কেতেকীৰ পাহি যেন নিমজ
শৰীৰ
সানি
তাতে গোলাপ-নিৰ্য্যাস
বাসনাৰ ৰাঙলী জেতুকাৰে
ৰঞ্জি
দুখনি গাল
পিন্ধি
আহে কিনো নীলাবাস ৷
অঙ্গ ভঙ্গতে যাৰ
ছন্দৰ
সৃষ্টি
কটাক্ষত কামনাৰ বৃষ্টি
হাঁহিৰ বাটত ৰূপ লৈ
মাতে মোক নিবলৈ
খন্তেকতে প্ৰিয় বুলি....
মায়াপী ৰূপৰ ইটো সোণৰ হৰিণা
পিছ
লবলৈ মোক কৰা কিয় মানা ?
যদি চিৰসুন্দৰে
তাৰে
থানিকা পাতি
তুলি
দিলে ৰূপৰ লহৰ
মই কিয় নাচাপিম চুমাৰ ওচৰ
নিপিম
ৰূপৰ মৌ
সেই
দুই সুন্দৰ ওঁঠৰ ?
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত-কৱিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment