কথা: প্ৰবীন
হাজৰিকাৰ এটি কথা কওঁ, ১৯৫৫ চনৰপৰা সুদূৰ আফ্ৰিকা আৰু এতিয়া ইংলেণ্ডত প্ৰৱাসী হলেও
অসমীয়া মনটিৰে প্ৰবীনে বহুগীত, বহু কবিতা আজিও ৰচনা কৰিয়ে আছে ৷সিও গীত গাইছে, সুৰ
দিছে ৰাজহুৱা জীৱনত, দেশৰ ভিতৰ-বাহিৰে ৷ আজিৰ
আৰুণাচল প্ৰদেশ অৰ্থাৎ তাহানিৰ নেফাত চাকৰি কৰি থকা দিনত সি লিখা এটা গীতৰ কথা আছিল এনেধৰণৰ
..
বৰষুণ পৰিছে ধৰনিৰ
বুকুতে
কলীয়া
মেঘৰে শাৰী
পখীও গলেগৈ নিজৰ
বাহলৈ
পানীপ্ৰিয়া
ফুৰে উৰি ৷
বাৰিষা আহিলে কমলা
বাঢ়িলে
সোৱণসিৰিৰ
তলে গ’ল বালি
ভৈয়ামৰ লুইতে হাত
বাউলি মাতিছে
বুকুতে
সোমাহি বুলি !
তাতোৰে মৰমী হিয়া
দিং (দিও) আৱৰি
ৰঙ
কৰিবৰে মন
পাহাৰৰ টিঙতে লক্ষিমী
ফুটিছিল
লক্ষিমী
সাউদৰ ধন !
তাতোৱে ৰিঙিয়ায় সুৰে
এটি পৰি যায়
বুকুতে
চাপৰটো মাৰি
নৈৰে পাৰতে নিপাস
মই আছিলোঁ
চকুলো
বাগৰি পৰে !
বছৰৰ মূৰতে বছৰ
বাগৰে !
বছৰৰ মূৰতে বছৰ
বাগৰে
কমলাৰো
পানী বাঢ়ে
কলীয়া মেঘৰে চকুপানী
দেখি
বাৰ মে
লৈ মনত পৰে ৷৷
(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত
আবৃত্তি)
(ইউনিক’ডীয় ৰূপান্তৰ : দিগন্ত শইকীয়া)
No comments:
Post a Comment