অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

জিল্‌মিলীয়া কোমল বালি




জিল্‌মিলীয়া কোমল বালি

তাহানীৰ কথা  কিয় আজি শুনালি,

ওহোঁ

কথাঃ  ভুল হল নেকি ?  

তাহানীৰ কাহিনী কিয় শুনালি

() বুকুতে মিঠা মিঠা বিহ ঢালিলি

বুকুতে মিঠা মিঠা সুৰ ঢালিলি

( পাহৰিছিলোঁ)

জিল্‌মিলীয়া কোমল বালি

তাহানীৰ কাহিনী কিয় শুনালি

বুকুতে মিঠা মিঠা বিহ ঢালিলি

জিল্‌মিলীয়া কোমল বালি

বালিমাহী বালিমাহী বালিমাহী

ত‍ই আজি কৱ দেখোঁ হাঁহি হাঁহি

উভতি নবয় সময় নদী

নুফুলে  সৰা পাহি

ভৰিত ওলিয়ালে তেজৰ টোপাল

কাঁইটিয়া গছৰ হুলে

সময়-বালিত কাৰোবাৰ খোজ

মচি দিয়ে সৰু সৰু ভুলে



হেঁপাহেৰে বালিঘৰ সাজিবহে পাৰি  

তাত পিচে এপলকো  থাকিব নোৱাৰি

তেনে কিয় সাজি সাজি কিয় খাইছাঁ হাবাথুৰি ||




(ইউনিক'ডীয় ৰূপান্তৰ - বনজীত্‍ পাঠক )

No comments: