অনুসন্ধান আকাংক্ষাত

Wednesday, January 23, 2013

হে জনগণ চেনেহ কিমান দিলা






হে জনগণ .. !

চেনেহ যিমান দিলা

বিনিময় একোৱেই নাই !

মাথো হৃদয় ভৰা... !

প্ৰণতি কৰিবা গ্ৰহণ... !

হে জনগণ .. !

চেনেহ যিমান দিলা

বিনিময় একোৱেই নাই !

মাথো হৃদয় ভৰা... !

প্ৰণতি কৰিবা গ্ৰহণ... !



মোৰতো নাছিল দেখোন

নিজৰেই ঘৰ !

তোমাৰ হাততে আছিল

মনৰ সকলো খবৰ.. !

মোৰতো নাছিল দেখোন

নিজৰেই ঘৰ !

তোমাৰ হাততে আছিল

মনৰ সকলো খবৰ ..!



তোমাৰ আশীষবাণী !

পাশেও মোৰ আজীৱন

তোমাৰ আশীষবাণী !

পাশেও মোৰ আজীৱন

প্ৰণতি কৰিবা গ্ৰহণ... !

হে জনগণ .. !

চেনেহ যিমান দিলা

বিনিময় একোৱেই নাই !

মাথো হৃদয় ভৰা...

প্ৰণতি কৰিবা গ্ৰহণ... !



প্ৰেমতো বহুতো পালোঁ

বহু অভিনন্দন !

বন্ধু আছিলা তুমি

সহৃদয় মোৰ আজীৱন ,

প্ৰেমতো বহুতো পালোঁ

বহু অভিনন্দন !

বন্ধু আছিলা তুমি

সহৃদয় মোৰ আজীৱন ;



ৰঙেৰে সজালা তুমি !        

ওঁঠত বহুতো ক্ষণ

ৰঙেৰে সজালা তুমি !        

ওঁঠৰ বহুতো ক্ষণ

প্ৰণতি কৰিবা গ্ৰহণ... !

হে জনগণ .. !

চেনেহ যিমান দিলা

বিনিময় একোৱেই নাই !

মাথো হৃদয় ভৰা !

প্ৰণতি কৰিবা গ্ৰহণ... !

প্ৰণতি ! কৰিবা ! গ্ৰহণ... !!




(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ  দিগন্ত শ‍কীয়া)

No comments: