অনুসন্ধান আকাংক্ষাত

Sunday, September 9, 2012

ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে





ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে

চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে

মানুহৰ মনৰ মাজত চেনেহ দলঙ গঢ়িবলৈ

আমি অকণি ওলামেই দলে দলে ওলামেই

ৰবাত কেনেবাকৈ ডাঙৰসকল নোলালে



ডাঙৰ ডাঙৰসকলৰ পোহৰৰ সমাজখন

অবিশ্বাসৰ এন্ধাৰে কেতিয়াবা ঢাকিলে

আমি সৰু সৰুবোৰে জোনাকী পৰুৱা হৈ

পোহৰ বিলাওঁ বুলি দলে দলে ওলামেই

ৰবাত কেনেবাকৈ ডাঙৰসকল নোলালে



মানুহৰ সমাজৰ মৰমৰ জলধিত

পৰিণত কৰিবলৈ বহু পানী লাগিলে

আমি সৰু সৰুবোৰে মৰম কণিকা হৈ

সাগৰ ওপচাবলৈ দলে দলে ওলামেই

ৰবাত কেনেবাকৈ ডাঙৰসকল নোলালে




(ইউনিক'ডীয় ৰূপান্তৰ  মালিনী গোস্বামী)

No comments: