নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
তৃতীয় অঙ্ক
ষষ্ঠ দৰ্শন
[দ্বাৰকাৰ বাহিৰৰ সাগৰৰ পাৰত ৷চিত্ৰ এখোজ দুখোজকৈ গৈ থাকে ; অনিৰুদ্ধ মুগ্ধ
অৱস্থাত পাছে পাছে ৷ ]
অনিৰুদ্ধ :- সঁচাকৈয়ে
ইমান সুন্দৰী ? মোৰ কল্পনাৰ সেই অনিন্দ্যসুন্দৰ মূৰ্ত্তিখনি তোমাৰ প্ৰত্যেক কথাই
কথাই উজ্জ্বল হৈ আহিব লাগিছে ; সহস্ৰ সুন্দৰ হৈ মোৰ আগত হাঁহিব লাগিছে ৷ চিত্ৰ....
চিত্ৰ :- তুমি মন কৰিছানে ?
অনিৰুদ্ধ :- কি ?
চিত্ৰ :- জোনালী নিশা যেতিয়া গোটেই
পৃথিৱীত ৰূপৰ জেউতি চৰি উঠে... আকাশত যেতিয়া শত-সহস্ৰ তৰাবোৰ জেউতি বিলাই হাঁহি
উঠে... আৰু সেই সৌন্দৰ্য্যত বুৰ গৈ নিজৰাটিয়ে যেতিয়া কুলুকুলুকৈ বৈ গৈ এটি বিৰাট
সৌন্দৰ্য্যৰ সৃষ্টি কৰে... তাকো সেই ৰূপৰ সৈতে ৰিজাব নোৱাৰি ৷
অনিৰুদ্ধ :- চিত্ৰ..
চিত্ৰ... ইমান সুন্দৰী ?
চিত্ৰ :- কুমাৰ, মন কৰিছানে ?
অনিৰুদ্ধ :- কি ....
চিত্ৰ :- পুৱা যেতিয়া হেঙুলি উষাৰ
কিৰণ আহি গোলাপৰ পাহিত ওলমি থকা নিয়ৰৰ মুকুতাবোৰত পৰি কিলিঙনি তোলে, আকাশত যেতিয়া
এটা ৰঙচুৱা দিগন্ত-বিয়পা সৌন্দৰ্য্যৰ সৃষ্টি কৰি গোটেই বিশ্বসংসাৰ সেই সৌন্দৰ্য্যত
অভিভূত কৰি এক মহান মোহিনী সৌন্দৰ্যয়ৰ সৃষ্টি কৰে...
অনিৰুদ্ধ :- ওঁ...
চিত্ৰ :-- সিও চেৰ
পৰা ৷
অনিৰুদ্ধ :- মই চাওঁ... মই চাওঁ ...
চিত্ৰ :- তুমি মন কৰিছানে ?
অনিৰুদ্ধ :- ওঁ ?
চিত্ৰ :- মধুৰ বসন্তত যেতিয়া গছে গছে
কুঁহিপাতবোৰ গজিবলৈ ধৰে, বাসন্তীৰ তুলিৰ বৰণত যেতিয়া গছ-পাত-লতাবোৰ আত্মসমৰ্পণ কৰি
ন যৌৱনৰ লাজুকী আভা ফুটাই পুৱাৰ কোমল কিৰণতে উৱঁলি পৰিব খোজে .. সেই সৌন্দৰ্য্য
তুমি মন কৰিছানে ?
অনিৰুদ্ধ :- ইমান ?
ইমান ? চিত্ৰ... চিত্ৰ, তোমাৰ বৰ্ণনাত মই বিয়াকুল... লৈ বলা, লৈ বলা... এবাৰ
চাওঁগৈ মই... এই বিশ্বসংসাৰত সিঁচৰতি হৈ থকা বিৰাট সৌন্দৰ্য্য য’ত
একে ঠাইতে থূপ খাই আছে ৷ মই বিশ্ব-সংসাৰৰ সৌন্দৰ্য্য... সেই বিশ্ববিজয়ী সুন্দৰীৰ
অধৰ চুমি...
চিত্ৰ :- ৰ’বা...
তুমি মন কৰিছানে ?
অনিৰুদ্ধ :- আৰু এই
সৌন্দৰ্য্যক মই সাৱটি ধৰিব পৰা নাই.... চিত্ৰ ... মোৰ আগত তুমি সৌন্দৰ্যয়ৰ আনন্ত
সমুদ্ৰ মুকলি কৰি দিছা... তাৰ পাৰ আৰু নাইকিয়া হবলা ...
চিত্ৰ :- হিমালয় তুষাৰে ঢকা টিঙ যি
ৰেখাত নীলিম আকাশৰ সৈতে মিলো-মিলোকৈ লীন যাব খুজিছে, তাত যেতিয়া অস্তাচলৰ সূৰুযৰ
শেষ কিৰণৰ ৰেখা এটা আহি পৰি সেই অতুল সৌন্দৰ্য্যত ৰং চৰাই লাহে লাহে মাৰ গৈ এবাৰ
নীলা এবাৰ ৰঙা এবাৰ হেঙুলীয়া বৰণত পৰিণত হব খোজো-খোজো কৰে, সেই সৌন্দৰ্য্য উষাৰ
সৌন্দৰ্য্যৰ আগত ম্লান পৰি যাব.... তেতিয়া দেখিবা তুমি ... সেই ৰূপৰ সৈতে সেই ৰূপৰ
লক্ষ যোজনৰ আঁতৰ...
অনিৰুদ্ধ :- চিত্ৰ...
চিত্ৰ... মোৰ আৰু কল্পনাৰে সেই সৌন্দৰ্য্য ভাবিব পৰা নাই... মোৰ চকুৰ আগত
সৌন্দৰ্য্য আহি মোৰ দৃষ্টি ধুঁৱলী-কুঁৱলী কৰি দিছে... মোক লৈ বলা... লৈ বলা... মই
চাওঁগৈ... চাওঁগৈ ৷
[চিত্ৰই লাহে লাহে কুমাৰক হাতত ধৰি লৈ যায়... কুমাৰ এখোজ-দুখোজকৈ ওলাই যায়
৷ অনিৰুদ্ধ একেবাৰে মুগ্ধ ; তন্ময় ৷]
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment