প্ৰত্নতাত্ত্বিকৰ কলাঘুমটি
[জ্যোতিপ্ৰসাদ
আগৰৱালা]
শিলাকুটি
(এক)
‘ই শিলডুখৰি কোনে কাটিছিল,
কাৰনো
হাতৰ ই পুৰণি চিন ?’
সঁচাকৈয়ে কোনেনো এইদৰে বাৰু নিমজকৈ কাটিছিল ? লাহে লাহে আকৌ
এবাৰ হাত ফুৰাই চালোঁ ৷ কত যুগ ই ৰ’দ-বৰষুণত পৰি আছে, তথাপিও ইমান নিমজ হৈ আছে ৷ ইয়াৰ
মূৰ্ত্তিবোৰ যেন এটা এটা সৰু পুতলাহে ৷ শিলডোখৰৰ চাৰিফালে আকৌ এবাৰ ঘূৰি চালোঁ ৷ মূৰ্ত্তিবোৰ
পঁচিছ বিধৰ নৃত্য-ভঙ্গীত কটা ৷ কিছুমানে হাতত ঢোল, পেঁপা,, কৰতাল লৈ বজাইছে আৰু
এজনী তিৰোতাই বিবিধ ভঙ্গীত নাচিছে ৷ পুৰণি নৃত্য-কলাৰ চানেকি দেখি মনটো বৰ ভাল
লাগিল ৷ কাকতত টুকি ললোঁ ৷
এটা ডাঙৰ পুখুৰী ৷ পদুম ফুলবোৰ পুখুৰীত ফুলি আছিল ৷ পাৰকেইটা
ওখ-চাপৰ ৷ সিফালে চৰকাৰী বাট ৷ পাৰৰ কোমল
ঘাঁহবোৰৰ ওপৰত এই শিলবোৰ পৰি আছে ৷ অৱশ্যে শিলৰ তলৰ ঘাঁহবোৰ বোধকৰোঁ মৰি নাইকীয়া হ’ল
৷
আজিকালি মই এজন বৰ ডাঙৰ প্ৰত্নতাত্ত্বিক বুলি জনাজাত ৷ মইতো
নিজে জানোৱেই আৰু দহেও জানে ৷ কাকতে-পত্ৰই মোৰ নাম ৰৈ বৈ গৈছে ৷ পিছে কামৰ ভিতৰত মই পুৰণি বস্তু এটা দেখি তাৰ সবিশেষ
বৰ্ণনা দিয়াত বাজে হ’লে আন একো কৰিব পৰা নাই ৷ তথাপিও মই ৰাইজৰ আগলৈ এই বৰ্ণনাৰ শৰাই
আগবঢ়োৱাত এইফেৰা প্ৰতিষ্ঠা লাভ কৰি নিজকে এজন বৰ ডাঙৰ খাঁটি প্ৰত্নতাত্ত্বিক বুলি
ধৰি লোৱাত কোনোবাই মোক গালি পাৰিব জানো ?
মই সেই শিলডুখৰিতে আঁউজি বহিলোঁ ৷ ভাবিবলৈ ধৰিলোঁ –
কোনে, কেতিয়া আৰু ক’ত এই শিল কাটিছিল ? কোন মন্দিৰতনো এই শিলডোখৰ খটাইছিল ? নে ই
কোনোবা কুঁৱৰীৰ অন্তেষপুৰৰেই নে পিৰালিৰেই ? কোনোবা ৰাজসভাৰ স্তম্ভৰ তলৰেইনে ?
কোনোবা মন্দিৰৰ খটখটিৰেই নে মজিয়াৰেই ? কাৰিকৰেইবা ক’ৰ ? সি বা কেনে ?
বেছ ফুৰফুৰকৈ বা বলি আছিল ৷ তাতে দুপৰীয়া গছৰ ছাঁ পৰি আছে ৷
মগজুৰ বৰকৈ খাটনি হোৱাত দেহা লাহে লাহে বননিৰ ওপৰত দীঘল দি পৰিল ৷
*
মই আমাৰ চহৰৰ ওচৰৰ ওখ পৰ্ব্বত এটাত উঠিলোঁগৈ ৷ তাতো বহুত শিল
পৰি আছিল ৷ তলত দেখিলোঁ এখন বৰ ডাঙৰ গাঁও ৷ সন্ধিয়া হৈছে ৷ গাঁওখনৰ পৰা ধোঁৱাবোৰ
ওলাই আকাশ ছাটি ধৰিছে ৷ তাৰ পিছত ঠুক্ ঠুক্ ঠাক্ ঠাক্কৈ শব্দ শুনিলোঁ ৷ ধোঁৱা
ওলাইছে যেতিয়া আৰু এইবোৰ শব্দ হৈছে যেতিয়া, নিশ্চয় গাঁৱত জুই লাগিছে !... হায় ! হায়
! তাৰ সাঁচিপতীয়া পুথিবোৰ চাগৈ তেনেই ধ্বংস হ’ল ! আৰু ক’ত
ৰ’ব পাৰোঁ ? এইবোৰৰ উদ্ধাৰকল্পে তৎক্ষণাৎ তললৈ জাঁপ..... একেবাৰে
পৰ্ব্বতৰ ওপৰৰপৰা তলিৰ গাঁৱলৈ ৷
(দুই)
মোৰ মূৰ্চ্ছা ভাগিল ৷ কিন্তু তেতিয়াও ভালকৈ মনটো থিৰ হোৱা নাই
৷ বহি আছোঁ ৷ এখন সৰু চালপীৰা ৷ তাত মাত্ৰ এখন কঠ পাৰি দিছে ৷ শিতানত এটা গিলিপ
নোহোৱা তেলচিকটি লগা গাৰু ৷ ওচৰতে এটা ডেকা ল’ৰা ৷ ফটা লেতেৰা চুৰিয়া এখন
পিন্ধি মোৰ ওচৰত থিয় দি আছে ৷ তাৰ হাতত এটা বটালি ৷ মূৰত এখন পানী-গামোচা মৰা ৷ সি
মোক সুধিলে, “কিবা খাবানে ?” মই মূৰ জোঁকাৰি সন্মতি জনালোঁ ৷ সি ওলাই গ’ল
৷ মই তেতিয়া ঘৰটোৰ চাৰিওফালে চাবলৈ লাগিলোঁ ৷ সৰু-ডাঙৰ শিলেৰে ঘৰটো ভৰা ৷ মাজে
মাজে দুই-চাৰিডোখৰ বৰ ডাঙৰ শিলো ৷ তাৰ মাজে মাজে কিছুমান ৰঙা-নীলা শিলগুটি ৷ আৰু
তাৰ মাজত হাতুৰি, বটালি, এনেবিধৰ আন কিছুমান লোহাৰ যন্ত্ৰ-পাতি ৷ কি ! মই এইবোৰ ক’ৰ
মাজত পৰিলোঁহি ? এঁ !...... ভাবি-গুণি বহি আছোঁ ; এনেতে সি আহিল ৷ হাতত এটা বাটি ৷
তাত কেইডোখৰমান পকা অমিতা আৰু আখৈ ৷ মোৰ আগত থৈ মোক খাবলৈ কৈ আকৌ ওলাই গ’ল
৷ মই কিন্তু নেখাই ভাবি-গুণি বহি থাকিলোঁ ৷ সি আকৌ আহিল ৷ এইবাৰ কিন্তু হাতত দুটা
বাটি ৷ এটা বাটিত গাখীৰ... ধোঁৱা ওলাই আছিল ৷ তেতিয়াই তপতাই আনিছিল হ’বপায়
৷ আনটো বাটিত ফট্ফটীয়া পানী ৷ সি মোক খাবলৈ আকৌ অনুৰোধ কৰিলে ৷ মই খাবলৈ আৰম্ভ
কৰিলোঁ ৷ সি ওচৰতে বহিল ৷
“তুমিনো কেনেকৈ পৰিলা ?”
মোৰ তেতিয়াহে মনত পৰিল যে মই গাঁৱত জুই লগা দেখি নামিবলৈ
যাওঁতে এনে অৱস্থা হ’ল ৷ পিছে এইখন গাঁওটো আমাৰ চহৰৰ ওচৰৰ নহয় ৷ পিছে মই থিয়ৈ থিয়ৈ
পৰিয়েই ইয়াত ওলালোঁহি কেনেকৈ ? ভাবি চিন্তি একোকে থিৰ কৰিব নোৱাৰিলোঁ ৷ পিছত
ঘঁহি-পিটি এই কথাটো থিৰ কৰিলোঁ যে গাঁৱত জুই লগা নাছিল ৷ কিহবাৰ ধোঁৱাইহে মোৰ
হাড়কেডাল গুৰি কৰিব ধৰিছিল ৷ হয়, মই ইমান
ওপৰৰপৰা পৰিও নমৰি এনেকৈয়ে থাকিলোঁ কিয় জানো ? কেনেবাকৈ পিছল খালোঁ বুলি কৈ খোৱাত
মনোযোগ দিলোঁ ৷ মোৰ বৰ ভোক আৰু পিয়াহ লাগিছিল ৷ মই খাই অঁতাই সুধিলোঁ, “মই
এতিয়ানো ক’ত আছোঁ ?”
সি ক’লে, “কিয়, শিলাকুটীয়া গাঁৱত ৷”
মই- “মই শিলাকুটীয়া গাঁৱত নেকি ?”
সি- “অঁ আকৌ ৷ বাৰু তুমি বহা দেই, মই গাটো তিয়াই আহোঁ ৷”
এই বুলি সি ওলাই গ’ল ৷ ময়ো লাহে লাহে বিছনাৰপৰা ঘৰটোৰ বাহিৰ ওলালোঁ ৷
দেখিলোঁ তাত বহুত শিল গোট খুৱাই থৈছে ৷এই ঘৰটোৰ ওচৰত আৰু ঘৰ-বাৰী নাই ৷ কিছু দূৰৈত
ঘৰ-বাৰী দেখিলোঁ ৷ তাৰপৰা ঠুক্ ঠুক্ ঠাক্ ঠাক্ শব্দ আহি মোৰ কাণত পৰিল ৷ মই
বুজিলোঁ.. সঁচাকৈয়ে এইখন শিলাকুটীয়া গাঁও ৷ ভালেই হ’ল ৷ ভালকৈ এপাক চাই
আহোঁগৈচোন ৷
খোজ ললোঁ ৷ তেতিয়া দুপৰীয়া ৰ’দৰ খাওঁ-খাওঁ মূৰ্ত্তি ৷ মই
অৱশ্যে চূৰ্ত্তি নেহেৰুৱাই বেগ দি যাবলৈ ধৰিলোঁ ৷ এফালৰপৰা চাই গলোঁ ৷ গাঁওখন
মানুহেৰে ভৰপুৰ ৷এটি মানুহো বহি থকা নেদেখিলোঁ ৷ সকলোৱেই হাতুৰি-বটালি লৈ শিল কটাত
ব্যস্ত ৷ মানুহবিলাক বেছ গাঁঠলু ৷ খীণোৱা মানুহ দেখা মোৰ মনত নপৰে ৷ তিৰোতাবিলাক
বেছ পুষ্ট ৷ অৱশ্যে সুন্দৰী, অসুন্দৰী, মধ্যমা সুন্দৰী, সকলোৰে সমাবেশ ৷ সিহঁতৰ
ৰিহা-মেখেলাবোৰ যদিও বগা আছিল তথাপি দেখোন কিবা ৰঙচুৱা বৰণ ধৰা ৷ বোধকৰোঁ সদায়
শিলৰ গুৰি উৰি উৰি পৰি সিহঁতৰ কাপোৰৰ অৱস্থা তেনে কৰিছে ৷ সৰু ল’ৰা-ছোৱালীবোৰকো
আন ধেমালি কৰা নেদেখিলোঁ, সিহঁতে শিলকে খুন্দি ভাঙি দলিয়াই ধেমালি কৰি আছে ৷ ঘৰবোৰৰ
পিৰালি আটাইবোৰ শিলেৰে বন্ধোৱা ৷ ভিতৰৰ মজিয়া হলে মই দেখাগৈ নাই ৷ কিন্তু বাটবোৰ হ’লে
ধূলিময় ৷ চাই চাই গৈ আছোঁ ৷
কিছুমান শিলাকুটীক দেখিলোঁ.. ডাঙৰ ডাঙৰ শিল কাটি সৰু কৰিছে, কিছুমানে
সৰু সৰু ডোখৰবোৰ ঘঁহি ঘঁহি মিহি কৰিছে , কিছুমানে আকৌ ফুলবছা মূৰ্ত্তি কটাত নিমগ্ন
৷ এই মানুহবিলাক এনে কৰ্ম্মী দেখি মোৰ বৰ ৰং লাগিল ৷ যেনি চাওঁ তেনিয়েই শিলৰহে
কাৰবাৰ ৷ কাৰো মুখত কথা নাই, কেৱল কামকেহে কৰিছে ৷ কাৰো মুখত কথা নাই, কেৱল
কামকেহে কৰিছে ৷ এনেহে মনে ধৰে যেন এই শিলাকুটী জাতিটোৱেই জগতৰ মাজত একমাত্ৰ
কৰ্ম্মী জাতি ৷
তাৰ পিছত গাঁওখনত কেপাকমান মাৰি উভতিছোঁ ৷ এনেতে এটা ৰজাৰ
টেকেলা লগ পালোঁ ৷ সি ঢোল কোবাই চিঞৰি ফুৰিছে- “ৰজাৰ পাটমাদৈৰ যি এটা শিলৰ
মূৰ্ত্তি নিখুঁতকৈ গঢ়ি দিব পাৰিব তাক ৰজাই এচৰু ৰূপ আৰু এচৰু সোণ বঁটা দি ৰজাঘৰৰ
প্ৰধান শিলকুটীৰ বাব দিব ৷ যদি কেৱে গাত
লৈ নোৱাৰে তেন্তে তাৰ মূৰ যাব ৷” সকলো মানুহে উৎসুক হৈ তাৰ বাতৰি শুনিছে ৷ কিছুমানে
মনে মনে কিবা পাঙিছে ৷ কিছুমানে নোৱাৰা ভাব দেখুৱাই কামত লাগিছেগৈ ৷
বেলি হোৱা দেখি মই মোৰ ডেকা বন্ধুৰ ঘৰৰ ফালে বেগ দিলোঁ ৷
তেতিয়া প্ৰায় আবেলি হওঁ হওঁ ৷
(তিনি)
এই শিলাকুটী ডেকাজনৰ সৈতে মোৰ বৰ মিল হ’ল ৷ মই তাৰ ঘৰতে থাকিবলৈ ল’লো
৷ সিয়ো মোক বৰ ভাল পোৱা হ’ল ৷ দুয়ো যেন কত দিনৰ চিনাকি, দুয়ো যেন অভেদ অচ্ছেদ ৷
ই নিশ্চয় মোৰ পূৰ্ব্বজন্মৰ প্ৰাণৰ বান্ধৱ ৷সেইগুণেহে এদিন দেখাদেখিয়েই সিজন্মত
মৰণে ছিঙি পেলোৱা জৰিডাল আকৌ এডাল হৈ পৰিল ৷ মনৰ মাজত যদিও এই বন্ধুত্বৰ স্মৃতি
নজনাকৈ অস্পষ্টভাৱে জাগৰুক হৈ আছিল, সি পাত্ৰৰ অভাৱত ইমান দিন জীপ খাই আছিল ৷ হঠাৎ
তাৰ পাত্ৰ পাই সি তৎক্ষণাৎ তালৈ বৈ আহিল... প্ৰাণৰ বান্ধ বুলি লগ লাগিলহি ৷
সৰু জলঙা এখন কটা আছিল ৷ মই তাৰ ওচৰতে মোৰ চালপীৰাখন পাৰি বহি
আছিলোঁ ৷ ওচৰতে শিলাকুটী বান্ধ একেবাৰে নিমগ্ন ৷
মই সুধিলোঁ – “বান্ধ হবগৈনে ?”
শিলাকুটী – “হ’বগৈ যেন লাগিছে বান্ধ !”
মই – “নহয় বান্ধ ! নেৰো ৷ আজি ইমান দিনৰ সাধনাৰ ইয়াতেই সিদ্ধিৰ ৰিণিকি
ৰিণিকি আশা দেখিবলৈ পাইছোঁ ৷ কত ৰাতি খপি, কত দিন অনাহৰে থাকি এই দেৱীক সাধনা কৰি
আহিছোঁ, মোৰ সিদ্ধি নহবনে ? মই ৰাজচ’ৰালৈ যাম ৷ বান্ধ ! মই পাৰিম... পাৰিম ৷”
সঁচাকৈয়ে মোৰ এই বান্ধ এজন পাকৈত নিপুণ শিলাকুটী ৷ ইমান
তন্ময়তা ! নিশ্চয় সাধনাত সিদ্ধি লাভ হ’ব ৷ বান্ধ মুখলৈ চালোঁ ৷ কি সুন্দৰ ! এনে গহীন, এনে
প্ৰতিজ্ঞাবদ্ধ, অটল মূৰ্ত্তিটো মই আগেয়ে দেখা নাই ৷ মই কলোঁ, “বান্ধ ! তুমি পাৰিবা ?” ... “পাৰিম”, এই বুলি কৈ মোৰ ফালে চালে ৷ তাৰ পিছত বটালিটো হাতত লৈ ওলাই গ’ল ৷ লৰ মাৰি বাহিৰ ওলাই
চালোঁগৈ ৷ দেখিলোঁ বান্ধ মোৰ বহুত দূৰ পালেগৈ ৷ ময়ো পাছ ল’লো ৷
হৰ্জ্জৰবৰ্ম্মণৰ ৰাজসভা ৷ ৰজা সিংহাসনত বহি আছে ৷ সিংহাসনখন
দেখোন কিবা একৰকমৰ ৷ চালপীৰাও নহয়, মাচিয়াও নহয়, দুয়োৰে মাজতে ৷ অৱশ্যে ৰজাই তাত
বেছ আৰামত ভৰি তুলি বহি আছিল ৷ ওচৰতে চাপৰ তেনে বিধতে আৰু কেজনমান বিষয়া...
বোধকৰোঁ পাত্ৰ-মন্ত্ৰী ৷ আৰু মাটিত পাৰি থোৱা আসনত আন বহুতো মানুহ ৷ এইবোৰ বিষয়াই
নে আন কোনোবা মানুহ ধৰিব নোৱাৰিলোঁ ৷ পণ্ডিত যেন দুজনমান অৱশ্যে আছিল ; সভাপণ্ডিত
হ’ব পায় !
মোৰ বান্ধক এই সভাত আনি উপস্থিত কৰিছেহি ৷ বেচেৰাই
নিৰ্জ্জুভাৱে সোঁতমোচ খাই থিয় দি আছে, কিন্তু বৰ গম্ভীৰভাৱে ৷ তেওঁৰ গাত তেতিয়াও সেই লেতেৰা চুৰিয়া, মূৰত পানী-গামোচা আৰু এহাতত
বটালি এটা ৷ মই মোৰ বান্ধৰ ফালে এবাৰ, ৰজাৰ ফালে এবাৰ আৰু ৰাজসভাৰ নানা
কাৰুকাৰ্য্যৰ ফালে এবাৰ চাবলৈ লাগিলোঁ ৷
ওচৰ পালোঁগৈ ৷ কিন্তু কোনেও মোলৈ চাৱাকে নাই একা ৷ বাৰু
নেলাগে চাব ৷ মন দি কাৰুকাৰ্য্যবোৰ চাবলৈ ধৰিলোঁ ৷ শিলৰ খুঁটাবোৰ বিচিত্ৰ ৷ কত
ৰকমৰ কত ভঙ্গীৰ যে মূৰ্ত্তি তাত কাটি থৈছে ৷ কিমান যে কৌশলেৰে গঢ়িছে ! কিছুমান আকৌ
কাঠৰ খুঁটা, তাত সোণপাত মেৰিয়াই এটা গোটা সোণৰ খুঁটা যেনকৈ থৈছে ৷ ৰজাসিংহাসনখন
সোণেৰেই বন্ধাই থৈছে ... যেনিবা এডোখৰ ডাঙৰ সোণৰপৰাহে কাটি উলিয়াইছে ৷ চাৰিফালে
নানাবিধ শিল্পকলাৰ প্ৰদৰ্শনী ৷
ৰজাই সুধিলে- “তই সঁচাই পাৰিবিনে ?”
মোৰ
শিলাকুটি বান্ধই আঁঠু লৈ ক’লে, “পাৰিম স্বৰ্গদেৱ ঈশ্বৰ !”
ৰজা- “নোৱাৰিলে কি হ’ব তাক বুজ পাৱনে ?”
শিলাকুটি – “পাওঁ স্বৰ্গদেৱ ঈশ্বৰ !”
ৰজাই বাৰু তেন্তে বুলি কৈ মন্ত্ৰীক ইঙ্গিত কৰিলে ৷ সিংহাসনৰ
পাছফালে এখন দুৱাৰত এখনি আঁৰ-কাপোৰ তৰি থৈছিল ৷ ছাট কৰে সেইখন আঁতৰি গ’ল
৷ অলপ পৰৰ পিছত আকৌ পৰিল ৷ মোৰ চকু সেইফালে চাই থৰ লাগি ৰ’ল ৷ যেনিবা
বিজুলীয়ালেহে ৷ সাক্ষাৎ যেন প্ৰতিমাখনিহে ! সাক্ষাৎ যেন দেৱী-মূৰ্ত্তিহে ! বান্ধৰ
ফালে চাই দেখিলোঁ.. তেওঁ সেইফালেই গহীন গম্ভীৰ হৈ চাই আছে ৷
ৰজাই আকৌ সুধিলে, “পাৰিবিনে ?”
শিলাকুটিয়ে “স্বৰ্গদেৱ ঈশ্বৰৰ আজ্ঞা হওক মাথোন “
বুলি তলমূৰ কৰিলে ৷
ৰজা – “যা তেন্তে ৷ এপখৰ ভিতৰত মোক এই মূৰ্ত্তি গঢ়ি আনি দে ৷
তাৰ অন্যথা হ’লে তই ফল ভোগ কৰিবি ৷”
শিলাকুটি – “স্বৰ্গদেৱ ঈশ্বৰৰ কৃপা ৷”
মই ভাবিলোঁ ই মৰিল ৷ আও ! সেই হেন প্ৰতিমাক ই তাৰ গেধেমা
হাতেৰে গঢ়িব পাৰিবনে ! আৰু এটা কথা মোৰ মনত খেলালে... এই ৰজাইনো তেওঁৰ পাটমাদৈৰ
মূৰ্ত্তিটো গঢ়ায় কিয় ? নিশ্চয় ই কটা তিৰোতাসেৰুৱা ৰজা ৷
(চাৰি)
ফুটোঁ নুফুটোঁকৈ দেখোন মূৰ্ত্তিটো ফুটি উঠিবলৈ ধৰিলে ৷ আৰু
তিন দিন ৷ বান্ধ মোৰ বৰ গহীন, বৰ গম্ভীৰ ! আজি কেবাদিনো বান্ধই ভালকৈ ভাত-পানী
খোৱা নাই ৷ হাতত বটালিটো লৈয়েই বহি আছে ৷ বান্ধৰ এই তন্ময়তা দেখি ময়ো ভাত-পানী
খাবলৈ পাহৰিলোঁ ; কিন্তু পেটে নসহাতহে নিজে গৈ এমুঠি ৰান্ধি খাইছিলোঁ ৷
ৰাতি শোওঁতে, দিনত বহোঁতে সদায় এটা শব্দ ৷ সেই বটালিৰ টুক্
টুক্ টাক্ টাক্ শব্দ মোৰ কাণত এইকেইদিন পৰি আছে ৷ জিৰণি নাই.... ভাগৰ নাই....
অৱসাদ নাই ৷ অনবৰত অবিশ্ৰাম চলি আছে ৷কি কঠোৰ সাধনা !
আজি এপখ পূৰ হ’ব ৷ পুৱাতেই উঠি দেখোঁ... বন্ধু তেতিয়াও বটালি লৈয়েই
৷ মূৰ্ত্তিৰ ফালে চাই দেখিলোঁ... আচৰিত হলোঁ ! “এঁ
মূৰ্ত্তি দেখোন হলেই ! বান্ধ ! বান্ধ ! তুমি জিকিলা !” এইবুলি
মই লৰি গৈ বান্ধক সাবট মাৰি ধৰিলোঁগৈ ৷
বান্ধই মোক ক’লে- “বান্ধ ! আজি মোৰ জীৱনৰ ব্ৰত পূৰ্ণ হৈছে ৷ কলাদেৱীক
আজি কত দিন ধৰি পূজি আহিছোঁ ৷ মোৰ সকলো শক্তিৰে, মোৰ সকলো সঁপি পূজি আহিছোঁ ৷ আজি
মোৰ সফল সাধনা ৷ আই আজি মোৰ সন্তুষ্ট হৈছে ৷ সৌৱা চোৱা... ৰাণী আইৰ মূৰ্ত্তিত আই
মোৰ ফুটি উঠি মোক আশীৰ্বাদ কৰিছে ৷ আজি মই ধন্য !”
এইবুলি বান্ধই মূৰ্ত্তিটো গবা মাৰি ধৰিলে ৷ চকুৰ এটুপি লো
বাগৰি গৈ মূৰ্ত্তিৰ চৰণ তিয়াই দিলেগৈ ৷ বান্ধ মোৰ নিস্তব্ধ হ’ল !
মই মূৰ্ত্তিৰ ফালে আকৌ এবাৰ চালোঁ ৷ কি সৰল সৌন্দৰ্য্যৰ বিকাশ
! ইটো শিলৰ মূৰ্ত্তি নহয় ৷ মোৰ এই দুখীয়া শিলাকুটি বান্ধৰ হাতৰ বস্তু নহয় ৷ ই যে
স্বয়ং সেই বিশ্বখনিকৰে স্ৰজন কৰা হৰ্জ্জৰবৰ্ম্মণৰ ৰাজসভাৰ আঁৰ-কাপোৰ তলৰ বিজুলী সুন্দৰী
৷প্ৰত্যেক অঙ্গই যেন মাতোঁ মাতোঁকৈ ৰৈ আছে ৷ চকুৱে চাওঁ চাওঁকৈ চোৱা নাই, নিশাহ
বওঁ বওঁকৈ বোৱা নাই, মুখে হাঁহো হাঁহোকৈ হঁহা নাই, ওঁঠে কঁপো কঁপোকৈ কঁপা নাই
৷নিমাতী কি সুন্দৰ শিলৰ মূৰ্ত্তি ! নহয় ; কোনে ক’ব শিলৰ
মূৰ্ত্তি বুলি ? জীৱন্ত মূৰ্ত্তিহে... মাথোন কণ্ঠত স্বৰ নাই, ভাষা নাই, বুকুত
স্পন্দন নাই ৷ সকলো আছে... আছে....
কোনে চৰজিলে
নিমাতী প্ৰতিমা
হাঁহিৰে
সনা যে দেহা ৷
আতমাটিকে যে
শূইনেৰে গঢ়ি
পাতিলে
ৰূপৰে বেহা ৷৷
কেনেকৈ ক’ব নোৱাৰোঁ মই লুটি খাই পৰিলোঁ সেই মূৰ্ত্তিৰ গাত ৷
তাৰ পিছত আৰু একো ক’ব নোৱাৰোঁ ৷ ৰিণি ৰিণি শুনিলোঁ কোনোবাই কৈছে ... নহয়,
নহয় ৷ মোৰ শিলাকুটি বান্ধই কৈছে... কান্দিছে হবলা – “
বান্ধ ! কি কৰিলা ? কি কৰিলা ? মোৰ সকলো ভাঙি চূৰমাৰ কৰি গলাহি ৷ বান্ধ ! কি কৰিলা
? কি কৰিলা ?”
চক খাই সাৰ পালোঁ ৷ দেখিলোঁ সন্ধ্যা হৈ ছে ৷ এনে লাগিল যেন
দিনৰ পোহৰবোৰ ভাগি-ছিগি আন্ধাৰত জাহ গৈছে ৷ বতাহে মোক কাণে কাণে কৈ গৈছে – “
বান্ধ ! কি কৰিলা ? কি কৰিলা বান্ধ ? কি কৰিলা ?”
***
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
******************
No comments:
Post a Comment