অনুসন্ধান আকাংক্ষাত

Sunday, September 9, 2012

বনজুই বনতহে জ্বলে দেখা পোৱা যায়






বনজুই বনতহে জ্বলে দেখা পোৱা যায়

মনৰ জুই মনত জ্বলে দেখাতো নেপায় হে ।



হিটলাৰৰ জোতাৰ শৱদ হে গিৰিপ গাৰাপ চলে

ইহুদী নিধন পৰ্বত সহস্ৰ মৰিল হে ।



বিংশ শতাব্দীৰ সিদিনা চতুৰ্থ দশক

বিশ্ব জুৰি মহাসমৰে পৃথিৱী জ্বলাওক হে।
                                   


ভাৰতৰে গান্ধী বাপু হে আৰু ফৰণ্টিয়াৰ গান্ধী            

ইংৰাজক ওফৰাব নকৰে যে সন্ধি হে ।



হিংসা আৰু অহিংসা হে দুটি অস্ত্ৰ আছে

হিংসা এৰি গান্ধী বাপুই অহিংসা বাছিছে হে ।



বিশ্ব যুদ্ধত জনগণৰ হে নিধন হয় দুগুণ

তাৰ পাছে শিশুৰ জনম হয় তিনিগুণ ।



বৰপদুমণি গাঁৱৰহে এক দম্পতিৰে কথা

সন্তানহীন দেখি বুকুত লাগিছে যে বেথা ।

বিশ্বযুদ্ধৰ অশান্ত বায়ু আমাৰ অসমতো বয়

নেতাজীৰ মুক্তিযোদ্ধা কোহিমাতে ৰয় ।



বৰপদুমণি গাঁৱত হে ইংৰাজৰ পুলিচে

অত্যাচাৰী হৈ হাঁহ কুকুৰা কাঢ়িছে হে ।



জাপান দেশৰ যুদ্ধ বিমান হে অসমত উৰিছে

চহৰ নগৰ মহা ত্ৰাসত এন্ধাৰত বুৰিছে ।



ইস্কুল কলেজ বন্ধ কৰি হে হাচপতাল পাতিছে

বিশ্ব যুদ্ধৰ সঙ্গে সঙ্গে মুক্তি ৰণ চলিছে ।



শংকৰ মাধৱৰে ভাওনাৰ শুদা আখৰা থলি

ডবা নাই নামঘৰৰো চাকি নুঠে জ্বলি ।



আমাৰ দম্পতিৰ মনতো এক মনৰ যুদ্ধ চলে

সন্তানহীন হৈ দুয়ো কান্দো অকলে হে ।
                          


কঠীয়া পাৰিছে দুয়ো হে আৰু ভূঁইও ৰুইছে

লখিমী পথাৰৰ ধান আঘোণত দাইছে হে ।



সোণালী আঘোণ মাহ হে বছৰে আহিছে

মনৰ পথাৰ শুদা দেখি অন্তৰ দহিছে হে ।




(ইউনিক'ডীয় ৰূপান্তৰ  মালিনী গোস্বামী)

No comments: