অনুসন্ধান আকাংক্ষাত

Sunday, October 21, 2012

তপ্ত তীখাৰে অগ্নিশক্তি

মণিৰাম দেৱানৰ দিনতো ৰাইজৰ পণ কম নাছিল



তপ্ত তীখাৰে অগ্নিশক্তি ৰক্তবর্ণে জ্বলে, এ জ্বলিলে

মুক্তি পীয়াসী সুপ্ত মানুহৰ

বক্ষ তীখা হৈ গলে, এ গলিলে

জনতা তন্ত্ৰৰ সাজি ল’লো অস্ত্ৰ

স্বতন্ত্ৰতাকে আনিম বুলি

শোষণ জর্জৰ সহস্ৰ মানুহৰ

আর্তনাদ আৰু নুশুনো বুলি

আমাৰ দেশতে ফল্গু শতৰী

গুপ্ত সংগ্ৰাম চলে, এ চলিলে



এ হেইয়া কি ৰাম ৰাম

দ্বাৰ মাৰিবলৈ আহা কি ৰাম ৰাম

এ হেইয়া কি ৰাম ৰাম

জীৱন লুইতলৈ আহা কি ৰাম ৰাম

এ হেইয়া কি ৰাম ৰাম

পুত্ৰ স্বার্থ এৰি আহা কি ৰাম ৰাম

এ হেইয়া কি ৰাম ৰাম

ৰাইজ নেকান্দিবা, টঙালি বান্ধিবা

ৰাইজ নেকান্দিবা, টঙালি বান্ধিবা

যাত্ৰাৰ অন্ত হয় হে হয়



এ হেইয়া কি ৰাম ৰাম

দেশৰ হকে মৰিবলৈ আহা কি ৰাম ৰাম

এ হেইয়া কি ৰাম ৰাম

দেশৰ এই প্ৰজা, অন্যায় যুঁজা

দেশৰ এই প্ৰজা, অন্যায় যুঁজা

সত্যৰ আজি ‌হ’ব জয় হে জয়

এ হেইয়া কি ৰাম ৰাম

এ হেইয়া কি ৰাম ৰাম

এ হেইয়া কি ৰাম ৰাম

এ হেইয়া কি ৰাম ৰাম









(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক’দ ৰূপান্তৰণ: জলি বৰা)

 

No comments: