সন্ধ্যা
[জ্যোতিপ্ৰসাদ
আগৰৱালা]
[এটি
বিদেশী গল্পৰ ছাঁ লৈ লিখা - লিখক]
(এক)
....মই
আৰু থিৰেৰে থাকিব নোৱাৰিলোঁ ৷ মোৰ চকুৰ আগতে এনে অত্যাচাৰ দেখি মোৰ আৰু সহ্য নহ’ল
৷ অন্তৰ জ্বলি গ’ল, মন মোৰ বলিয়া হ’ল ৷ তৰোৱাল মুকলি কৰি ললোঁ ৷ তাৰ আগয়ে বুকুৰ তেজ উলিয়াই কপালৰ ফোঁট লৈ
সূৰ্য্যদেৱতাক সাক্ষী কৰি অগ্নিমন্ত্ৰত দীক্ষা ললোঁ – ‘মোৰ জীৱন দেশৰ কাৰণে বলি দিম’
৷ তাৰ পিছত গাঁৱে-ভূঞে চিঞৰি চিঞৰি ভাইহঁতক কিমান মাতিলোঁ, কিন্তু কোনো নাহিল ৷
লাহে লাহে মোৰ মন বিদ্ৰোহী হ’ল ৷ নিজৰ ভাইৰ প্ৰতি বিদ্ৰোহী হ’ল ৷ নিজৰ জাতীৰ প্ৰতি
বিদ্ৰোহী হ’ল ৷ ৰজাৰ প্ৰতি বিদ্ৰোহী
হ’ল ৷ মানুহৰ প্ৰতি বিদ্ৰোহী হ’ল ৷এনেহে ইচ্ছা হ’ল
যেন ধূমকেতু হৈ পৃথিৱীৰ এক প্ৰান্তৰপৰা এক প্ৰান্তলৈ উফৰি যাওঁ আৰু মোৰ জ্বলন্ত
নেজৰ ছাটি মাৰি সকলো অত্যাচাৰীক পুৰি ছাই কৰি দিওঁ ৷ ৰজাৰ মূৰৰ মুকুট খহাই দিওঁ ৷
ৰাজপ্ৰাসাদবোৰ ভস্ম কৰি দিওঁ ৷ শক্তিৰ দম্ভ ধূলিত মিহলাই দিওঁ আৰু এই কাপুৰুষহঁতক
সংসাৰৰপৰা চিনচাব নোহোৱা কৰি দিওঁ ৷ ওচৰত থিয় দি থকা সৈন্যবাহিনীৰ সিৰে সিৰে হেন
এটি বিজুলীৰ সোঁত বিয়পি গ’ল ৷ সিহঁতৰ গাৰ সিৰবোৰ স্পষ্ট হৈ জিলিকি পৰিল ৷ এটি
শক্তিৰ সঞ্চাৰ হ’ল ৷ গহীন বননিখন যেন তাৰ ঘাত-প্ৰতিঘাতত এবাৰ শিয়ৰি উঠিল ৷
মানৰ শেষ আক্ৰমণৰ কথা ৷ মানৰ অত্যাচাৰৰ কথা, তাক জানো আকৌ
সুঁৱৰি বিৱৰিব পাৰি ? মানৰ অত্যাচাৰৰ কথা, তাক জানো আকৌ সুৱৰি বিৱৰিব পাৰি ? এনে অত্যাচাৰ চকুৰ আগতে দেখিছিল তেওঁ ৷ সেইহে
আজি বলিয়া হৈ তাৰ প্ৰতিকাৰ কৰিবলৈ এটি ব্যৰখথ চেষ্টা কৰিছেহি ৷ ডেকাজনৰ সৈতে প্ৰায়
দুশজন ৰণুৱা ৷ এই কেইজনক লগত লৈ তেওঁ সাহ কৰিছে মানৰ সৈতে ৰণ দিবলৈ... মানৰপৰা দেশ
ৰাখিবলৈ মৰণত শৰণ দি ৷
সেইদিনা জোনাক ৰাতি ৷ চাৰিওফালে সৰু সৰু জুপুৰি পঁজাবোৰ ৷ তাৰ মাজেদি আঁহত গছ এজোপাৰ তলত তেওঁ
সৈন্যবোৰক বুজনি দিছিল, উৎসাহ দিছিল, উত্তেজিত কৰিছিল ৷
সেই ডেকাজনে সৈন্যবোৰৰ লগত সেই লুইতৰ পাৰৰ ডাঠ হাবিতে বাহৰ
পাতি আছিল ৷ দিনে দিনে কিছু ওলাই সাধ্যমতে মানৰ হাতৰপৰা যাক য’তে
পাই ৰক্ষা কৰি ফুৰিছিলগৈ ৷ কেতিয়াবা সিহঁত উভতি আহিছিল লগত দুজন এজনক লৈ, কেতিয়াবা
আকৌ লগৰে দুজন-এজন থৈ ৷ কেতিয়াবা আকৌ এটিও উভতি নাহিছিল ৷ দিনে দিনে তেওঁলোকৰ
সংখ্যা কমি গৈছিল কিন্তু তথাপিও আনসকলে বুকু বান্ধি নিজৰ কৰ্ত্তব্য কৰি গৈছিল...
ভগৱানক সাৰথি কৰি ৷
(দুই)
ডেকাজনৰ নাম ৰুদ্ৰকান্ত ৷ তেওঁ ফুকনৰ ঘৰৰো নহয়, বৰুৱাৰ ঘৰৰো
নহয় ৷ তেওঁৰ বংশ-গৌৰৱ নাই ৷ আছে তেওঁৰ নিজৰ বাহুৰ শক্তি, মনৰ বল, বুকুৰ সাহ ৷ তেওঁ
এজনী ভনীয়েকো আছে, নাম সোণপাহী ৷ গাঁওখনৰ এচুকত সৰু দুচলীয়া জুপুৰি এটাত তিনিটি
প্ৰাণীৰে দুখে-সুখে সংসাৰখন চলাই আছিল ৷ গাঁওখনো মানুহৰে ভৰপুৰ ৷ কাৰো অভাৱ নাছিল
৷ সকলোৰেই ভঁৰালত ধান, গোহালিত গৰু, বাৰীত শাক-পাচলি, তামোল-পাণ, খালত মাছ ৷ গাঁওখন
ষোলবছৰীয়া গাভৰুজনীৰ দৰে হাঁহি-খিকিন্দালি কৰি চাৰিওফালে পথাৰেৰে ঘেৰ খাই শেলুৱৈ
বন্ধ যোৱা সেউজীয়া বহল পদুম পাতখিলাৰ দৰে তিৰবিৰাই আছিল ৷ গাঁওখনৰ ভিতৰত দুখীয়া
বুলিবলৈ ৰুদ্ৰকান্তৰ ঘৰহে ৷ যদিও ৰুদ্ৰকান্তৰ পৰিয়ালটো গাঁৱৰ ভিতৰত দুখীয়া সেইবুলি
দুবেলা দুসাজ খাইছিল, বৈ-কাটি লব পাৰিছিল ৷ ৰুদ্ৰকান্তই পৰিশ্ৰম কৰি বছৰটোৰ শইচ
ভঁৰালত আনি সাঁচিছিল ৷ মাকে-জীয়েকে কপাহ কাটি, এৰী পুহি কাপোৰৰ অভাৱ গুচাইছিল ৷ বাৰীত
শাক-পাচলি, বাৰীচুকৰ খালতেই মাছ, খাৰ-পচলা খাবলৈ বাৰীতেই কলগছ ৷ আৰুনো কিহৰ অভাৱ ?
সোণপেহীয়ে মাজে-সময়ে ওলাই গৈ গাঁৱৰ ওচৰ-চুবুৰীয়াৰপৰা কচুটো, তিয়হটো, জিকাটো,
বেঙেনাটো খুজি আনিছিলগৈ ৷ কোনেও নিদিয়াকৈ নেথাকিছিল ৷দুখীয়া বুলিয়েই হওক বা
সোণপেহীৰ সৰল মুখখনি দেখিয়েই হওক, সকলোৱে পুতৌ কৰিছিল ৷
বানপানী অহাদি এদিন আহিল মানসেনা ৷ যাকে য’তে
পালে কাটিলে, মাৰিলে, নানান অত্যাচাৰ কৰিলে ৷ ধন-সোণ লুটি লৈ গ’ল
৷ ঘৰবোৰ জুই লগাই পুৰি গ’ল ৷ তিৰোতাবিলাকক বাছি বাছি ধৰি লৈ গ’ল ৷ ৰুদ্ৰকান্তৰ মাকক মানে কাটিলে,
ভনীয়েকক ধৰি লৈ গ’ল ৷; কিন্তু ৰুদ্ৰকান্তই একো কৰিব নোৱাৰিলে ৷ তেতিয়া ৰুদ্ৰকান্তই
দাৰুণ আঘাতত চেতনা বিলুপ্ত হৈ মাটিত বাগৰিছিল ৷
জক্মককৈ ৰ’দত তিৰবিৰাই থকা পাতখিলা পাকে থকা-সৰকাকৈ কুটি
পেলোৱাত লেৰেলি যোৱাৰ দৰে ধুনীয়া গাঁওখনিয়ে পোৰা ঘৰবাৰী, আধাপোৰা গছ-গছনিবোৰ বুকুত
লৈ অতীতৰ আঁৰত মুখ লুকাই উচুপিবলৈ জহি গ’ল ৷ তাৰ চিন একো নৰ’ল ৷ মাথোন এখনি বিষাদৰ ছবি
হৈ গৰখীয়াৰ কল্পনাক ঠন ধৰাই কেফাকিমান বনগীত হৈ ৰ’ল ৷
দেহি ঐ ! দূৰৈৰে গাঁৱেখনি
ধনে-ধানে পূৰে
নিমাত মৰিশালি হ’লে,
আবৰী মানে পাই
ধনে-সোণে চুহি
পুৰি ছায়ে কৰি গ’ল ৷
দেহি ঐ ! তাতে কোন গাভৰুৱে
ৰূপৰ ফুল পিন্ধিছিল
কপৌফুল পিন্ধিছিল কোনে ?
কোন ডেকাদেৱে
হাঁহি কাষ চাপিছিল...
ওপৰে
তিৰেবিৰায় জোনে ৷
দেহি ঐ ! তাতে ক’ৰে
সখিয়তী
পৰি, ডালে-পাতে
মাতিছিল সকী ঐ বুলি ,
তাতে কোন ৰূপহীয়ে
নৈৰে ঘাটতে
বহি
মেলাইছিল চুলি ?
দেহি ঐ ! দূৰৈৰে গাঁৱেখনি
আছিল জকেমকি
চিন-চাব এটিকে নাই,
হলে গহীন হাবি
বাঘে-ঘোঙে ভৰি
হিয়া
ছাঁতে কৰি যায় ৷
(তিনি)
সেই সময়ত ভৰ বাৰিষা ৷ বৰষুণ ধাৰাসাৰে হৈ আছিল ৷ বৰষুণ এদিন
এৰিলে কিন্তু আকাশ নিৰ্ম্মল হোৱা নাই ৷ ৰুদ্ৰকান্তই লগৰীয়া পাঁচশজন ডেকাৰে ওলাল ৷ এয়া
এউদ্ৰকান্তৰ শেষ অভিযান ৷ নৈৰ পাৰে পাৰে হাবি-বননি ভাঙি তাওঁলোকে আগবাঢ়িবলৈ ধৰিলে
৷ বনৰীয়া নানা তৰহৰ সৌন্দৰ্য্য তেওঁলোকৰ চকুত পৰি যাবলৈ ধৰিলে ৷ কেতিয়াবা দেখিলে
বৰ কাঁইটনি, তাতে আকৌ ফুলবোৰ ফুলি াছে ৷ কেতিয়াবা ঔগছবোৰ ৷ তলসৰা ঔবোৰ গাহৰিৰ দৰে
লেটি লৈ বোকাত লুতুৰি-পুতুৰি হৈ আছে ৷ কেতিয়াবা আকৌ দেখিলে সৌন্দৰ্য্যৰ পোহাৰ মেলি
থোৱা বেত গছবোৰ ৷ হঠাৎ কাৰোবাৰ কান্দোনৰ শব্দ আহি ৰুদ্ৰকান্তৰ কাণত পৰিল ৷ এক মূহুৰ্ত্তৰ
কাৰণে সকলো থিয় হ’ল ৷ আকৌ যাবলৈ ধৰিলে ৷ দূৰৰ জোপোহা এটাৰপৰা হঠাৎ এটা মানুহ ওলাই
চাই লৰ মাৰিলে ৷ ৰুদ্ৰকান্ত গৈ জোপাহাৰ মাজত সোমালগৈ ৷ দেখি ৰুদ্ৰকান্ত থৰ হ’ল
৷ চাব নোৱাৰি চকু মুদিলে .... ভনীয়েক সোণপাহী ৷ হাত-ভৰি বন্ধা, গাত কাপোৰ-কানি
প্ৰায়েই নাই, চুলিবোৰ আউলি-বাউলি আৰু ওচৰতে দুটা মান ৷ আকৌ এজনী গাভৰু... তাইৰ গা
গহনাৰে ভৰপুৰ ৷ চাৰিফালে মদৰ টেকেলি লৈ পাঁচোটা মান মদ খাই বিভোৰ ৷ এটা জোপোহাৰ
মাজত ইমান কথা লুকাই আছে ! এনে দুটা ভীষন দৃশ্য সোমাই আছে ! ৰুদ্ৰকান্ত আৰু আচৰিত
হ’ল ৷ এই দৃশ্য দুটাৰ ইমান পাৰ্থক্য কিয় ? ইমান ওচৰা-উচৰি যদিও ইমান
ব্যৱধান কিয় ?
(চাৰি)
সৰু জুপুৰিটোৰ ভিতৰত মাত্ৰ তিনটি প্ৰাণী ৷ ওচৰতে মাটিতে
সোণপাহী শুই আছে ৷ ৰুদ্ৰকান্তই সেই মানকেটাৰ হাতৰপৰা ভনীয়েক আৰু গাভৰুজনীক আনি
তেওঁৰ বাহৰতে আশ্ৰয় দিছেহি ৷ ৰুদ্ৰকান্তই মূৰৰ শিতানত বহি শুশ্ৰূষা কৰিছে আৰু মাজে
মাজে ছোৱালীজনীৰ লগত তৰ্ক কৰিছে ৷ তাই জুপুৰিটোৰ চুক এটাত বহি আছিল ৷ তেতিয়াও তাইৰ
গাত অপৰ্য্যাপ্ত গহনা ৷ ৰুদ্ৰকান্তই সুধিলে – “তুমি তোমাৰ আগত তোমাৰ
ভনীয়েৰাৰ ওপৰত ইমান অত্যাচাৰ চাই কেনেকৈ আছিল ?”
গাভৰু
– “অত্যাচাৰ ? ক’তা.. একোতো অত্যাচাৰ কৰা নাই
৷ তাই যদি মোৰ দৰে মানহঁতৰ কথা শুনিলেহেঁতেন , মানহঁতে যি কৈছিল কৰিলেহেঁতেন,
তেতিয়াতো তাইক তেনে নকৰে ৷”
ৰুদ্ৰকান্ত – “তাইকনো কি কৈছিল ?”
গাভৰু – “কিয়... মানে তাইক কিমান মিঠা কথাৰে সিহঁতৰ লগত
থাকিবলৈ খাটিছিল, কিমানবোৰ গহনা আনি তাইৰ আগত দিছিল ৷ মই কথা শুনিলোঁ, ইমানবোৰ
গহনা পালোঁ, মইতো কষ্টত থকা নাছিলোঁ ৷”
ৰুদ্ৰকান্তৰ চকু ঘৃণাত জাপ খাই আহিল ৷ মুখৰ গঢ় বিকৃত হ’ল
৷ খঙত গোটেই গা কঁপি উঠিল ৷ ক’লে “ছি: ছি: ! গহনাৰ লোভত নিজৰ সকলো জলাঞ্জলি দি আকৌ কৈছা
যে তুমি সুখত আছিলা ! গহনাৰ কাৰণে তোমাৰ ইমান আক্ৰোহ !ব’লা, তুমি কিমান গহনা
পিন্ধিবা ৷ পিন্ধাগৈ ব’লা ৷” এইবুলি ৰুদ্ৰকান্তই তাইৰ হাতত ধৰি হুপুৰিৰ বাহিৰলৈ টানি লৈ গ’ল
৷
সোণপাহীয়ে সেহাই সেহাই মাতিলে – “ককাই ! তাইক কলৈ লৈ যোৱা ?”
কিন্তু তাৰ উত্তৰ নাহিল ৷ সৈন্যবোৰেও একো বুজিব নোৱাৰি
ৰুদ্ৰকান্তৰ পাছ ল’লে ৷
মৰিশালি ৷ বৰকৈ গছ-গছনি নাই, শুকান, নিৰস ৷ কিন্তু সৰু সৰু
জোপোহা দুই-এটা মাজে মাজে আছে ৷ মাজে মাজে ওখ ওখ উইহাফলু... তাৰ ভিতৰতে কিছুমান
ডাঙৰ আৰু ওখ ওখ ৷ মাজে মাজে কিছুমান খাল ৷ পানী ডোঙা খাই আছে ৷ কিছুমান ঠাই আকৌ
একেবাৰে ফৰ্ফৰীয়া ৷ এটা ডাঙৰ উইহাফলুৰ ওচৰতে ৰুদ্ৰকান্তৰ ইচ্ছা অনুসাৰে সৈনিক
কেজনে সেই হাফলুটো খান্দিবলৈ ধৰিলে ৷ মাটি গুচালত ইটা ওলাই পৰিল ৷ এডোখৰ দুডোখৰকৈ
ইতা গুচালত এটা সুৰুঙাও ওলাই পৰিল ৷ হাতত জোৰ এডাল লগাই লৈ ৰুদ্ৰকান্ত গাভৰুজনীৰে
সৈতে তাৰ ভিতৰলৈ নামি গ’ল ৷ ... সেইটো কোনোবা আহোম ৰাজকুঁৱৰীৰ মৈদাম ৷
তাৰ ভিতৰখন বৰ আন্ধাৰ ৷ আজি কত বছৰ সি বন্ধ হৈ আছিল ৷ তাৰ
বতাহ বৰ বিষাক্ত ৷ ৰুদ্ৰকান্তই জোৰডাল দাঙি ভালকৈ চালে ৷ জোৰৰ পোহৰত তাৰ ভিতৰৰ
বস্তুবোৰ চকুৰ আগত জল্-জল্কৈ ওলাই পৰিল ৷ কিছুমান কাপোৰ-কানি, কিন্তু এতিয়া তাক
চিনিব নোৱাৰি... এটা নৰকঙ্কাল এখন ডাঙৰ চালনিৰ ওপৰত পৰি আছে ৷ তাৰ চাৰিফালে নানা
কাঁহী-বাটি আৰু আন সঁজুলি... আটাইবোৰেই মাটিৰ বৰণ ধৰিছেগৈ ৷ মূৰৰ ওচৰত এখন ডাঙৰ
শৰাই... তাত নানাবিধৰ গহনা ; জোৰৰ পোহৰত তাৰ বাখৰবোৰ সাপৰ চকু যেন হৈ জ্বলিব
লাগিছে ৷ ৰুদ্ৰকান্তই গাভৰুজনীক সেই চালপীৰাখনত বহিবলৈ ক’লে ৷ তাই কিন্তু বহিবলৈ
সঙ্কোচ কৰিলে ৷
ৰুদ্ৰকান্তই তাইক বলেৰে চালপীৰাখনৰ ওপৰত বহুৱাই ক’লে,
“এতিয়া দেখিছা, ইমানবোৰ গহনা ! পিন্ধা, কিমান গহনা পিন্ধিবা ৷”
এই বুলি ৰুদ্ৰকান্তই শৰাইখন ওচৰ চপাই আনি এফালৰপৰা গহনাবোৰ গাভৰুজনীৰ গাত পিন্ধাই
দিবলৈ ধৰিলে ৷ গামখাৰুযোৰ হাতত পিন্ধাই দিলে ৷ আঙঠিবোৰ হাতৰ আৰু ভৰিৰ আঙুলিত
সুমুৱাই দিলে, গলপতাৰে বুকু ভৰাই দিলে ৷ কঁৰিয়া কাণত নাটিলত চুলিত বান্ধি ওলোমাই
দিলে ৷ তাই কেৱল নিৰ্ব্বাকভাৱে সকলো চাবলৈ ধৰিলে ৷ তথাপি আৰু অপৰ্য্যাপ্ত গহনা
থাকিলগৈ ৷ ৰুদ্ৰকান্তই আঁজলিয়ে আঁজলিয়ে গহনাবোৰ আনি তাইৰ গাত বান্ধি দিলে – “পিন্ধা,
আজি মনৰ হেঁপাহ পলুৱাই গহনা পিন্ধা ৷ গহনাৰে আজি তুমি পোত যোৱা ৷ গহনাৰ ভৰত তোমাৰ
গা উৱলি যাওক ৷ বাখৰৰ চিকমিকনিত চকু কণা হৈ যাওক ৷ জুন-জুননিত তোমাৰ কাণ কলা হৈ
যাওক ৷ ভৰত অনুভৱ শক্তি নোহোৱা হৈ যাওক ৷ তোমাৰ মন-প্ৰাণ গহনাত লীন হৈ যাওক ৷
তুমিও গহনাৰ দৰে নিৰ্জ্জীব হৈ এই মৈদামৰ আন্ধা খোঁটালি পোহৰাই অলঙ্কাৰকুঁৱৰী হৈ
থাকা ৷” এই বুলি ৰুদ্ৰকান্তই মৈদামৰপৰা ওলাই আহিবলৈ খোজ দিলে ৷ তাই ইমানপৰ
স্তব্ধ নিৰৱ হৈ আছিল, কিন্তু এইবাৰ তাইৰ প্ৰাণত শঙ্কা উপজিল ৷ তাই ৰুদ্ৰকান্তৰ
চোলাত থাপ মাৰি ধৰিলে ৷ হঠাৎ বাহিৰত সৈন্যবিলাকে চিঞৰিবলৈ ধৰিলে ৷ ৰুদ্ৰকান্ত লৰ
মাৰি বাহিৰলৈ আহি দেখা যে কেবাটাও অশ্বাৰোহী মানসেনা ৷ হঠাৎ মৈদামটো খহি পৰিল ৷
ৰুদ্ৰকান্তৰ ভৰিলৈকে পোত খালে ৷মানসেনাকেটাৰ লগত ৰুদ্ৰকান্তৰ সৈনিকৰ আকৌ এখন যুঁজ
লাগিল ৷ ৰুদ্ৰকান্তই পোতৰপৰা উঠি খেদি গ’ল ৷ কিন্তু কাৰবাৰ তৰোৱালৰ কোব খাই লুটি খাই পৰিল
৷ মানকেটাই পিছত ভাগৰি ঘোঁৰা চেকুৰাই পলাল
৷ ৰুদ্ৰকান্তৰ সৈনিকটোৱে তেওঁক বাহিৰলৈ লৈ গ’ল ৷ ইফালে তাই তাতে পোত খালে
৷ তাইৰ কান্দোনৰ এটি শব্দও আহি কাৰো কাণত নপৰিলহি ৷ চিৰদিনলৈ তাই গহনাৰে সৈতে শুই
থাকিব ৷ তাইৰ হাড়ৰ মাজে মাজে মুকুতা-মণিবোৰে, ৰঙা-নীলা বাখৰবোৰে এটা ভয়ঙ্কৰ
সৌন্দৰ্য্যৰ সৃষ্টি কৰি ক’ত দিনলৈকে চাগৈ তিৰবিৰাই থাকিব !
(পাঁচ)
“মোক বহুৱাই দিয়া ৷” সৈন্য দুটাই ধৰি লাহে লাহে ৰুদ্ৰকান্তক বহুৱাই দিলে
৷ কিছুপৰ বহি নৈৰফালে চাই থাকি আকৌ ক্ষীণ স্বৰে ক’লে, “সেইখন ক’ৰ
নাও ? হাত বাউল দি মাতাচোন ৷”
সৈন্য এটাই পাৰৰপৰা হাত বাউল দি মাতিলে ৷ নাওখনৰ গুৰিয়ালটোৱে
হাত জোকাৰি নাওখন পাৰলৈ পাৰি দিলে আৰু অলপ পৰৰ পিছতে নাও চাপিলহি ৷ তাৰ চৈৰ তলৰপৰা
এজন আদহীয়া মানুহ ওলাই আহিল ৷ মানুহজন আহি ৰুদ্ৰকান্তৰ ওচৰত থিয় হ’লহি
৷ ৰুদ্ৰকান্তই সেহাই সেহাই সুধিলে- “আপুনি ক’ৰপৰা আহিছে ?”
মানুহজন – মই গুৱাহাটিৰপৰা উজাই আহিছোঁ ৷”
ৰুদ্ৰকান্ত- “আমাৰ ৰজা তাতে আছেনে ?”
মানুহজন- “ৰজাই মানক দেশ এৰি দি ভটিয়াই গৈছে ৷”
ৰুদ্ৰকান্ত- “এঁ ! দেশ এৰি দিলে ?”
ৰুদ্ৰকান্তৰ মুখখন ছাইৰ দৰে ক’লা পৰি গ’ল
৷ আৰু এটি কথাও কব নোৱাৰিলে, ঢালি পৰি গ’ল ৷ সৈনিককেজনে উৎসুক হৈ মুখলৈ থৰ লাগি চাই থাকিল ৷ ৰুদ্ৰকান্তই
এবাৰ চকু মেলিলে... দেখিলে বেলি মাৰ যাব খুজিছে ৷ মানুহজনৰ ফালে চাই ক’লে,
‘বেলি আকৌ ওলাবনে ?”
মানুহজন অলপ আচৰিত হ’ল ৷ ক’লে, “ওলাব ৷”
ৰুদ্ৰকান্তই ফুটাই ক’লে, “ওলাব ? ওঁ, বেলি সঁচাকৈয়ে ওলাব ৷ কিন্তু এই আজিৰ অহমত
নহয়, স্বাধীন অসমত নহয়, অসমীয়াৰ অসমত নহয়... মানৰ অসমত ৷ আকৌ পুৱা অসমৰ গছৰ
ডালে-পাতে হেঙুলি ৰহণ পৰিব, চৰায়ে ঠেও ধৰি নাচি ফুৰিব, আকৌ জোন ওলাই পথে পথে
গছ-গছনিত ৰূজেউতি চৰাই থাকিব, আকৌ বাৰিষা আহি গছ-লতাক ন জীৱন দি যাব ৷ সকলো মৰি জী
উঠিব, সকলোৱে অৱসাদৰ পিছত আকৌ প্ৰাণৰ সঞ্চাৰ হব, কিন্তু অসমৰ অৱসাদ দূৰ নহব ৷ এই
প্ৰাণত আৰুতো প্ৰাণৰ সঞ্চাৰ নহব ৷লুইতো বৈ থাকিব, কিন্তু তাত আৰু অসমীয়া
নৌবাহিনীয়ে শত্ৰু নাশ কৰিবলৈ লুইতৰ পানীত ঢৌ তুলি নেযাব ৷ অসমীয়াৰ হিলৈ পৰি থাকিব
৷ স্বাধীনতা ৰক্ষা কৰিবলৈতো সি মুহূৰ্ত্তে মুহূৰ্ত্তে গৰ্জ্জন কৰি নুঠিব ৷ অসমীয়াৰ
শৌৰ্য্য-বীৰ্য্য পৰাধীনতাৰ কাৰণে হুঙ্কাৰি উঠীব ?”
ৰুদ্ৰকান্ত নীৰৱ হ’ল ৷ অসমীয়া সৈন্যবোৰে চকু মুহাৰিবলৈ ধৰিলে ৷ ৰুদ্ৰকান্তই
পশ্চিমৰ আকাশৰ ফালে স্তব্ধ নীৰৱ হৈ চাই ৰ’ল ৷ বেলি মাৰ যাব ধৰিছিল ৷ তেতিয়া সন্ধ্যা !
ৰুদ্ৰকান্তৰ জীৱনৰ সন্ধ্যা !! অসমীয়াৰ স্বাধীনতাৰ সন্ধ্যা !!!
***
[ইউনিক’ড ৰূপান্তৰ : দিগন্ত শইকীয়া]
******************
No comments:
Post a Comment