অনুসন্ধান আকাংক্ষাত

Sunday, February 10, 2013

নাটক - শোণিত কুঁৱৰী (২)



নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

দ্বিতীয় অঙ্ক
প্ৰথম দৰ্শন

[লোহিতৰ পাৰত উষাৰ নগৰ ৷ বেলি মাৰ যোৱা সময় ৷ দূৰত অগ্নিগড়ৰ অগ্নিশিখা দেখা গৈছে ৷ ব্ৰহ্মপুত্ৰৰ ক্ষীণ শব্দ আহি কাণত পৰিছে ৷ ওখ অট্টালিকাৰ ওপৰত উষা এটা স্তম্ভত আউজি আছিল ৷ পত্ৰলেখা, চন্দ্ৰলেখা, মধুলেখা আৰু আন আন সখীসকল নানা ঠাইত বহি কথা-বতৰা পাতি আছিল ৷ উষাই একান্ত মনে পশ্চিমৰ ফালে চাই গীত গাইছিল ৷]

গীত

গুমৰি উঠিছে হিয়া অভিনৱ তানে ৷
যৌৱনৰ প্ৰথম পুৱাত আজি
          ত আছে প্ৰাণৰ আলহী
          কোনে কৈয়ে দিব
          কোনে জানে ৷

[এনেতে চিত্ৰলেখাই হাতত বীণ এখন লৈ সোমাই আহে ৷]

চিত্ৰ :- ই:, ই: ! যৌৱনৰ আলহী বিচাৰিছা নেকি হে ? মই জানো, মই জানো ৷
          [সখীবোৰে হাঁহে]
            নেলাগে, নেলাগে বাৰু এতিয়া আলহী বিচাৰিব, এই ফালে আহাঁ ৷
উষা :- মোৰ সৌ নৈৰ পাৰলৈ যাবৰ বৰ মন গৈছে ৷বলা সখী ! তালৈ যাওঁ ৷
চিত্ৰ :- লৈ ? ভাল কৈছা দেওহে ! পিতাৰাই ইয়াত যে তোমাক বন্দী কৰি থৈছে তাক হবলা ভু-কে পোৱা নাই ?
উষা :-  কিয় ?
চিত্ৰ :-  কিয়, পৰ্ব্বতটো যে থিয় ! তোমাৰ যোগ্য দৰা নেপাই... মহা দিগ্‌বিজয় নে দিগগজ্‌ বীৰ নেপাই !
            [সখীবোৰে হাঁহে, উষাই লাজ কৰি ওফোন্দ পাতি আন ফালে যায় ৷]
চিত্ৰ :-  ইস্‌ ইস্‌ আহাঁ আহাঁ ৷ বাৰু পিছতো লাজসোপা কৰিবা এথোন ৷
চিত্ৰ :-   চিত্ৰ, উষাই তোমাক এতিয়া...
উষা :- ইহ্‌ ইহ্‌ ... মিছা....
পত্ৰ :- কওঁনে, কওঁ...
উষা :- নাইহে, একো নাই কোৱা ! যোৱা :-
            [এই বুলি যাব খোজে ৷]
পত্ৰ :- নহয় বাৰু, আহাঁ ৷
চিত্ৰ :- মই জানো কিবা লাগিছোঁ ? আহাঁ আহাঁ ; বীণখন বজাব খুজিছিলা নহয়, আহাঁ ৷
পত্ৰ :- সেই ফালে হবলা যৌৱনৰ আলহী বিচাৰি যায় ?
            [সখীবোৰে হাঁহে]
উষা :- কিহে পেংলাই কৰি থাকা ! ওঁ বীৰ নহয়....
চিত্ৰ :- বাৰু হৈছে এতিয়া ৷ বাৰু তুমি বীৰ...
উষা :- যোৱা : !
চিত্ৰ :- নহয় বাৰু ৷ আহাঁ, বজোৱাহি ৷
উষা :- তুমি বজোৱাচোন ৷ পত্ৰই গীত গাওক, এওঁলোকে নাচক ৷
পত্ৰ :- এৰা, এৰা ৷ মই নাগাওঁ, এওঁলোকেও নানাচে ; চিত্ৰয়ে গাবও লাগিব, নাচিবও লাগিব ৷ মইনা থাকোতে কাউৰী লৈ....
চিত্ৰ :- বাৰু হৈছে ৷ পিছে মই দেখোন সদায় নাচিয়েই আছো ৷ ইমান দিন....
উষা :-বাহে, এতিয়া এইদৰে তৰ্ক কৰি থাকোতেই সময় যাব ৷ গোৱাঁ, গোৱাঁ চিত্ৰ ৷
চিত্ৰ :- সঁচাকৈয়ে গাবই লাগিব নেকি ?
সখীবোৰ :- অৱশ্যে, অৱশ্যে ৷
চিত্ৰ :- তেন্তে তাঁৰ বান্ধি লওঁ, ৰবা ৷
            [আটাইকেউজনীয়ে চিত্ৰক বেঢ়ি বহে, চিত্ৰই তাঁৰ বান্ধিবলৈ লাগে ৷]
উষা :- এতিয়া কাণ মোচৰোতে মোচৰোতে এযুগ যাব যেনহে পাইছোঁ ৷
চিত্ৰ :- এই হল ৰবা ; হল আৰু ৷
            [তাঁৰ পকায় ৷ তাঁৰ ছিগি যায় ; সকলোৱে হাঁহিবলৈ ধৰে ৷]
চিত্ৰ :- ভাল আপদ !
            [আকৌ চেষ্টা কৰে, আকৌ ছিগি যায় ৷]
উষা :- থোৱা, থোৱা, ফালিবা এতিয়া ৷ [হাঁহে]
পত্ৰ :- বোলো এতিয়া বীণখন থোৱা ৷ এনেয়ে গীত গাই নাচা ৷
চিত্ৰ :- ৰবা : এইবাৰ হব ৷
উষা :- নালাগে, নালাগে উথা ৷
চিত্ৰ :- হব হে ৰবা ৷
উষা :- [চিত্ৰক ধৰি] নালাগে উথা ৷
চিত্ৰ :- তোমাৰপৰা নোৱাৰি দিয়া ৷
            [বীণখন আঁতৰাই থৈ]
            নাচা হে পত্ৰ ! নাচা হে, কি চাই আছা ?
পত্ৰ :- ইস্‌, নাচিব লাগে কোনে, আকৌ নাচিবলৈ কয় কাক ?
উষা :- কিহে চিত্ৰ ?
চিত্ৰ :- নচুৱাই নচুৱাই... বাৰু দিয়া ৷
উষা :- গীতো লগতে ?
চিত্ৰ :- উষা বাৰু, কি গাম ?
উষা :- আগতে ইমানবোৰ পৰি আছে ৷ সুৰৰ ৰহণ সানি নি থাকা ৷
            [চিত্ৰই নাচে আৰু গায় ৷]

গীত

বোৱাঁ বোৱাঁ দখিণ মলয়া, তটিনী গোৱাঁ ৷
সমীৰণে আহি পৰাণ জুৰালে আ হা ৷
            কোন নন্দনত পাৰিজাত ফুলে
                        বিলাই সুৰভি বিয়াকুল কৰে ৷
কোন তটিনী বয়, কুলু কুলু কুলু
            কুলু কুলু কুলু
            কুলু কুলু কুলু কই
নিজৰি, নিজৰি, নিজৰি নিজৰি কোন সুৰে
                                    গান গাই ৷
প্ৰাণ মতলীয়া কৰা আলসুৱা ই কিনো মায়া,
                                    ই কিনো মায়া ৷

চিত্ৰ :- উস্‌ ! আৰু নোৱাৰো, বৰ ভাগৰ লাগেহে ৷
উষা :- সঁচাকৈয়ে চিত্ৰ ! তোমাৰ নাচোন চাই বলিয়া নোহোৱাকৈ থাকিব নোৱাৰি ৷
চিত্ৰ :-  বাৰু, বাৰু, প্ৰশংসা কৰিব নেলাগে, যোৱা ৷
উষা :- সঁচাকৈয়ে সঙ্গীত ইমান সুন্দৰ !
পত্ৰ :- তাতে আকৌ আচলজনীয়েই গাইছে ৷ নহবনো কিয় ? সোণত সুৱগাৰ দৰে ৷
চিত্ৰ :- এঁ : এঁ:, কব লাগিছেনে আৰু ! বাৰু প্ৰশংসাখন থোৱা ৷ তোমালোক আটাইকেউজনীকে মই নচুৱাইহে এৰিম ৷
পত্ৰ :- , সৌৱা আই আহিছে ৷
উষা :- তা ?
পত্ৰ :- সৌৱা ৷
            [আটাইকেজনীয়ে চায় দেখি, আহি পাবলৈ বাট চাই থাকে মধুমতী আহে, আটাইবোৰে সেৱা কৰে ]
মধুমতী :- আই উষা ! ভালে আছনে ?
উষা :- আই, আছোঁ ৷ তোমালোকে ভালে আছানে ? পিতা ইয়ালৈ নাহে নেকি ? তুমি দেখোন বহুত দিন নহাকৈ আছিলা ?
মধুমতী :- এৰা আই ৷ মোৰ ভাল লাগিছে ৷ নগৰখন বৰ সুন্দৰ হৈছে আই ৷
উষা :- আই চিত্ৰ-পত্ৰ ! তহঁত ভালে আছনে ?
চিত্ৰ-পত্ৰহঁত :-  হয় আই, আছোঁ ৷
উষা :- [হাঁহি] পিছে আমাৰ কুঁজী বায়ে সদায় চিঞৰ-বাখৰ কৰি থাকে ৷[কুঁজীক] উ কুন্ধচ !
            [উষাৰ কথা শুনি কুঁজীয়ে তিনি জাপ দি চিঞৰ-বাখৰ কৰি..]
কুঁজী :-  ঔ আই
উষা :- ধেমালিহে কুঁজী বাই ! ধেমা
কুঁজী :-  অঁ ধেমালি তো ! হে মই তোৰ জানো সমনীয়া, তাতে মোৰ লগত যে চুপতিখন কৰ ? মোক যে সদায় কুন্ধচ কুন্ধচ কৰ, মইনো কিহত বেয়া, ৰূপতে বেয়া নে গুণতে বেয়া নে কিহত বেয়া ? এতিয়াহে বঢ়ী হলো ৷ দাঁত সৰিল, চুলি পকিল, কঁকাল পৰিল; ডেকেৰী হৈ থকা হলে দেখিলিহেঁতেন ! এতিয়াহে দেখিছ মোক এনে হেন ৷ বাটৰ মানুহে ৰ লাগি চাই গৈছিল ৷
            [এটাইখনে হাঁহে ৷]
কেইটা ৰজাৰ লৰাই বিয়া কৰিবলৈ হাবাথুৰি খাই ফুৰিছিল ৷ পিছে মই জানো তেনে কেটালৈ যাওঁ ? এতিয়াহে মোক বোল যা, যা বুঢ়ী যা ৷
উষা :- ইহ্কুঁজীবাই ! বেয়া পোৱানো কিয় ? ধেমালি হে কৰিলোঁ ৷
কুঁজী :- ধেমালি, যা যা আইহে ! কালিৰ ছোৱালীজনী হৈ তই মোক বেয়া দেখিলি নয় ৷ ইমান দিন মাৰ-বাপেৰৰ লগত থাকিলোঁ, কোনেও বেয়া বুলিব নোৱাৰিলে, তোৰ আগত হে হলোঁ বেয়া !
চিত্ৰ :- কুঁজী ! তই বাৰু বৰ ৰূপহী দে ৷ মনে মনে থাক ৷
            [কুঁজীয়ে চিত্ৰৰ ফালে চকু পোন্দাই চায় ৷]
মধুমতী :- কুঁজী ! মনে মনে থাক ৷ ধেমালিতে লাগিব লাগেনে ?
            [কুঁজীয়ে মনে মনে বোক্‌বোকাই থাকে ৷]
চিত্ৰ :- আই ! তুমি আজিয়েই যাবাগৈ নেকি ?
মধুমতী :- এৰা আই আজিয়েই যাম ৷
উষা :- নহয় আই, আজি নাযাবা ৷ মোৰ বেয়া লাগিব আই ! তুমি ইমান দিনৰ মূৰত আহিছা ৷
মধুমতী :- আই ! মই আৰু তহঁতক সদায় ধৰি থাকিমনে ? সখীয়েৰহঁত থাকিব নহয়, কুঁজী থাকিব নহয় ৷
উষা :- [হাঁহি কুঁজীৰ ফালে চাই ] কুঁজী বাইক নেলাগে আমাক ৷
কুঁজী :- [খঙেৰে] নেলাগিবতো কুঁজীক ! কুঁজী ফেদেলীক নালাগে ৷ চত্ৰলেখীৰ দৰে দীপলীপ কইনা কেখানিনো কত পোৱা ? , মোৰ আই হে ! এই কণৰপৰা তুলি-তালি ডাঙৰ কৰিলোঁ, এতিয়া আকৌ তাইকে নলগা হ, নহয় !
            [উষাহঁতে হাঁহে ৷ চিত্ৰই চকু টিপিয়াই কুঁজীক জোকায় ৷]
উষা :- বাৰু আই, তুমি মাজে মাজে আহি থাকিব দেই ৷
মধুমতী :- বাৰু আহিম আই !
চিত্ৰ:- বলা সখী, আইক আগবঢ়াই থওঁগৈ ৷
উষা আৰু সখীবোৰ :- ওঁ বলা ৷
            [সকলো যায়গৈ ৷]
[কিছুপৰৰ পিছত উষা অকলে কিবা ভাবত বিভোল হৈ আহি বেদী এখনত বহেহি ৷ এনেতে কেজনীমান সখীয়ে ধূপধূনা দি উষাৰ ওচৰতে  ধূপৰ পাত্ৰ থৈ গুচি যায় ৷ উষা বহি বহি ভগৱতীক ভাবি বিভোল হয় ৷সন্ধিয়া লাগি আন্ধাৰ হয় ৷ সখীহঁতে তেতিয়াও উষাৰ কোঠাত প্ৰদীঞ লগাই থৈ যোৱা নাছিল ৷ উষা ভক্তিত গদ্‌গদ্‌ হৈ কয় ৷]
উষা :- আই ভগৱতী ! হিয়াৰ গুপুত কামনা-বাসনাবোৰ কাণে কাণে পূৰ্ণ হৈ উথলি পৰিছে ৷ মোৰ শান্ত হিয়া উথলি উঠিছে... কিহবাৰ আবেগত হিয়া বিয়াকুল হৈছে ৷ মাতৃ ! মোৰ অন্তৰৰ অতৃপ্ত বাসনা তুমি কেতিয়া পূৰাবা ? মোৰ আকুল হোয়া কেতিয়া জুৰাবা আই !
            [মূৰ দোঁৱাই সেৱা কৰে ৷ ভক্তিৰ অশ্ৰু গুগালেদি বৈ আহে ৷ এনেতে আন্ধাৰ খোটালি পোহৰাই ভগৱতীৰ আবিৰ্ভাৱ হয় ৷ উষাই ভগৱতীৰ চৰণত গবা মাৰি ধৰি মূৰ দোঁৱায় ৷]
ভগৱতী :- উষা ! অচলা ভক্তিত তোৰ তুষ্ট হলো মই ৷ যৌৱনমুগুধা আই মোৰ, পাবি তোৰ প্ৰাণৰ বাঞ্ছিত স্বামী, মহাবীৰ মহাযোদ্ধা অনিন্দ্য সুন্দৰ ৷
            [ভগৱতী অন্তৰ্দ্ধান হয় ৷ উষাই সেৱা কৰি মূৰ দোঁৱাই থাকে ৷ এনেতে উষাৰ সখীহঁত সন্ধ্যাদীপ হাতত লৈ সোমায় আহে ৷ ৰঙচুৱা পোহৰ পৰি উষাৰ মুখত এটি অভিনৱ জেউতি ফুটাই তোলে ৷]
  

                                                                                              (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: