অনুসন্ধান আকাংক্ষাত

Sunday, October 21, 2012

তেজৰে চাকি জ্বলাই

তেজৰে চাকি জ্বলাই

সাৰে আছোঁ সাৰে আছোঁ

মোৰ আই।

কাল এন্ধাৰ নাশিবলে

পণ ল’লোঁ পণ ল’লোঁ

মোৰ আই।



মোৰ আইৰ চাদৰখন শুকুলা মেঘৰ

বুটা বছা ফুলবোৰ সোণ বৰণৰ

মেখেলাৰ ৰঙ আইৰ সেউজ ৰঙৰ

বুকুৰ উমখিনিও ন-সূৰুযৰ,

কাল এন্ধাৰ নাশিবলে

পণ ল’লোঁ পণ ল’লোঁ মোৰ আই।



মোৰ আইৰ কপালতে জোনৰ পোহৰ

দুচকুত ভাঁহে যেন নীলা সাগৰ

মই দেখোঁ মোৰ আইক সাগৰ ৰূপে

মনৰ উদাৰতাও আকাশৰ দৰে

তোৰ এই প্ৰেৰণাৰে জীয়াই থাকি

তোকেই সজাম তোকেই সজাম

মোৰ আই।

কপৌ ফুলৰ চাকি সাজি

তোকেই পিন্ধাম তোকেই পিন্ধাম মোৰ আই।

কাল এন্ধাৰ নাশিবলে

পণ ল’লোঁ পণ ল’লোঁ

মোৰ আই

মোৰ আই












 (ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক’দ ৰূপান্তৰণ: গীতাৰ্থ বৰদলৈ)

 

No comments: