নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]
তৃতীয় অঙ্ক
প্ৰথম
দৰ্শন
[সৰস্বতী নৈৰ পাৰত পুৱা সময়ত সখী
চিত্ৰলেখা ৷ ]
চিত্ৰলেখা :- সখীৰ
কামনাবোৰে
ৰই
ৰই অন্তৰত মোৰ
ভূমুকি
মাৰিছে ৷আঘাতত
তাৰ,
শিয়ঁৰি উঠিছে মোৰ
হৃদয়ৰ
শত ব্যাকুলত ৷
কোন
নজনাৰ ফালে, কি ৰহস্যৰ
ফালে,
যাব খোজা হিয়া ?
সৃষ্টিৰ
আদিৰে পৰা অনন্ত
কাললে’,
যতবোৰ সৌন্দৰ্য্যৰ
নিমাতী
প্ৰতিমা.... ফুলি উঠি
নিৰৱে হিয়াত, জগালেহি
কিহৰ
প্ৰেৰণা ?
কোন
দিনা, মানসৰ পূৰ্ণিমাৰ
জোনালী
নিশাত, মিলিব, মিলিব
মোৰ
অনন্ত বাসনা সৃষ্টিৰ ই
ৰহস্যৰ
স’তে, মাৰ যাব হিয়াৰ
বিননি
সেই মহা শূইনৰ
প্ৰতি
স্তৰে স্তৰে !
অতৃপ্ত
নহয় বাসনাতো
মোৰ
! তৃপ্ত, তৃপ্ত ই যে
পূৰণ
মাত্ৰায়... তথাপিও
প্ৰাণ
মোৰ কিয় বিয়াকুল
অনন্ত
বাসনা লৈ হিয়াৰ
মাজত
?
ফুলিছে
সহস্ৰ ফুল কত
যুগ
ধৰি, গাবহি
অনন্ত
কাল কুলিয়ে অমিয়া,
বিলাব
সৌৰভ ফুলি শত ফুলকলি,
তথাপিতো
নহব যে শেষ
অতৃপ্ত
হিয়াৰ মোৰ সৌন্দৰ্য্য-সাধনা !
সঙ্গীতৰ
সহস্ৰ কুঁৱৰী বিলাব
সঙ্গীত-মৌ
শত যুগ ধৰি,
প্ৰেমৰ
কুঁৱৰীসৱে কত
অভিনয়
কৰি যাব কত
কাল
ধৰি ; কিন্তু তথাপি
হিয়াৰ
মোৰ অতৃপ্ত বাসনা
নহব,
নহব শেষ, আকুলতা
থাকিব
প্ৰাণত ৷ ক’ত এই
বাসনাৰ
শেষ ?
কত
শত শিলাকুটি নিৰ্ম্মিব
পুতলা,
কত শত চিত্ৰলেখা
তুলিব
আগেদি ফুটাব
সুন্দৰ
মূৰ্ত্তি নোহোৱা-
নোপজা
৷ কল্পনাৰ
সিপাৰৰ
হে চিৰসুন্দৰ !
কোন
তুমি যুগমীয়া
সৌন্দৰ্য্যৰ
নিমাত দেৱতা ?
ব্যৰ্থ
হেৰা, ব্যৰ্থ হেৰা তোমাৰ
নিৰ্ম্মান,
এই বিশ্বসংসাৰৰ
ভাগ্যবিধাতা,
বৃথা দেখোঁ
নিৰ্ম্মান
তোমাৰ ৷ নুফুটিল সেই
মূৰ্ত্তি
সৌন্দৰ্য্যতো চৰা তোমাৰ
তুলিব,
বিচাৰি ফুৰিছে যাক
সৌন্দৰ্য্য-প্ৰেয়সী
এই
বিয়াকুল
হিয়া ৷
শত
সৃষ্ট সুন্দৰৰ,
শত
শত মদনৰ
আনি
ৰূপ, পাৰিবানে
হে
বিশ্ববিধাতা, নিৰ্ম্মাণিব,
মূৰ্ত্তখনি
বিচাৰিছে যাক
আজি চিত্ৰৰ
হিয়াই ?
নোৱাৰিবা,
নোৱাৰিবা
নিচুকাব মোক, তোমাৰেই
কল্পনাৰ
অতীতৰে গঢ়া,
অনন্ত
অতৃপ্ত বাসনাৰে ভৰা
চিৰ
বিয়াকুল এই মানৱীৰ হিয়া ৷
[চিত্ৰ কিছু বেলি বিমনা হৈ থাকে ৷ তাৰ পিছত গায় ৷]
কোন সুন্দৰ তুমি, কল্পনা পাৰত মোৰ
বজোৱা
অমিয়া বীণ ?
চিৰ অতৃপ্তিৰ বাসনা হিয়াৰ
যাবনে
তোমাৰ সুৰতে লীন ?
বাজিছে তোমাৰ সেই বীণখনি
কিনো
নজনা সুৰে
কত লক্ষ কোটি ৰাগ ৰাগিনীৰ স্পন্দন আহি
চৌপাশে
মোৰ উৰে ৷
(সিপিঠিত)
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
No comments:
Post a Comment