অনুসন্ধান আকাংক্ষাত

Sunday, October 21, 2012

মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক

মোৰ গান হওক

বহু আস্থাহীনতাৰ বিপৰীতে এক

গভীৰ আস্থাৰ গান



মোৰ গান হওক

কল্পনাবিলাসৰ বিপৰীতে এক এক

সত্য প্ৰসস্তিৰ ধ্যান



মোৰ কলাশৈলীতে মূৰ্ত হওক

এক মধুৰ বৈচিত্ৰ্যৰ মান

এই গানত জাগক

জনৈক সংগ্ৰামী

সৈনিকৰ মহাপ্ৰাণ



মোৰ গান হওক

বহু আস্থাহীনতাৰ বিপৰীতে এক

গভীৰ আস্থাৰ গান



সমসাময়িক সংঘাত

জীৱনৰ জ্যোতি প্ৰপাত

তাৰেই গান হওক ধন্য

হওক সমৱেত কণ্ঠ অগন্য

ধ্বংসমূখী দৃষ্টিভংগী

কিম্বা মনোমালিন্য

সেয়া নহয় মোৰ গানৰ লক্ষ্য

লক্ষ্য শান্তি অনন্য



মোৰ গান হওক

বহু আস্থাহীনতাৰ বিপৰীতে এক

গভীৰ আস্থাৰ গান



মোৰ সুৰবিন্যাসত মূৰ্ত হওক

অতীত বৰ্তমান

চিৰ উজ্জল ভৱিষ্যতেও যেন

তাতেই কৰে নিতে স্নান

মোৰ গান হওক

বহু বাধাৰ প্ৰাচীৰৰ বিপৰীতে

তীব্ৰ গতিৰ গান



মোৰ গান হওক

বহু আস্থাহীনতাৰ বিপৰীতে এক

গভীৰ আস্থাৰ গান II


 



(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত)
(ইউনিক'দ ৰূপান্তৰণ: পংকজ বৰা)

No comments: