অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মাঘত দেখোঁ উৰুকা নহয় তুমি নহ'লে





মাঘত দেখোঁ উৰুকা নহয় তুমি নহ'লে

ব'হাগ বিহুত বিহু ঢোল নাবাজে তুমি নহ'লে

শাৰদী পুৱা কঁহুৱা নুফুলে তুমি নহ'লে

এন্ধাৰ পঁজাত চাকি নজ্বলে তুমি নহ'লে

প্ৰগতিও দেখোন অগতি হে হয় তুমি নহ'লে 

গীত দেখোন সুৰীয়া নহয় তুমি নহ'লে 

বৰষাৰ আকাশত মেঘ নজমে তুমি নহ'লে

জীৱন লুইতখন থমকিহে ৰয় তুমি নহ'লে 

জ্ঞান বিজ্ঞানৰ অৰ্থ নুবুজোঁ তুমি নহ'লে

পোৱা নোপোৱাৰ সংগ্ৰাম নুবুজোঁ তুমি নহ'লে

জীৱনতো কোনো শান্তি নাপাওঁ তুমি নহ'লে

মৰণতো চাগে ক্লান্তিহে পাম তুমি নহ'লে


(১৯৭৫)
(ইউনিক'ডীয় ৰূপান্তৰ  হিম জ্যোতি তালুকদাৰ)

No comments: