নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
চতুৰ্থ অঙ্ক
চতুৰ্থ দৰ্শন
[বাণৰ ৰাজসভা ৷ মন্ত্ৰী, প্ৰসেঞ্জিত আৰু পাৰিষদবৰ্গ ৷ দুৱাৰ-ৰখীয়া প্ৰহৰী ৷]
বাণ:- সেনাপতি প্ৰসেঞ্জিত ! তোমাৰ
সৈন্য-শিক্ষাত মই সন্তুষ্ট ৷তোমাৰ বাহুবল মই প্ৰশংসা কৰো ৷জম্বুদ্বীপত আজি সকলোৱেই
দানৱৰ আগত শিৰ দোঁৱাইছে ৷ কিন্তু সেনাপতি ! এতিয়াও মই তৃপ্ত হোৱা নাই ৷ যদুবংশই
এতিয়াও গৰ্ব্বেৰে থিয় দি শোণিতৰ বিক্ৰমক সন্দেহৰ চকুৰে চাইছে ৷ প্ৰসেঞ্জিত ! মোৰ
বিশ্ববিজয়ী বাহিনীৰ আগত যদুকুলে এতিয়াও আঁঠু লোৱা নাই ৷
প্ৰসেঞ্জিত :- প্ৰভু ! অৱশ্যে
যদুকুলেই আমাৰ একমাত্ৰ প্ৰতিদ্বন্দী ৷ আমাৰ শৌৰ্য্য-বীৰ্য্যত যদুকুলেইহে মাত্ৰ ছাঁ
পেলাব পাৰিছে ৷প্ৰভু ! মোৰ দৃঢ়বিশ্বাস, আমাৰ শক্তিৰ আগত যদুকুলে মূৰ দোঁৱাবলৈ
বাধ্য হব ৷আপুনি মাথোন আজ্ঞা কৰক ৷মই যদুকুলৰ গৰ্ব্ব খৰ্ব্ব কৰি শোণিতৰ ময়ুৰধ্বজা
দ্বাৰকাত উৰাই আহোগৈ ৷ শিৱৰ কৃপাত আমাৰ বিজয় অনিবাৰ্য্য ৷
মন্ত্ৰী :- প্ৰভু !
শোণিতপুৰে আপোনাৰ দৰে বাহুবলী শক্তিশালী ৰজা পাই ধন্য হৈছে ৷ মহাৰাজৰ সুশাসনত
শোণিতত আজি দুৰ্ভিক্ষ মাৰি-মৰকৰ অন্ত হৈছে ৷ প্ৰজাই শান্তিৰে সংসাৰ চলাইছে ৷এনে
শান্তিৰ ৰাজ্যত সৰ্ব্ব শাস্ত্ৰ, সৰ্ব্ব কলা-বিদ্যাৰ চৰ্চ্চা হব লাগিছে ৷সকলোৱে
শান্তিত থাকি সকলো কামৰ কাৰণে সময় আৰু সুবিধা পাইছে ৷শোণিতৰ এনে জয় জয়- ময় ময়
অৱস্থাত আকৌ ৰণ-বিগ্ৰহৰ অনাৱশ্যক ৷ মহাৰাজৰ খ্যাতি ত্ৰিভুৱনবিয়পা,,, যদুকুল আপোনাৰ
গৌৰৱ হ্ৰাস কৰিবলৈ অলপো সমৰ্থ নহয় ৷
বাণ :- অৱশ্যে মন্ত্ৰী ! তোমাৰ কথা
মই উপলব্ধি কৰিব পাৰিছোঁ ৷ প্ৰজাৰ কেনেকৈ উন্নতি হয়, প্ৰজা কেনেকৈ সুখ-শান্তিত
থাকে, মোৰ ৰাজ্যত জ্ঞানচৰ্চ্চা, সকলো শিল্প আৰু ললিত কলাৰ চৰ্চ্চাৰ কেনেকৈ উন্নতি
হয়, তাৰ কাৰণে মই সদায় ভাবিব লাগিছোঁ ৷ কিন্তু মোৰ প্ৰৱল প্ৰতাপ উপেক্ষা কৰা উন্নতশিৰ
যদুকুলৰ এনে আচৰণ মোৰ বাহুবলে সহ্য কৰিব নোৱাৰে ৷ যদুকুল জয় কৰিব নোৱাৰিলে মোৰ
তৃষ্ণাৰ উপশম ক’ত ?
[এনেতে দুৱৰীৰ
সৈতে কাজিয়া কৰি কুঁজী সোমাই আহি বাণৰ আগত আঁঠু লয়হি ৷বাণ আৰু সভাসদ অলপ আচৰিত হয়
৷ ]
কুঁজী !
কুঁজী:- [সেৱা কৰি ] মহাৰাজ ! উষাই এনে হেন অগ্নিগড় পাৰ কৰি ক’ৰবাৰ
ডেকা ল’ৰা এটা আনি অন্তেষপুৰত ৰাখিছেহি ৷আমাৰ
হাক-বচন নুশুনে !
[বাণে খঙত, লাজত, অপমানত মূৰ তললৈ কৰি আনফালে ঘূৰি বহে আৰু কুঁজীয়ে আগৰ
ঠাইৰপৰা উঠি পুনৰ বাণৰ আগত আঁঠু লৈ আগতকৈ ডাঙৰকৈ কয় ৷]
মহাৰাজ
! আপোনাৰ উষাই ক’ৰবাৰ ডেকা .....
বাণ:- [খঙত উগ্ৰ হৈ ] প্ৰহৰী ! প্ৰহৰী !
[প্ৰহৰী আহি থিয় হয় ৷]
বাণ :- এই পাপিষ্ঠা নিলাজী নাৰীক
নাক-কাণ কাটি এৰি দেগৈ ৷
[কুঁজী বিচূৰ্ত্তি হৈ কঁপিবলৈ ধৰে, প্ৰহৰীয়ে টানি লৈ যায় ৷]
বাণ :- যোৱা প্ৰসেঞ্জিত ! ৰথ
প্ৰস্তুত কৰাগৈ ৷
[প্ৰসেঞ্জিত যায়গৈ ৷ ]
মন্ত্ৰী
!
মন্ত্ৰী :- প্ৰভু !
বাণ :- উস্.... যাক ইমানদিন
স্নেহ-সাগৰৰ মাজত বুৰাই ৰাখিছিলোঁ ... কত সোণালী আশাৰ সপোন গঢ়িছিলোঁ ! মোৰ হৃদয়
উবুৰিয়াই যাক ভাল পাই সহস্ৰ বীৰক অপাত্ৰ বুলি উপেক্ষা কৰিছিলোঁ... এয়ে তাৰ পৰিণাম
! এনে অপমান, লাঞ্ছনা মোৰ ভাগ্যত আছিল ! কন্যা হৈ তাই মোৰ উজ্জ্বল গৰিমাত ছাই সানি
দিলে ৷ নহয়, মোৰ কন্যা নাই ! স্নেহ নাই ! দয়া নাই, মমতা নাই ! উষা, কলঙ্কিনী ! তোৰ
আৰু পিতৃ নহওঁ.... মই পিশাচ.... তোৰ পিতৃৰ প্ৰেতমূৰ্ত্তি... তোৰ তেজেৰে নৈ
বোৱাম.... তোৰ মৃতদেহৰ ওপৰত পিশাচৰ তাণ্ডৱ নৃত্য কৰিম.... নিজ হাতেৰে গঢ়া সোণৰ
সংসাৰ পুৰি ভস্ম কৰি মোৰ কলঙ্ক মোচন কৰিম ৷
[খঙত বলিয়া হৈ সভাৰপৰা ওলাই যায় ৷ মন্ত্ৰী-সভাসদসকল পাছে পাছে যায়গৈ ৷]
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment