মা ! মই এটা মা
খুউব
ধুনীয়া সপোন দেখিলোঁ,
আৰু মা ! বুইছ মা !
সপোনতেই
ডাঙৰ ডাঙৰ কথা শিকিলোঁ ৷
বুইছ মা ! দেউতাই যে আনি দিছে
কিতাপ
ছবি থকা
আৰু তাত যে মা অঁকা আছে
আঙুৰ
পকা পকা ;
আৰু তাত যে আছে
ৰঙা-নীলা
হাঁহ,
আৰু হালধীয়া কণী থকা
তিনিটা
চৰাই-বাহ ;
আৰু তাত যে আছে টুপী পিন্ধা দেঁচা
আৰু যে মা ছোৱালীজনী
পকা
ক’লা
নেদেখা ফুলৰ মাজে মাজে
নেপুৰ
বজাই নাচে
আৰু হেনো কাৰেংঘৰত
মনে
মনে সোমাই থাকি
বৰ পুৰণি তাঁয় এখনত
ন – ন
ফুল বাছে ৷
তায়ে হেনো সৰু ল’ৰালৈ
ৰোৱে
কলৰ পুলি,
চেনিচম্পা –
মনোহৰ
থোকেথোকে পকাই পকাই
লয়
শিকিয়াত তুলি ৷
মই কলোঁ – “কলা
দিয়া খাওঁ”
তাই ক’লে, “ব’লা
তেনে গড়গাঁৱলৈ
ফুলকুৱৰীৰ
বৰবাৰীলৈ যাওঁ ৷”
মই ক’লোঁ – “মা
মোৰ যে সৰু ভৰি
ইমান
দীঘল বাটলে’ মই
যাওঁ
কেনেকৈ লৰি ?”
তাই ক’লে মোক – “ৰবা
বাৰু আনিম এৰ’প্লেন”
এই
বুলি মা ! থাপ মাৰি তাই
আনিলে
ধৰি
সেইফালেদি
উৰি যোৱা এটা ডাঙৰ শেন ৷
পিছে মা ! বুইছ মা ! শেনৰ মূৰত
মাৰিলে
এটা চৰ,
একেচৰেই শেনটো হ’ল
দীঘলবহল
বৰ ৷
কল বেচা
ছোৱালীয়ে কোলাত তুলি মোক
শেনৰ
পিঠিত উঠি- বহি
তাৰ
মূৰত মাৰিলে ঘোঁক ৷
পাখি মেলি ডাৱৰলৈ শেনটো উৰি গ’ল
;
বুইছ মা
!
আমাৰ
এই পকা বঙলা
আৰু কলঘৰ
আৰু
বাগিচাখনো
তল্লতেই
পৰি ৰ’ল ৷
আৰু মা ওপৰৰ পৰা ভোবোলাটো
মেকুৰী
যেন দেখি,
আৰু ষাড়গৰুটো ছাগলীৰ সমান হ’ল
৷
আৰু দেউতাক দেখি
মোৰ
সমান তেনেই অকণমান ,
আৰু তোক দেখি মা
মই
লোৱা গাৰুটোৰ সমান ৷
খোপা
লগা মূৰ এটা যেন গাৰুত লাগি আছে,
ইস্ ! খঙ কৰিছ কিয় ?
সঁচা কথা কৈছোঁ মা
তই যদি
যাৱ ওপৰলৈ
তেনেকুৱাই থিক দেখিবি পাছে ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা
শিশু-কবিতা]
[ইউনিক’ড
ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment