অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মোৰ গীতৰ হেজাৰ শ্ৰোতা

[কথাঃ মোৰ গীতৰ হেজাৰ শ্ৰোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিয়েতো প্ৰধান অলংকাৰ]


গীতঃ

মোৰ গীতৰ হেজাৰ শ্ৰোতা 

তোমাক নমস্কাৰ

গীতৰ সভাত তুমিয়েইতো

প্ৰধান অলঙ্কাৰ। 

-


প্ৰয়াস কৰোঁ তোমাৰ মুখত হাঁহি বিলাবলে,

প্ৰয়াস কৰোঁ তোমাৰ দুখত সঁচাই কান্দিবলে,

তোমাৰ ক্ৰোধত ক্ৰোধান্বিত হৈও গীত ৰচোঁ ;

ব্যক্তি সমূহৰ হৈ সুৰৰ শৰাই যাচোঁ |

সেই গীতৰ কুসুমেৰে জীৱন জাতিষ্কাৰ,

গীতৰ সভাত তুমিয়েইতো

প্ৰধান অলঙ্কাৰ। 

-


ভুল যদি হয় সৃষ্টিত মোৰ

ভুল যদি হয় সৃষ্টিত মোৰ

তুমি হোৱা চিন্তিত 

সমালোচনাৰ অগণিৰে পুৰি

সমালোচনাৰ অগণিৰে পুৰি

মোকো কৰা উন্নত|


-

শৈশৱ্তে এখন দূখন গীতৰ সভাত গাই,

মন উজাৰ কৰোঁতেই বুকুত দিলা ঠাই |

তোমাৰ বুকুৰ তপত উমৰ উদগনি পাই,

জীৱনৰে দূপৰীয়াও আছোঁ গীত গায় |

গীতৰ সভাত আছিলোঁ তোমাৰেই আৱিষ্কাৰ,

গীতৰ সভাত তুমিয়েইতো

প্ৰধান অলঙ্কাৰ 

ওঁ হু হু... (আলাপ)

-

(ইউনিক'ডীয় ৰূপান্তৰ  দীপাংকৰ চেতিয়া)

No comments: