প্রেম প্রেম বুলি জগতে ঘুৰিলোঁ
ঘৰতে আছিলে প্রেম
ধনে ধনে কৰি ঢাপলি মেলিলোঁ
হিয়াতে পৰমে ধনেহে
গুৰু শংকৰ
গংগা-যমুনা চানিলোঁ যতনে
গয়া-কাশী তীর্থ কৈলোঁ
হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে
ক’ৰবাত বিচাৰি মৈলোঁহে
গুৰু শংকৰ
প্রকৃত ধৰম বিচাৰি-খুচাৰি
বিদেশে
বগালোঁ দুখে
নামঘৰ দুৱাৰমুখেহে
গুৰু শংকৰ
মোক গুৰু লাগে
মঞি শিক্ষিত শিষ্য
জগতক জাননী দিলোঁ
জগতৰে গুৰু শ্রীশংকৰ ঘৰতে
অন্ধলাই নেদেখিলোঁহে
গুৰু শংকৰ
ৰচনা :-সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা
(ইউনিক'ডীয় ৰূপান্তৰ → মিতালী বৰ্মন)
No comments:
Post a Comment