অনুসন্ধান আকাংক্ষাত

Sunday, October 21, 2012

গুপুতে গুপুতে কিমান খেলিম


গুপুতে !

গুপুতে ..

কিমান খেলিম
 

আলিংগনৰ এই খেলা ?
 

চতিয়াওঁ আহা আকাশে বতাহে ..
 

দুয়োৰে ৰঙৰে মেলা,
 

গুপুতে !

গুপুতে ..

কিমান খেলিম
 

আলিংগনৰ এই খেলা…?

 



সমাজ আৰু সংস্কাৰক
 

দেখুৱাওঁ আহা প্ৰিয়া !

লুকাই নথৈ আমাৰ দুখন 

সাগৰৰ দৰে হিয়া !

যৌৱনত জানো পাপ থাকে
 

প্ৰকাশ জানো বন্ধ থাকে
 

লহৰে জানো সাগৰক কৰে
 

কাহানিও অৱহেলা !

গুপুতে !

গুপুতে ..

কিমান খেলিম
 

আলিংগনৰ এই খেলা .. ?!

 



তোমাৰ নয়নযোৰি
 

তোমাৰ বুকুৰ পাপৰি,
 

প্ৰতি চাৱনি শুৱনি
 

প্ৰতি পৰশ লাৱনি

বন্ধ ঘৰৰ খিৰিকি-দুৱাৰ
 

খোলা আজি প্ৰিয়া খোলা !
 

নেলাগে আৰু দেখুৱাব আজি
 

শালীনতা-শৃংখলা,
 

মৰমত জানো নিয়ম থাকে
 

ধুমুহাৰ জানো পৰিধি থাকে
 

প্ৰভাতক জানো ঢাকিব পাৰি
 

পিন্ধাই লাজৰ মালা... !



গুপুতে !

গুপুতে ...

কিমান খেলিম
 

আলিংগনৰ এই খেলা…?





(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত)

No comments: