অনুসন্ধান আকাংক্ষাত

Sunday, February 10, 2013

নাটক - শোণিত কুঁৱৰী (৩)



নাটক - শোণিত কুঁৱৰী
[জ্যোতিপ্ৰসাদ আগৰৱালা]

দ্বিতীয় অঙ্ক
দ্বিতীয় দৰ্শন


[এটা বন পথ ৷ সন্ধ্যা হৈ আন্ধাৰ হৈছে ৷ ৰতি আৰু মদন আহি গীত গাই নাচে ৷]


গীত :-

          আমি কৰি ফৰো বিয়াকুল ৷
[থাকে] নিজৰ যত কুল কুল
          ফুলৰ পাহিত নিয়ৰ দুল
          সখীয়তীৰ মাতে যত বিয়পিছে ইকুল
          সিকুল ৷

মদন :- মোৰ যে ফুলৰ কাঁৰ ৷
ৰতি :- মোৰ হাতত মধুৰ ভাৰ ৷
দুয়ো :- আমাৰ কাষতে চোৱাঁ প্ৰেমিক-প্ৰেমিকা বিয়াকুল ৷
ৰতি :- মোৰ হাতত ফুলৰ বেণু ৷
মদন :- মোৰ হাতত কানুৰ বেণু ৷
দুয়ো :- লগৰী লগৰী আমাৰ মতলীয়া মধু পি আকুল ৷
মদন :- এইবাৰ ভগৱতীয়ে বেছ কামটিলৈ পাচিছে ৷
            [এনেতে স্বপ্নদেৱী গীত গাই সোমায় ৷]


গীত

সপোন পাৰৰ মই              সপোন কুঁৱৰী ৷
          অমিয়া-মাধুৰী মই আনো কুহকিনী
মই যে মায়াবিনী কথা দিওঁ সুৱঁৰি ৷
          হাঁহো মৃদু মৃদু কৰি ৷

মদন :- কিহে, সপোন সখী ৷ পালাহি নেকি ? ভগৱতীয়ে তোমাৰ কথাও কৈছিল বোলে, তোমালোকে যোৱা, সপোনক মই পঠাই দিম ৷ পিছে সময় হৈছে নহয়নে ?
স্বপ্নদেৱী :- ওঁ ওঁ, খৰ কৰিব লাগিল, বলা ৷ বহু নিশা হৈছে ৷ মই তেন্তে আগবাঢ়ো দেই ৷               
মদন :- বাৰু, আমি গৈছোঁ, বলা ৷
            [স্বপ্নদেবী যায়গৈ আৰু মদন-ৰতিয়ে গাই গাই যায় ৷]







                                                                                              (সিপিঠিত)

[ইউনিকড ৰূপান্তৰ : দিগন্ত শইকীয়া]

No comments: