অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মোক এজন বগা মানুহ দিয়া





মোক এজন বগা মানুহ দিয়া

যাৰ ৰক্ত বগা

মোক এজন কলা মানুহ দিয়া

যাৰ ৰক্ত কলা

যদি দিব পাৰা প্ৰতিদান যি বিচৰা

হওক অমূল্য পাব পাৰা

মোক এজন বগা মানুহ দিয়া

যাৰ ৰক্ত বগা

মোক এজন কলা মানুহ দিয়া

যাৰ ৰক্ত কলা

যদি দিব পাৰা প্ৰতিদান যি বিচৰা           

হওক অমূল্য পাব পাৰা

.....


উত্তৰৰ পৰা দক্ষিন মেৰুত যত মানুহ আছে

 যত মানুহ আছে

পূৰ্ব্বৰ পৰা পশ্চিম প্ৰান্তত যত মানুহ আছে

 যত মানুহ আছে

একে তেজ মঙহে গঢ়া

প্ৰেম প্ৰীতিৰে হৃদয় ভৰা

একে তেজ মঙহে গঢ়া

প্ৰেম প্ৰীতিৰে হৃদয় ভৰা

সেই মানুহক কিয় তুমি ভিন্ন কৰা

ভেদাভেদ সৃষ্টি কৰা

মোক এজন বগা মানুহ দিয়া

যাৰ ৰক্ত বগা

মোক এজন কলা মানুহ দিয়া

যাৰ ৰক্ত কলা

যদি দিব পাৰা প্ৰতিদান যি বিচৰা

হওক অমূল্য পাব পাৰা


......


জন্মৰ পৰা তুমি মৃত্যুলৈ

তুমি হিচাপ কৰা

তুমি হিচাপ কৰা

এই পৃথিৱীৰ ধৰ্ম যত তুমি

তুমি বিচাৰ কৰা

তুমি বিচাৰ কৰা

দেখিবা তাত একেই কথা

উৰ্ধত আছে মানবতা

দেখিবা তাত একেই কথা

উৰ্ধত আছে মানবতা

সেইকথাকে ভাবি তুমি গৌৰব কৰা

তেনে কিয় যুদ্ধ কৰা

মোক এজন বগা মানুহ দিয়া

যাৰ ৰক্ত বগা

মোক এজন কলা মানুহ দিয়া

যাৰ ৰক্ত কলা

যদি দিব পাৰা প্ৰতিদান যি বিচৰা

হওক অমূল্য পাব পাৰা


.....


এই পৃথিৱী হয় নিকৃষ্ট স্ৰষ্টা বিনে

স্ৰষ্টা বিনে

একে সূৰ্য্যৰ জেউতিতে দৃষ্টি ভৰে

দৃষ্টি ভৰে

একে মেঘৰ বৃষ্টিতে

বিশ্বপতিৰ সৃষ্টিতে

একে মেঘৰ বৃষ্টিতে

বিশ্বপতিৰ সৃষ্টিতে

সকলোৱে জিয়াই আছো যদি ভাবা

তেনে কিয় গৰ্ব কৰা

মোক এজন বগা মানুহ দিয়া

যাৰ ৰক্ত বগা

মোক এজন কলা মানুহ দিয়া

যাৰ ৰক্ত কলা

যদি দিব পাৰা প্ৰতিদান যি বিচৰা

হওক অমূল্য পাব পাৰা




(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: