অনুসন্ধান আকাংক্ষাত

Sunday, October 21, 2012

টিৰাপ সীমান্ত ৰূপৰ নাই অন্ত

টিৰাপ সীমান্ত ৰূপৰ নাই অন্ত

নক্তে ৱাঞ্চু টাংচা-য়ুগলিৰ

দেখিলো মনৰ সেউজ দিগন্ত



সৌৱা টিৰাপৰে কিশোৰ ৱাঞ্চু

তাৰ মুঠিতে জোঙা যাঠি পাকমু

ডিঙিত লিকমণি মূৰত কাশ্বান

সৰু ফানাট মাৰি নাচিছে শ্বোৱান

চুটিকৈ নিছাৰে আৱৰা কঁকাল

ভাঙি ভাঙি গাভৰুৱে দিয়ে কিনো তাল

ভয়াবহ পাহাৰক সাৱটি ধৰি

চুমা খাই থকা ডাৱৰ আঁৰত সূৰুযটি অস্পষ্ট



ৰিণিকি ৰিণিকি দেখিলোঁ খুনচা বস্তি

সৌৱা সুঠাম নক্তেই ডেকাটি

গাত পিন্ধি চেংচেম চোলাটি

মূৰত বেতৰে খপক শোভে

আৰু কঁকালত ৰঙীন খাপৰি

সি লোণৰ পুঙত ব্যস্ত



টিৰাপৰে বস্তি চাংলাং

তাতে সৰল জনজাতি লুংচাং

সৌৱা টিৰাপ নৈৰে বুকুৰে

বাঁহৰ ওলোমা সাঁকোৰে

টাংচা খেতিয়ক পাৰ হৈ

সৌৱা দেখোঁ দলে দলে নামিছে

পিঠিত পহু লৈ নামিছে

বোলো ককাই ক’লৈনো যোৱা

ক’লে মাৰ্ঘেৰিটাৰ হাটলৈ

নহ’লে শ্ৰম হ’ব নষ্ট



আহোম স্বৰ্গদেউৰ দিনতে

লোণ বান্ধি নামিছিল নক্তে

তাহানিৰ শ্ৰী শ্ৰীৰাম আতাই

নক্তে নৃপতিক দিছিলে শৰণ

কৰি নক্তেই শিষ্যৰ নামাকৰণ

নৰৰো উত্তম নৰোত্তম

কৈছিল মানুহ মানুহ হ’লে

ইজনে সিজনক সাৱটিলে

নহয় জাতিকুল ভ্ৰষ্ট







(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক’দ ৰূপান্তৰণ: মালিনী গোস্বামী)

No comments: