৰদ্যুম্ন, সাত্যকি, সনাতন আৰু আন পাৰিষদসকলে আলোচনা কৰি আছিল ৷ ]
বলোৰাম :- মাধৱ ! এতিয়া উপায় কি ? এই বিষয়ে তুমি কি কৰিব খুজিছা ? আচৰিত ! সকলো দূত উলটি আহিল ৷ গোটাই আৰ্য্যাবৰ্ত্তৰ নগৰে নগৰে গাঁৱে-ভূঞে, পৰ্ব্বতে-কন্দৰে বিচাৰি কতো কুমাৰৰ সন্ধান নাপালে ৷
সনাতন :- এতিয়াও পূৰ্ব্ব দেশলৈ যোৱা দূত আহি পোৱাহি নাই ৷
শ্ৰীকৃষ্ণ :- এৰা, আমি ভালকৈ লাহে ধীৰে সকলো ভাবি চাওঁ ৷ নভবা-নিচিন্তাকৈ আমি কাৰোবাৰ ওপৰত সন্দেহ কৰি অভিযান আৰম্ভ কৰা সুবিধা নহব ৷
বলোৰাম :- তুমি আকৌ সেই একে কথাকে কৈ আছা ৷ দানৱ অসুৰৰ বাহিৰে কোনেও কুমাৰক হৰণ কৰা নাই ৷ আগেয়েও এনে কথা হৈ গৈছে ৷ এতেকে আমি সকলো দানৱৰ ৰাজ্যত সসৈন্যে গৈ কুমাৰৰ অণুসন্ধান কৰিব লাগিব ৷ সিহঁত শঠ, দুৰ্দ্দান্ত ৷ সিহঁতৰ ওপৰত মোৰ ঘোৰ সন্দেহ হৈছে ৷
শ্ৰীকৃষ্ণ :- নহয়, সেইটো কৰা যুক্তিযুক্ত নহব বুলি মোৰ বিশ্বাস ৷
বলোৰাম :- তোমাৰ এনে ব্যৱহাৰৰ পৰাই এই দানৱ, যক্ষ-ৰক্ষবোৰৰ এনে স্পৰ্দ্ধা ৷তুমি যদি প্ৰত্যেককে উচিত শাস্তি বিধান কৰি গলাহেঁতেন তেন্তে যাদৱৰ এইদৰে অপায়-অমঙ্গল নহলহেঁতেন ৷ যি যাদৱৰ বল-বীৰ্য্যত পৃথিৱীৰ নৃপতি-কুলে মূৰ দোঁৱায়, সেই যাদৱৰ মান-মৰ্য্যাদা হেলাৰঙে পদাঘাত কৰি কুমাৰক হৰণ কৰি লৈ গৈছে, আৰু আমি মাত্ৰ দুটামান দূত পঠিয়াই একেবাৰে নিৰৱ নিস্পন্দ হৈ হাত সাবটি বহি আছোঁ... যেন আমাৰ প্ৰতিকাৰ কৰিবৰ কোনো ক্ষমতাই নাই !
            [এনেতে দুৱৰীয়ে সেৱা জনায়হি ৷]
দুৱৰী :- শেষ দূত আহি উপস্থিত ৷
শ্ৰীকৃষ্ণ :- আহিবলৈ কোৱা ৷
            [দুৱৰী যায়গৈ আৰু দূত সোমাই আহি সেৱা কৰে ৷]
দূত :- প্ৰভু ! আজি ইমান দিন পূৰ্ব্বাঞলচলৰ সকলো ৰাজ্যত কুমাৰৰ সন্ধান কৰিলোঁ ৷ নগৰে নগৰে, গাঁৱে-গাঁৱে, আশ্ৰমে, পৰ্ব্বতে-কন্দৰে, কতো কিন্তু কুমাৰৰ সন্ধান নাপালোঁ ৷ কিন্তু এটা কথা, মই দৈত্যপতি বাণৰ নগৰীত সোমাব নোৱাৰিলোঁ ৷ পুৰীৰ দুৱাৰ শঙ্কৰৰ তত্ত্বাৱধানত আছে ৷
বলোৰাম :- কতো নাই যদি সেই নগৰীতে কুমাৰ থকাৰ সম্পূৰ্ণ সম্ভাৱনা ৷ মাধৱ ! বাণৰ ৰাজ্যলৈ আমি বাহিনী লৈ গৈ সন্ধান কৰিব লাগিব ৷
শ্ৰীকৃষ্ণ :- [নিমাত ]
বলোৰাম :-[উত্তেজিত হৈ ] বুজিছোঁ, তুমি এইবোৰ বুজিব পাৰিও মনে মনে আছা ৷কিন্তু আমি এনে অপমান সহ্য কৰিব নোৱাৰোঁ ৷ যাদৱ বীৰসকল ! প্ৰস্তুত হোৱা ৷ পাষণ্ড দানৱে উন্নতিৰ উচ্চ শিখৰত উঠি ভাবিছে, সিহঁতেই পৃথিৱীত একমাত্ৰ বীৰ্য্যবান বীৰ ৷আহাঁ প্ৰদয়ুম্ন ! আহাঁ সাত্যকি ! আহাঁ যাদৱ বীৰসকল ! দানৱৰ গৰ্ব্ব চূৰ্ণ-বিচূৰ্ণ কৰি দিওঁ ৷ কাৰ সাহ সিংহৰ শিশুক বন্দী কৰি থব পাৰে ?
শ্ৰীকৃষ্ণ :- সঁচা কৈছা ! সিংহ-শিশুক কোনে বন্দী কৰি থব পাৰে ? মোৰ পৌত্ৰ নিৰ্ভীক বীৰ, দুৰ্জ্জয় প্ৰভাৱ তাৰ, সি বা কোন লোকালোকৰ মাজেদি মনোৰথ মেলি ফুৰিছেগৈ ৷ সিংহৰ পোৱালি সি, মোৰ সন্দেহ হয়... আমালৈ বা সি কি বুলি অপেক্ষা কৰিব ৷ সেই দেখিয়েই অনুমানৰ ওপৰত এনে কাম কৰা উচিত নহব ৷ যেতিয়ালৈকে আমি সঠিক বাতৰি নাপাওঁ তেতিয়ালৈকে আমি নীৰৱে অন্বেষণ কৰাই শ্ৰেয় ৷ দাদা ! দানৱৰ অহঙ্কাৰ চূৰ্ণ কৰোতা আমাৰ দম্ভইহে দেখোন সীমা অতিক্ৰম কৰি যাব খুজিছে ৷ আমাৰ বৃথা আস্ফালনত আমি নিজেই লজ্জিত হওঁ ৷
            [সকলো কৃষ্ণৰ কথাত কাঁহ পৰি জীণ যায় ৷এনেতে দেৱৰ্ষি নাৰদ আহে ৷সকলোৱে সেৱা কৰে ৷ আৰু নাৰদে আসন গ্ৰহণ কৰে ৷ ]
নাৰদ :- সকলোৰে মঙ্গলনে ?
শ্ৰীকৃষ্ণ :- হয় দেৱৰ্ষি ! মঙ্গলেই ৷ পিছে পৌত্ৰ অনিৰুদ্ধ অন্তৰ্ধান হৈছে ৷
বলোৰাম :- দেৱৰ্ষি ! আপুনিতো ত্ৰিজগতৰ সকলো বাতৰি জানে ৷ আপুনি জানেনে কুমাৰ কত আছে ?
নাৰদ :- এৰা, মই সেই বিষয়ে কবলৈকে আহিছিলোঁ ৷ [শ্ৰীকৃষ্ণৰ ফালে চায় ৷]
            [সকলো উৎকণ্ঠিত হয় ৷]
বলোৰাম :- তেন্তে আপুনি খবৰ পাইছে নেকি ?
নাৰদ :- এৰা ৷ কুমাৰ দৈত্যপতি বাণাসুৰৰ ৰাজ্যত বন্দী ৷
            [সকলো আচৰিত]
বলোৰাম :- কি ! কুমাৰ বন্দী ? কিয় দেৱৰ্ষি ? কি কাৰণত ?
            [দেৱৰ্ষিয়ে শ্ৰীকৃষ্ণৰ ফালে চায় ]
নাৰদ :- বাণকন্যা উষাৰ অন্ত:পুৰত গুপ্তভাৱে থকাৰ বাবে ৷
বলোৰাম :- কি আচৰিত কথা ! দেৱৰ্ষি ! সকলো ভাঙি-পাতি কওকচোন ৷
নাৰদ :- উষাই সপোনত কুমাৰৰ প্ৰণয়প্ৰাৰ্থিনী হয় ৷
প্ৰদ্যুম্ন :- সপোনত ! বৰ আচৰিত কথা, পৃথিৱীত কেতিয়াও নোহোৱা-নোপোজা কথা ৷দেৱৰ্ষি ! আপুনি আজি আমাৰ আগত কোনোবা বলিয়াৰ সপোনৰ কাহিনী বিবৃত কৰিছেহি নেকি ? নে কোনোবা প্ৰহেলিকাময়ী পুৰীৰ মাজেদি আহোতে আপোনাৰ ভ্ৰম হৈছে ৷ নে কোনোবা কুহকীৰ যাদুৰ পৰশত আপোনাৰ স্মৰণ-শক্তি বিলোপ হৈ প্ৰলাপ বকিছেহি ! বাণৰ কন্যাই কেনেকৈ কুমাৰক সপোনত দেখিব পাৰে ? দেৱৰ্ষি ! আজি ঈশ্বৰৰ সৃষ্টিৰ কোনোবা কুহকিনীয়ে মায়াজাল তৰি দি নিজে এনে অভিনৱ ৰাজ্যৰ সৃষ্টি কৰিছেহি যত যাবতীয় প্ৰাণীবোৰে শত সহস্ৰ বছৰ বিয়পি থকা, সকলো পাহৰি গৈ মায়াবিনীৰ যাদু-দণ্ডৰ তালে তালে নাচি নাচি ভ্ৰান্ত হৈ উটি-বুৰি ফুৰিছে ?
নাৰদ :- প্ৰদ্যুম্ন... নহয়, তুমি ভুল বুজিছা ৷ শোকত তোমাৰ এনে হৈছে ৷ মোৰ কথা সম্পূৰ্ণ সঁচা ৷
            [নাৰদে শ্ৰীকৃষ্ণৰ ফালে চাই থাকে ৷ শ্ৰীকৃষ্ণই গম্ভীৰভাৱে শুনি যায় ৷]
বলোৰাম :- বৰ আচৰিত যান লাগিছে ৷
শ্ৰীকৃষ্ণ :- [নিৰ্ব্বিকাৰভাৱে ] বাৰু, তাৰ পিছত কুমাৰে কেনেকৈ সেইখিনি পালেগৈ ?
নাৰদ :- তাৰ পিছত উষাৰ সখীয়েক চিত্ৰলেখা আহি কুমাৰক ইয়াৰপৰা ভুলাই লৈ গলহি ৷
শ্ৰীকৃষ্ণ :- চিত্ৰলেখা ! ওঁ হব পাৰে ৷
প্ৰদ্যুম্ন :- উস্‌ ! মই সহিব নোৱৰা হৈছোঁ ৷ পিতা ! উপায় দিয়ক ৷ আদেশ দিয়ক, গোটেই যাদৱ-বাহিনী লৈ কুমাৰক উদ্ধাৰ কৰি আনোগৈ ৷
নাৰদ :- পিছে বাণে জীয়েকৰ লগত গুপ্তপ্ৰণয়ৰ কথা শুনি কুমাৰৰ সৈতে যুদ্ধ কৰে ৷ কুমাৰৰ হাতত বাণ পৰাজিত হয় ৷ অৱশেষত নাগপাশৰ বন্ধন লবলৈ কুমাৰ বাধ্য হয় ৷ তাৰে পৰা কুমাৰ বন্দী ৷
বলোৰাম :- বুজিলোঁ ৷ যুদ্ধ অনিবাৰ্য্য ৷ সকলো প্ৰস্তুত হব লাগে ৷ কিন্তু কুমাৰে নাগপাশ ছিঙিব নোৱাৰিলে ৷
শ্ৰীকৃষ্ণ :- দাদা, কুমাৰৰ কিবা ক্ৰটি হৈছিল, সেই কাৰণে বীৰ্য্যহীন হৈ নাগপাশৰপৰা মুক্ত হব নোৱাৰিলে ৷ বাৰু যি নহওক এতিয়া কুমাৰ উদ্ধাৰৰ আৱশ্যক ৷ যদ্ধ নকৰি আমি বাণক কুমাৰক মুক্তি দিবলৈ আদেশ দিওঁ ৷ বৃথাই যুদ্ধ কৰাৰ প্ৰয়োজন নাই ৷সাত্যকি ! তুমি জানোঁ যু্ঁজ কৰিবলৈ প্ৰস্তুত ?
সাত্যকি :- হয় প্ৰভু ! মই যুঁজ কৰিবলৈ প্ৰস্তুত ৷ ইমান অপমান সহিও আকৌ দানৱৰ সৈতে সন্ধি কৰি কুমাৰক অনা বৰ লাজৰ কথা হব ৷গোটেই যাদৱবাহিনীৰে গৈ কুমাৰক উদ্ধাৰ কৰিব লাগিব ৷ প্ৰভু ! তাৰ উপৰিও অহঙ্কাৰী দানৱৰ সৈতে এবাৰ অস্ত্ৰ-চালনা কৰি সিহঁতৰ গৰ্ব্ব খৰ্ব্ব কৰিবৰ বৰ হেঁপাহ আছে ৷ প্ৰভু ! আপুনি আদেশ কৰক ; আমি যুদ্ধ কৰিম ৷
বলোৰাম :- ঠিক কৈছা ৷ সন্ধিৰ প্ৰয়োজন নাই ৷ দানৱৰ সৈতে আকৌ সন্ধিৰ প্ৰস্তাৱ ! কুমাৰক মুক্ত কৰি দিলেও তাক শাস্তি দিব লাগিব ৷সি যাদৱক জোকাই লোৱাৰ অপৰাধৰ বাবেই তাৰ শাস্তি ৷ কৃষ্ণ ! মঈ তোমাৰ কোনো কথা শুনিবৰ ইচ্ছা নকৰো ৷ যাদৱ আগ, তাৰ পাছে পাছে নীতি যাব, ৰীতি যাব ৷ এনে অপমান যাদৱে সহ্য নকৰে ৷
সকলোৱে :- এৰা আমিও যুদ্ধ কৰিম ৷
নাৰদ :- এৰা, যুদ্ধযাত্ৰা কৰাই শ্ৰেয় ৷ দানৱৰ দৰ্প চূৰ্ণ হোৱাৰ আৱশ্যক ৷ তোমালোকক যি শক্তিয়ে ইমান দিন উপেক্ষা কৰি আহিছে, সেই শক্তিৰ সৈতে এবাৰ তোমালোকৰ শক্তিৰ পৰীক্ষা হোৱা বাঞ্ছনীয় ৷ বাৰু মই আহিলোঁ ৷
            [নাৰদ যায়গৈ ]  
শ্ৰীকৃষ্ণ :- সকলোৰে ইচ্ছা যুদ্ধ কৰা ৷ বাৰু, তেন্তে সেয়ে হওক ৷ যদি আমাৰ আগত বাণে আঁঠু লৈ কুমাৰক অমৰ্পন কৰে, তেন্তে সুখৰ কথা ৷ যদি নকৰে, অৱশ্যে যুদ্ধ অনিবাৰ্য্য ৷ যোৱা, যাদৱ বীৰসকল ! যুদ্ধৰ কাৰণে তেন্তে প্ৰস্তুত হোৱাগৈ ৷ যোৱা সাত্যকি ! বাহিনী সজোৱাগৈ ৷ নগৰত শঙ্খধ্বনিৰে যুদ্ধযাত্ৰাৰ বতৰা ঘোষণা কৰি দিয়াগৈ ৷ কালিলৈ প্ৰাত: উষাতে যাদৱবাহিনীয়ে শোণিতৰ অভিমুখে যাত্ৰা কৰিব লাগিব ৷ যোৱা ৷
            [কৃষ্ণ, বলোৰাম, প্ৰদ্যুম্ন এফালে যায় ৷ আনবোৰে আনফালে  যায়গৈ ৷]


                                                        (সিপিঠিত)


[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: