অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

ৰিমঝিম ৰিমঝিম বৰষুণে নেপুৰ বজায় ক’ত




কথা :
মোৰ আইৰ চকুপানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে ?


গীত :
ৰিমঝিম ৰিমঝিম বৰষুণে

নেপুৰ বজায় ক? ?

গিৰগিৰ গিৰগিৰ ডাৱৰেনো 

মাদল বজায় ক

এই অসম দেশত, অসম দেশত ।



মাইহাং বাটিত সোৱাদ পানী

যাচে কোনে ক

কাৰ পদুলিৰ কেতেকীনো

মলেমলায় ক?

এই অসম দেশত, অসম দেশত ।



এধানি এধানি নৈ সাগৰ হয় ক?  

সাগৰকো ভয় নকৰেনো কোনে ক

এই অসম দেশত, অসম দেশত ।



আইৰে চকুৰে মুকুতানো সৰে ক?

সেই মুকুতাৰে মণি পিন্ধি

সাহ পাওঁ ক?

মোৰ দেউতাৰে কপালৰে ঘাম সৰে ক?

সেই ঘাম দেখি মৰোঁ যেনে

লাগে মোৰ ক?

মোৰ অসম দেশত, অসম দেশত ।



মোৰ কলিজাৰে সুৰবোৰ

বুজে কোনে ক?

ন পুৰুষে দেশৰ হকে তেজ দিয়ে ক

আনে কৰা উপলুঙা ওফৰাইনো ক?

এই মোৰ অসম দেশত, অসম দেশত ।




(ইউনিক'ডীয় ৰূপান্তৰ  মালিনী গোস্বামী )

No comments: