অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

কোন ক’ত লটি ঘটি





কোন কত লটি ঘটি

কোন কত লটি ঘটি কিনো ভৈল কাল

খোজত নিমিলালে খোজ জীৱনো বিফল



নতুনৰ দিন আসি কত ৰং সানে

কাক হৈয়া মৰা চালি ধৰো ক্ষণে ক্ষণে



শৰীৰৰ বেশভূষা কিনো অপৰূপ

আটিল সজ্জাত, আটিল সজ্জাত ফুটে দেহাৰ খাটি ৰূপ

পুৰুষৰ অঙ্গ সজ্জা ধৰি আছে নাৰী

পুৰুষ শোভে, পুৰুষ শোভে নাৰীৰ বিচিত্ৰ শোভা ধৰি



যি ঠাইত আবুৰ লাগে সি ঠাই উন্মুক্ত

আচহুৱা কাণ্ড যেন বহুৱা মঞ্চত

আৰে বল ৰাধা বল তই ঘৰলৈ ব

দেৱাঙ্গ ভূষণ দেহাত বিতত বসনা

সুদীৰ্ঘ ৰক্তিম নখ যেন ৰক্ত পানা

ল ৰাধা বল তই ঘৰলৈ ব



গীতত বিচিত্ৰ সুৰ নতুন ভঙ্গিমা

নতুন যুগৰ নাই পৰিসীমা



বৰগীত সত্ৰীয়া বিহুনাচ হুঁচৰি

অসমীয়া হলো বুলি ইমান নোৱাৰি

মুখ আমাৰ কৰোঁ আহা নতুনৰ মুখা

তেৱেসে সম্ফল হৈব প্ৰগতিক শিকা







(ইউনিকডীয় ৰূপান্তৰ-বনজীত্‍ পাঠক)


No comments: