অনুসন্ধান আকাংক্ষাত

Sunday, October 21, 2012

তেওঁ মেলানী মাগিলে আজি মিলন মেলাৰ

মিলন মূহুৰ্ত বিয়াৰ ৰভাতলীৰ সৌন্দৰ্য্য....কিন্তু এনে এটি উৎসৱৰো বিয়লি আহে...তাত ফুলতী মালতীৰ পাহি মোলান পৰা দেখি পাৰ্বতী প্ৰসাদৰ বুকুত বিষাদৰ সুৰ বাজি উঠে.....



তেওঁ মেলানী মাগিলে আজি মিলন মেলাৰ

দুদিনীয়া উৎসৱৰ বিয়লি বেলাত

মেলানী মাগিলে আজি মিলন মেলাৰ

দুদিনীয়া উৎসৱৰ বিয়লি বেলাত

মেলানী মাগিলে আজি মিলন মেলাৰ


.....


ফুলতী মালতীৰ পাহি মোলান পৰিলে

অপৰাজিতাৰ মলা জয় পৰি গ’ল

পদুমৰ পৰিমল পৱনে হৰিলে

শুকাই মৰহি মাথো পাহি পৰি ৰল

মেলানী মাগিলে আজি মিলন মেলাৰ


.....


উৰুঙা ৰভাৰ কোন নিৰৱে তুলসী

সমীৰত সুধি গ’ল গোলাপৰ পাছ

দুজনৰ বাহুবান্ধ পৰিলে সুলকি

চুমা পৰশৰ মাথো কৈ কৈ শ্বাস

মেলানী মাগিলে আজি মিলন মেলাৰ

দুদিনীয়া উৎসৱৰ বিয়লি বেলাত

তেওঁ মেলানী মাগিলে আজি মিলন মেলাৰ



 (ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ : দীপা ডেকা

No comments: