অনুসন্ধান আকাংক্ষাত

Saturday, February 16, 2013

নাটক - শোণিত কুঁৱৰী (১৭)




নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

চতুৰ্থ অঙ্ক
ষষ্ঠ  দৰ্শন

            [ষাৰ অন্ত:পুৰ ৷ দুপৰীয়া অনিৰুদ্ধ শুই আছিল ৷ উষাই আপোন পাহৰি অনিৰুদ্ধৰ মুখলৈ চাই ভোল গৈ আছিল ৷]
উষা :- প্ৰিয় মোৰ, জীৱনৰ মৰণৰ
            চিৰলগৰীয়া ! হে চিৰ সুন্দৰ ! উষাৰ
            নয়নমণি, মুগ্ধ কিয় আজি
            তুমি অভাগীৰ প্ৰণয়-পাশত ?
            জোনাক সৌন্দৰ্য্যৰ হেৰা পূৰ্ণ
            শশধৰ, বুকৰ দেৱতা মোৰ,
            অণু-পৰমাণুবোৰে উষা-সৌন্দৰ্য্যৰ
            মিলিব খুজিছে সখা তোমাৰ
            ই মোহন ৰূপত ৷
            নাই মোৰ কামনা-বাসনা,
            নাই মোৰ আশাৰ পিয়াহ
            তোমাৰ প্ৰণয়ে মোক আবৰি
            ধৰিছে, সেয়ে মোৰ
            জীৱনৰ পূৰ্ণ প্ৰকাশ ৷
            মুগ্ধ নহওঁ আৰু তোমাৰ ৰূপত,
            মুগ্ধ নহওঁ মই তোমাৰ এই
            যৌৱনৰ কুসুম বনত,
            মুগ্ধ নহওঁ সখা তোমাৰ এই
            মৌসনা ওঁঠ দুখনিৰ,
            দুবুকু শিয়ঁৰি উঠা চুমা-
            পৰশত ৷ মুগ্ধ নহওঁ আৰু
            তোমাৰ এই ভুৱন পাহৰি
            যোৱা বাহু-বন্ধনত ৷
            মুগ্ধ মই তোমাৰ প্ৰেমত,
            মুগ্ধ... মুগ্ধ মই আছোঁ হৈ
            তোমাৰেই অতুলন ছবি-
            খনি লৈ, হিয়াৰ মাজত মোৰ,
            যাক পূজি ৰাতি-দিনে যাচিছোঁ
            নিৰ্ম্মালি মই অনন্ত প্ৰেমৰ,
            তেজেৰে ৰাঙলী কৰি
            কলিজাৰ মোৰ ৷
            তোমাৰ প্ৰমেই প্ৰভু
            জীৱনৰ লক্ষ্যতৰা মোৰ,
            সুখ মোৰ, আনন্দ মোৰ,
            মোক্ষ মোৰ, মুক্তি মোৰ ৷
            [ অনিৰুদ্ধ সাৰ পাই উঠে ৷ একেথৰে উষাৰ মুখলৈ চায় ৷]
উষা :- কি চাইছা ?
অনিৰুদ্ধ :- চাইছোঁ তুমি কোন ? তুমি মানৱী নে দেৱী, নে এটি সৌন্দৰ্য্য !
উষা :- নহওঁ নহওঁ, মই একো নহওঁ ; মই তুমিয়েই ৷
অনিৰুদ্ধ :- এৰা, তুমিয়েই মই ৷ উষা !
            নহয় ... তুমিতো নোহোৱা উষা,
            পোহৰোৱা মোৰ সেই
            যৌৱন নিশাৰ ৷ তুমি
            মোৰ জীৱনতে হেঙুলীয়া
            স্নিগ্ধ উষা, মধুৰ সন্ধ্যা
            আৰু মিলন ৰজনী ৷
            নহয়, নহয় তুমি পাৰ্থিৱ
            শৰীৰী, অশৰীৰী তুমি,
            এই বিশ্ব-ব্ৰহ্মাণ্ডৰ ভালপোৱা-
            খিনি, থুপ খাই উষা
            বুলি দিছাহি চিনাকি ৷
            প্ৰণয়ৰ স্পৰ্শমণি তুমি,
            পৰশিলা মোক
            মই হলো প্ৰণয়ৰ দীন
            উপাসক, বান্ধ খালোঁ
            আঁচলত চিৰকাললই
            তোমাৰ প্ৰেমেৰে সখী
            জুৰুলি-জুপুৰি ৷
            [উষাক সাৱটি ধৰে ৷ এনেতে বাণ আহি থিয় হৈ আচৰিত হৈ চায় ৷ বাণৰ মুখৰপৰা নজনাকৈ ওলাই আহে... কি সুন্দৰ ! ]       
বাণ :- কোন ? কোন তই দৰন্ত বালক ?
            [অনিৰুদ্ধ উষা দুয়ো উচাপ খাই উঠে ৷ উষাৰ সখীবিলাকে ভয়ত বিহ্বল হৈ ভূমুকিয়াই চাই থাকেহি ৷]
অনিৰুদ্ধ :- কোন ?
উষা :- পিতা ! পিতা ! তোমাৰ এনে উগ্ৰমূৰ্ত্তি কিয় পিতা ? মোৰ বৰ ভয় লাগিছে ৷
বাণ :- কলঙ্কিনী ! তোৰ পিতৃৰ মান-অপমান গৌৰৱ সকলো জলাঞ্জলি দি অজ্ঞাত এই পাপিষ্ঠৰ .... নহয়, তই মোক মুখ নেদেখুৱাবি ৷আঁতৰি যা ৷ [অনিৰুদ্ধক ] নৰাধম চোৰ ! কোন তই ? কি সাহেৰে মোৰ কন্যাৰ কুমাৰী ধৰ্ম্ম নষ্ট কৰিলিহি ?
অনিৰুদ্ধ :- পিতা ! মই আপোনাৰ কন্যাৰ কুমাৰী ধৰ্ম্ম নষ্ট কৰা নাই ৷ মই তেওঁক ধৰ্ম্মমতে বিয়া কৰাইছোঁ ৷ পিতা ! মোক মিছাকৈয়ে দোষাৰোপ কৰিছে ৷ মোৰ নাম অনিৰুদ্ধ ৷ শ্ৰীকৃষ্ণৰ নাতি ৷
বাণ :- [খঙত ] কাপুৰুষ ....
অনিৰুদ্ধ :- পিতা ! মই কাপুৰুষ নহওঁ ৷
বাণ :- ভীৰু তই... চোৰ তই... মনে মনে আহি মোৰ কন্যাৰ সৰ্ব্বনাশ কৰিলি ৷ প্ৰস্তুত হ, তোক মই বধ কৰিম ৷ [অস্ত্ৰ লয় ]
অনিৰুদ্ধ :- বীৰ আপুনি, বিজ্ঞ আপুনি ; বিবেচনা কৰক ৷
বাণ :- বিবেচনা ? দোষী তই, তাৰ শাস্তি গ্ৰহণ কৰিবলৈ প্ৰস্তুত হ ৷
অনিৰুদ্ধ :- ভাল কথা, পিতা ! বীৰৰ সন্তান মই ৷ যুদ্ধ কৰিব জানো ৷ কাপুৰুষৰ দৰে মই মৰিবলৈ প্ৰস্তুত নহওঁ ৷
বাণ :- বীৰ তই ? ইমানেই যদি তোৰ বীৰত্ব তেন্তে কিয় গুপ্তভাৱে মোৰ কন্যাৰ অন্তেষপুৰত প্ৰৱেশ কৰিছিলি ? তই হীন যদুকুলত জন্ম লৈ এনে হীন বৃত্তি অৱলম্বন কৰাটো একো আচৰিত নহয় ৷
অনিৰুদ্ধ :- পিতা ! হব পাৰোঁ নি:সহায় মই, হব পাৰোঁ নিৰস্ত্ৰ মই, সেই বুলি মিছা অপবাদ মই সহ্য নকৰোঁ ৷ বেছ কথা ৷ আপোনাৰ অস্ত্ৰ আৰু মোৰ এই বাহু ৷ বিবেচনা কৰক.... যদি নকৰে তেন্তে অনিৰুদ্ধই আপোনাক ন্যায়যুদ্ধলৈ আহ্বান কৰিছে ৷ক্ষত্ৰিয় মই, শত্ৰুৰ বীৰ্য্য পৰীক্ষা নকৰাকৈ মৰিবলৈ শিকা নাই ৷বাহুযুদ্ধ কৰক, নাইবা মোক অস্ত্ৰ দি ন্যায়যুদ্ধত প্ৰবৃত্ত হওক ৷
বাণ :- বেছ কথা ৷ অস্ত্ৰ ল ৷ [অস্ত্ৰ এখন দিয়ে ] এতিয়া প্ৰস্তুত হ ৷
            [বাণে আক্ৰমণ কৰে ৷ দুয়োৰে ভীষণ যুদ্ধ হয় ৷উষাই ভয়ত, কি কৰিব কি নকৰিব একোকে বুজিব নোৱাৰি আচৰিত হৈ ৰৈ থাকে ৷অনিৰুদ্ধৰ হাতৰ পৰা অস্ত্ৰ ওফৰি যায় ৷ উষাই ততালিকে তুলি দিয়ে ৷]
বাণ :- পাপিনী.... পাপিনী ! তই তোৰ পিতাৰৰ বিৰুদ্ধে অস্ত্ৰ দি সহায় কৰিবলৈকো কুণ্ঠিত নহলি ?
উষা :- পিতা ! পিতা ... মোক ক্ষমা কৰা ৷ তোমালোকৰ যুদ্ধৰ কি প্ৰয়োজন ? মইতো একো বুজা নাই পিতা ! উস্‌.... কি কৰিছা পিতা.... কি কৰিছা ?
            [উষাই মাটিত পৰি কান্দে ৷]
বাণ :- এনে কন্যা মোৰ জীয়াই থকাতকৈ মৰাই শত গুণে শ্ৰেয় ৷
            [অস্ত্ৰ দাঙি লয় ; অনিৰুদ্ধই বাধা দিয়ে ৷]
অনিৰুদ্ধ :- ক্ষান্ত হওক ৷ জ্ঞানহীন নহব ৷ অবলাক অস্ত্ৰাঘাত কৰিবলৈ অস্ত্ৰৰ সৃষ্টি হোৱা নাই ৷ বীৰ আপুনি ! ধিক্‌, শত ধিক্‌ !
বাণ :- সাৱধান ....
অনিৰুদ্ধ :- আপোনাৰ নিষ্ফল গৰ্জ্জনত মই ভয় নাখাওঁ ৷ প্ৰতিযোদ্ধা মই... মোৰ সৈতে মাত্ৰ যুদ্ধ কৰক ৷ আপোনাৰ শক্তিৰ পৰীক্ষা হওক ৷
[দুয়ো আকৌ ভীষণ যুদ্ধ কৰে ৷ বাণৰ আক্ৰমণ অনিৰুদ্ধই ব্যৰ্থ কৰি যায় ৷ অৱশেষত বাণৰ হাতৰপৰা অস্ত্ৰ পৰি যায় ৷ বাণে খঙত বলিয়া হৈ মূৰৰ চুলি ছিঙিব খোজে ৷]
বাণ :- উস্‌... নহয়.... নহয়.... আত্মৰক্ষা কৰ ৷ কলৈ সাৰিবি ? জয় শিৱ শম্ভো !
            [নাগপাশ প্ৰয়োগ কৰে ৷]  
অনিৰুদ্ধ :- কি ৷
            [বান্ধ খাই পৰি আকৌ থিয় হয় ৷ উষাই কান্দি আউলী-বাউলী হৈ বাণৰ ভৰিত পৰেহি ৷]
উষা :- পিতা ! পিতা ! কি কৰিলা তুমি ? কি কৰিলা ? অ পিতা....
বাণ :- কাক পিতা বুলি মাতিছ তই ? দূৰ হৈ যা ৷ দূৰ হৈ যা ৷ মোৰ কন্যা নাই ৷ মোৰ কন্যা মোৰ বংশৰ কলঙ্কত জহি নাইকিয়া হল ৷ বৰ আশা কৰিছিলোঁ ; সকলো নিষ্ফল কৰিলি ! কলঙ্কিনী ! প্ৰহৰী ! প্ৰহৰী !
            [প্ৰহৰীবোৰ আহি থিয় হয় ৷]
            যা, এই বালকক বন্দীশালত নিক্ষেপ কৰগৈ ৷ সাৱধান !
            [বন্দী অনিৰুদ্ধক প্ৰহৰীবোৰে নিব খোজে ৷ উষাই আহি অনিৰুদ্ধৰ ভৰিত গবা মাৰি ধৰে ৷]
বাণ :- সাৱধান উষা ! প্ৰহৰী ! কি চাই আছ ? লৈ যা.... লৈ যা ৷
            [প্ৰহৰীয়ে অনিৰুদ্ধক টানি লৈ যায় ... উষাই বিয়াকুল হৈ ভৰিত ধৰি চুচৰি যায়.... নি...নি...বা নিনিবা, পিতা, পিতা বুলি ৷]
বাণ :- [খঙত বলিয়া হৈ চাই ] উষা ! উষা !! উষা !!!

আঁৰ কাপোৰ


                                                        (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: