নাৰী: মই কহিমাৰে আধুনিকা ডালিমী
ডেকা: মই গদাপাণি আধুনিক ভৈয়ামৰ
আমি আজি দুয়ো সহযাত্ৰী .. !
দুয়ো: গুৱাহাটী অভিমুখী নিশাৰ ৰেলৰ।
নাৰী: মই কহিমাৰে আধুনিকা ডালিমী
ডেকা: মই গদাপাণি আধুনিক ভৈয়ামৰ
আমি আজি দুয়ো সহযাত্ৰী !
দুয়ো: গুৱাহাটী অভিমুখী নিশাৰ ৰেলৰ।
ডেকা: তোমাৰ হয়তো ঘনে পৰিছে মনত
ল’ৰালিৰ কথা সেয়া জেখামা গাঁৱৰ,
ৰঙা নীলা পাখি পিন্ধি পখিলাৰ দৰে
নাচি ফুৰা কত মিঠা উৎসৱৰ।
নাৰী: পৰদেশ বুলি মোৰ ভয় লগা নাই
তুমিতো মোৰেই হ’লা নিচেই কাষৰ,
গুৱাহাটী পাই পিছে যেন কাহানিও
নেপাহৰাঁ স্নেহ মোৰ নগা পাহাৰৰ।
মই কহিমাৰে আধুনিকা ডালিমী
ডেকা: মই গদাপাণি আধুনিক ভৈয়ামৰ
আমি আজি দুয়ো সহযাত্ৰী !
দুয়ো: গুৱাহাটী অভিমুখী নিশাৰ ৰেলৰ।
ডেকা: লামডিং ডিফুৰে বিস্ফোৰণ
মনত আছেনে কিছু বছৰ আগৰ ...
লামডিং ডিফুৰে বিস্ফোৰণ
মনত আছেনে কিছু বছৰ আগৰ.. !
নাৰী: সেই বহুতৰে কান্দোনৰ পটভূমিত
হয় মধু পৰিচয় আমাৰ মনৰ।
(আজি) মই হ’লোঁ অসমৰ ন বোৱাৰী
ডেকা: জোঁৱাই হ’লোঁ মই টুৱেনচাঙৰ
দুয়ো: আমি দুয়ো পূৰ্ব ভাৰতীৰে
জীয়া প্ৰতীক সমন্বয়ৰ।
নাৰী: লক্ষ্মীনাথৰ সেই ডালিমীও নাই
ডেকা: (আৰু) মইও নহওঁ তাহানিৰ গদাধৰ
ডেকা: তথাপিও.... আজি এই.... মিলনে আমাৰ....
বাৰে বাৰে সোঁৱৰাই কথা অতীতৰ।
তুমি কহিমাৰে আধুনিকা ডালিমী
মই গদাপাণি আধুনিক ভৈয়ামৰ
আমি আজি দুয়ো সহযাত্ৰী !
দুয়ো: গুৱাহাটী অভিমুখী নিশাৰ ৰেলৰ।
নাৰী: মই কহিমাৰে আধুনিকা ডালিমী
ডেকা: মই গদাপাণি আধুনিক ভৈয়ামৰ
নাৰী: মই কহিমাৰে আধুনিকা ডালিমী !!
ডেকা: মই গদাপাণি আধুনিক ভৈয়ামৰ
আমি আজি দুয়ো সহযাত্ৰী .. !
দুয়ো: গুৱাহাটী অভিমুখী নিশাৰ ৰেলৰ।
নাৰী: মই কহিমাৰে আধুনিকা ডালিমী
ডেকা: মই গদাপাণি আধুনিক ভৈয়ামৰ
আমি আজি দুয়ো সহযাত্ৰী !
দুয়ো: গুৱাহাটী অভিমুখী নিশাৰ ৰেলৰ।
ডেকা: তোমাৰ হয়তো ঘনে পৰিছে মনত
ল’ৰালিৰ কথা সেয়া জেখামা গাঁৱৰ,
ৰঙা নীলা পাখি পিন্ধি পখিলাৰ দৰে
নাচি ফুৰা কত মিঠা উৎসৱৰ।
নাৰী: পৰদেশ বুলি মোৰ ভয় লগা নাই
তুমিতো মোৰেই হ’লা নিচেই কাষৰ,
গুৱাহাটী পাই পিছে যেন কাহানিও
নেপাহৰাঁ স্নেহ মোৰ নগা পাহাৰৰ।
মই কহিমাৰে আধুনিকা ডালিমী
ডেকা: মই গদাপাণি আধুনিক ভৈয়ামৰ
আমি আজি দুয়ো সহযাত্ৰী !
দুয়ো: গুৱাহাটী অভিমুখী নিশাৰ ৰেলৰ।
ডেকা: লামডিং ডিফুৰে বিস্ফোৰণ
মনত আছেনে কিছু বছৰ আগৰ ...
লামডিং ডিফুৰে বিস্ফোৰণ
মনত আছেনে কিছু বছৰ আগৰ.. !
নাৰী: সেই বহুতৰে কান্দোনৰ পটভূমিত
হয় মধু পৰিচয় আমাৰ মনৰ।
(আজি) মই হ’লোঁ অসমৰ ন বোৱাৰী
ডেকা: জোঁৱাই হ’লোঁ মই টুৱেনচাঙৰ
দুয়ো: আমি দুয়ো পূৰ্ব ভাৰতীৰে
জীয়া প্ৰতীক সমন্বয়ৰ।
নাৰী: লক্ষ্মীনাথৰ সেই ডালিমীও নাই
ডেকা: (আৰু) মইও নহওঁ তাহানিৰ গদাধৰ
ডেকা: তথাপিও.... আজি এই.... মিলনে আমাৰ....
বাৰে বাৰে সোঁৱৰাই কথা অতীতৰ।
তুমি কহিমাৰে আধুনিকা ডালিমী
মই গদাপাণি আধুনিক ভৈয়ামৰ
আমি আজি দুয়ো সহযাত্ৰী !
দুয়ো: গুৱাহাটী অভিমুখী নিশাৰ ৰেলৰ।
নাৰী: মই কহিমাৰে আধুনিকা ডালিমী
ডেকা: মই গদাপাণি আধুনিক ভৈয়ামৰ
নাৰী: মই কহিমাৰে আধুনিকা ডালিমী !!
(ভূপেন হাজৰিকাদেৱ আৰু ৰুণুমী ঠাকুৰ নিগৰিত দ্বৈত গীত, পিছত অজন্তা গোস্বামীৰ লগতো গীতটো গাইছে )
(ইউনিক’দ ৰূপান্তৰণ: উদ্দীপ তালুকদাৰ)
No comments:
Post a Comment