পোহৰ দিয়া, পোহৰ দিয়া
আৰু পোহৰ দিয়া
মনৰ আন্ধাৰ আঁতৰ কৰি
আলোকলৈ নিয়া ৷
সদায় সঁচাত থাকিবলৈ
মনত দিয়া বল,
আমাৰ হিয়াত জ্বলোক তোমাৰ
জ্যোতি জল্মল্ !
সুন্দৰ তুমি য’তে
আছা
আমাক মৰম দিবা,
সোণপুৱতি বেলিৰ আঁৰত
থাকি হাঁহিবা ৷
তৰা-জোনৰ সিপাৰতো
দূৰতকৈও দূৰণিতো
আমাক হলে নাপাহৰিবা ৷
যাম কোন ফালে পৃথিৱীখনত
কৈ যাবা আহি ৰাতি সপোনত
নজানা-নিবুজা সকো কথা
শিকাই-বুজাই যাবা ৷
সুন্দৰ তুমি নেদেখাৰে পৰা
আমাৰ সেৱা লবা
আমাৰ সেৱা লবা
আমাৰ সেৱা লবা ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা শিশু-কবিতা; তামোলবাৰী (২১/০৮/১৯৪৭]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment