তোমাক সজাম বুলি মানস পটত
ভাবিছিলোঁ বহুবাৰ বহুতো পৰত ৷
মানস পটত পিছে দাগ পৰি ৰ’ল ৷
তোমাক হেৰুৱালোঁ মালতী
এদিন দিছিলাঁ গোলাপ এটি
আৰু আছিল তাৰ কাঁইট এটি
বিদ্ধীন কলিজাৰ জোৱাৰ উঠি
দিগন্তৰ পাৰ ভাঙি, তোমাৰ আশাৰ
চুৰমাৰ কৰি তোলে, মোৰ কল্পনা
আছে জানো তোমাৰ মনত
মানস পটত পিচে দাগ বহি ৰ’ল
তোমাৰ হেৰুৱা ক্ষণটি ৷৷
(ভূপেন
হাজৰিকাদেৱৰ গীত, শিৱসাগৰ : ১৯৯৩ চন)
(ইউনিক’ডীয় ৰূপান্তৰ : দিগন্ত
শইকীয়া)
No comments:
Post a Comment