[১৯৬১ ৰ ২৬ এপ্ৰিলত কলকাতাৰ
ৰঞ্জি ষ্টেডিয়ামত অনুষ্ঠিত পশ্চিম বংগ গণনাট্য উৎসৱ হেমাংগ বিশ্বাস আৰু ভূপেন
হাজৰিকাৰ পৰিকল্পনাত পৰিৱেশিত আলেখ্যৰ কিয়দাংশ ৷]
'হাৰাধন-ৰংমন'ৰ কথা (‘এপিক থিয়েটাৰ)
(বিহু-ভাটিয়ালীৰ সংমিশ্ৰণ )
→ ৰচনা আৰু
সংগীত :- ভূপেন
হাজৰিকা আৰু হেমাংগ বিশ্বাস ৷
→ নৃত্য
পৰিচলনা :- প্ৰিয়ম
হাজৰিকা, প্ৰতিমা ৰায়, শান্তশ্ৰী ৰায়, সৌৰেন সেনগুপ্ত , নীলিমা ভট্টাচাৰ্য, ৰত্না সৰকাৰ, দিলিপ সেনগুপ্ত আৰু উজ্জ্বল বেনাৰ্জী ৷
→ আলোকসম্পাত
আৰু ছেটিংছ :- সুখৰঞ্জন ৷
→ ৰূপসজ্জা
আৰু সাজ- সজ্জা :- অনন্ত দাস, ধীৰেন দত্ত (দ্য নিউ ষ্টডিঅ’ ছাপ্লায়াৰ্ছ) ৷
→ প্ৰযোজনা :-
গণনাট্য সংঘ, প্ৰাদেশিক বেলে স্বোৱাড পশ্চিম বংগ গণনাট্য উৎসৱ,
→ স্থান আৰু
সময় :- ১৬ এপ্ৰিল, ১৯৬১ , ৰঞ্জি ষ্টেডিয়াম ৷
ধাৰাভাষ্য
:-
অসমৰ
বসন্ত উৎসৱ – ৰঙালী বিহু ৷মদাৰৰ
কাঁইটীয়া ডালত, বিৰিণা বনৰ পাতত আৰু ভেবেলি লতাৰ পাতে পাতে ৰঙৰ হোলী, ম’হৰ শিঙৰ পেঁপা, বাঁহীৰ সুৰত,
বাঁহৰ টকা, আৰু ঢোলৰ ছেৱে ছেৱে বিৰামহীনভাৱে বুঢ়া লুইতে বিহু নাচে ৷ আহে যৌৱনৰ উচ্ছাস ৷ তাঁতশালৰ পৰা ওলাই আহে গাভৰু, পথাৰৰ ডেকাই তাইকে শুনাই ধৰে...
ঘৰতো নবহে মন সমনীয়া পথাৰত নবহে মন
কমোৱা তুলাবোৰ যেনেকৈ উৰিছে তেনেকৈ
উৰিবৰ মন ৷
আত্মঘাতী উন্মাদনাই মানুহক অমানুহ
কৰিলে.... বঙহৰ তেজেৰে কলংকিত হ’ল অসমৰ
শইচেৰে সেউজীয়া হৈ থকা অসমৰ কোমল মাটি ৷ হাৰাধনৰ সৰু জুপুৰিটোও জ্বলি ছাৰখাৰ হ’ল ৷ কিন্তু অসমীয়া খেতিয়ক ৰংমনৰ
মনটোক কোনেও বিষাক্ত কৰিব নোৱাৰিলে ৷
হাৰাধনৰ পোৰা ভেটিত থিয় হৈ ৰংমনে ক’লে – ‘মই আকৌ তোমাৰ ঘৰ সাজি দিম’ ৷
ৰংমনে ব্যথিত হৃদয়েৰে বিহুগীত এফাঁকি
গাবলৈ ধৰে...
