Assamese Song: Ketiyaba nur nijoke iman
Film: Anutaap
Singer: Mitali Choudhury
Music Director: Jeetu -Tapan
Lyrics:- ?
Year: 1973
কেতিয়াবা মোৰ..
নিজকে ইমান....
অসহায় যেন লাগে !
কেতিয়াবা মোৰ..
নিজকেই ইমান
অসহায় ..যেন লাগে !
পথৰ কাষৰ.. !
ৰঙা মদাৰৰ...
পথৰ কাষৰ.. !
ৰঙা মদাৰৰ
পাহি এটি যেন কঁপে...
অসহায় ..যেন লাগে !
কেতিয়াবা মোৰ..
নিজকেই ইমান
অসহায় ..যেন লাগে !
কেতিয়াবা মোৰ..
নিজকে বৰ ...
নিৰুপায় যেন লাগে !
মৰুৰ বুকুত হেৰাই যোৱা
নদী নদী যেন লাগে !
যাৰ অশান্ত !
ঢৌৰ বিননিত !
কোননো শুনিব চাগে...!
অসহায় ..যেন লাগে !
কেতিয়াবা মোৰ..
নিজকেই ইমান
অসহায় .. যেন লাগে !
পৃথিৱীৰ ৰং ... !
সুৰভিয়ে মোৰ !
হিয়া চুইহে যায়.. !
যেন ফাগুণৰ ...
বতাহ এচাটি
কেনি আহি কেনি যায় !
মন অজন্তাৰ !
গহীন গুহাত !
এন্ধাৰে নিৰৱে কান্দে ..
অসহায় ..যেন লাগে !
কেতিয়াবা মোৰ..
নিজকেই ইমান
অসহায় ..যেন লাগে !
পথৰ কাষত..
ৰঙা মদাৰৰ
পথৰ কাষত..
ৰঙা মদাৰৰ
পাহি এটি যেন কঁপে...
অসহায় ..যেন লাগে !
কেতিয়াবা মোৰ..
নিজকেই ইমান
অসহায় ..যেন লাগে.... !
বোলছবি/এলবাম: অনুতাপ
গায়ক/গায়িকা: মিতালী চৌধুৰী
সংগীত পৰিচালক: জিতু-তপন
কথা : ?
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটোৰ ভুলখিনি চকু ফুৰাই দিয়াৰ বাবে মৃণাল নাথলৈ আন্তৰিক ধন্যবাদ]
No comments:
Post a Comment