অ’ মোৰ ধুনীয়া গাঁও
ৰজাকো, প্ৰজাকো,
আমাক গৰকাকো
তোৰে পদূলিতে বান্ধি ৰখাওঁ
অ’ মোৰ ধুনীয়া গাঁও ৷
তোৰে কোলাৰে জাতিবাঁহজুপিয়ে
থকা ঘৰে মোক দিয়ে,
ইকৰা-খাগৰি উলু-খেৰণিয়ে
হজুৱা-বনুৱা
জীয়ে ৷
তোৰ মৰমতে ধাননি উপচি
মাণিকিমধুৰী
আহে,
তোৰে চেনেহতে ফুলা সৰিয়হে
পাহি মেলি মেলি হাঁহে ৷
তোৰে চোতালতে গাঁৱৰ জীয়ৰীয়ে
নকৈ বাঁতিছে তাঁত,
গাঁৱৰ ডেকা ল’ৰাই
তিনিসইত খাইছে --
নেৰিছোঁ নেৰিছোঁ
দুবেলাৰ দুসাজি ভাত ৷
অ’ মোৰ
ধুনীয়া গাঁও !
অত দিনে থকা
অভুৱাভাৰীৰ ছলাহি ভাঙি পেলাওঁ ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা কবিতা]
[ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া]
No comments:
Post a Comment