ৰ'দ পুৱাবৰ কাৰণে মতিবানো কাক?
ওলাই দেখোন আহিলে ৰহদৈৰে জাক
লগে লগে নামি আহিল সেউতীহঁতৰ মাক
পাহাৰ বগাই নামি আহিল ডালিমীৰে জাক
শুৱনীকৈ অসমীৰে একতাৰে সূতাবোৰে
মহুৰাতে ল'লেহি পাক--।
অ' আইতা আইতা অ'
এনেই আইতা নাচনী তাতে নাতিনীৰে বিয়া
অসম আকাশ পোহৰ হ'ব উৰুলিটি দিয়া।
এই তেজীমলা কোন?
সোৱণশিৰিৰ সোণ
সোণ চেঁকুৰা মাটিতে সিঁচি
দোকমোকালিতে চোতাল মচি
আজি হেনো দেখিছে গাঁৱৰে কঠীয়াতলীত
পোহৰ শিশুৰ কোমল হাঁহি
নতুন দিনৰ ধুনীয়া সপোন
চেৰেকীতকৈ চৰিছে যে আইতাৰ হে পাক।
আজিৰ মূলা গাভৰুৱে দপদপাই ওলালে
হেংদানে মাকো দেখি ক'ৰবাতে লুকালে
মূলাই আজি সমাজ শালত চেনেহ চেলেং লগালে
সজাবলে পিন্ধাবলে কাক?
মকৰাৰে পুৰণী জালবোৰৰ এলান্ধু
সাৰি-পুচি নিবলৈ আহে বতাহ এছাটি
তাতে উৰে হেজাৰ কপৌৰ জাক
পৃথিৱীৰ আকাশৰে শুকুলাকৈ ডাৱৰে
উলাহেৰে সাৱটিছে তাক।
অসমীৰে চোতালতে ৰ'দ কাঁচলিত বহি বহি
ব তোলাই ব তোলে বাটি কঢ়াই কাঢ়ে
আমাৰ দেশৰ চেলেংখনিত নতুন ৰহণ বাঢ়ে
সজাবলৈ হেজাৰ জনতাক
আনন্দতে পুৱাই উৰিল
হেজাৰ হেজাৰ কপৌৰ জাক
ধিয়াই মাথোঁ ৰঙা বেলিৰ
জীৱন যচা তাপ।
(ইউনিক’দ ৰূপান্তৰণ: উদ্দীপ তালুকদাৰ)
No comments:
Post a Comment