মনৰে বননিৰ চেনেহৰ নিজৰেৰ
পানীকে এটুপি পিওঁ
পোৰাকৈ ভেটিতে তুমি ঘৰে সাজা
আমি তমাল তুলাই দিওঁ ৷
হাৰাধনে
গায় –
আবাৰ আমি বান্ধমু ঘৰ আবাৰ গাইমু গান
দু:খে যদি পাষাণ গলে গলৰ কি পৰাণ ৷
ৰংমনে
আকৌ গায় –
লুইতৰ চাপৰিত চাকৈয়ে কান্দিলে
মানুহৰ নাওখন চাই ৷
মানুহৰ দোষতে মানুহ বুৰিব
আনকচোন দুষিবৰ নাই ৷
এইবাৰ
হাৰাধনে গায় –
‘চখা
কাঁদে চখী কাঁদে ব্ৰহ্মপুত্ৰ চৰে
নিজেৰ হাতে ডুবিয়ে নাও মানুষ ডুবে মৰে ৷
পদ্মাৰ তুফান উড়াইয়া নিল আমাৰ সুখেৰ ঘৰ
উজান ঠেইলা আইলাম আমি লুইতেৰও চৰ ৷
আমাৰ ভাঙা নাওৰে বন্ধু তুমি ধৰলাই হাল ৷
এ মিলন গাঙে আনলো বলো কে বিভেদেৰ বান
চৰ ভাঙিল ঘৰ ভাঙিল ডুবলো সোণাৰ ধান ৷
আমাৰ দেহে বৃষ্টি শুকায় ৰক্তে কণায়
সূৰুয ঘুমায়
হালেৰ খুঁটা মুঠিতে শোভায় বন্ধু বলো না
আমায় ৷’
ৰংমনে
উত্তৰ দিয়ে –
ভাষা নুবুজিও যুগে যুগে আহে মানুহ
মানুহৰ পিনে ৷
মৰমৰ ভাষাৰে আখৰ নাইকীয়া এ’ বুজিব খুজিলে বুজে ৷৷
তুমিয়ে ময়ে দেশখন গঢ়োঁতে যদিহে কেঁচা
ঘাম সৰে ৷
দুয়োৰে ঘামৰে মিলনে দেখিবা বুৰঞ্জী ৰচনা
কৰে ৷৷
গংগা পদ্মা কৃষ্ণা গোদাবৰী ব্ৰহ্মপুত্ৰ
কাবেৰী ৷
সবে মিলি ভাৰত মহাসাগৰলে’ যায় ৰঙতে বাগৰি বাগৰি ৷৷
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি মিঠা চুৰা দৈ
পীৰিতি পীৰিতি পীৰিতি
পীৰিতি বোৱা বোৱঁতী নৈ
পীৰিতি পীৰিতি পীৰিতি
ওৰে জীৱন থাকিব বৈ ৷
দুয়োজনে
মিলিত কণ্ঠেৰে গায় –
এনেনো দুখ লাগে বান্ধৈ, এনেনো দুখ লাগে
৷
এমন দু:খ লাগেৰে বন্ধু, এমন দু:খ লাগে
অতীত দিনেৰ মিলন স্মৃতি যখন মনে জাগে ৷
একই সংগে ঘৰে আনলাম সোণালী ৰূপশালী ৷
কিন্তু বিচ্চেদেই শেষ কথা নহয়, মিলনহে ৷
আকৌ
আমি বিহুৰ বসন্তোসৱেৰে নতুন দিন আনিমেই
৷
এনেনো ভাল লাগে বান্ধৈ, এনেনো ভাল লাগে
এমন ভাল লাগে বন্ধু, এমন ভাল লাগে
তুমি নাচ বিহুনাচ আমি দিব তালি
ঐক্যতানে মিলে যাবে বিহু ভাটিয়ালী
দেশকে আবাৰ গড়বো মোৰা বুকেৰ মৰম ঢালি ৷
(ভূপেন হাজৰিকা)
(ইউনিক’ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া)
(সংগ্ৰহ:- ‘আমাৰ অসম’ বাতৰি কাকত, ১৪ ডিচেম্বৰ,২০১২, শুকুৰবাৰ, যোৰহাটৰপৰা প্ৰকাশিত)
No comments:
Post a Comment