অনুসন্ধান আকাংক্ষাত

Sunday, September 9, 2012

ফুট গধূলীতে কপিলী খুটিত






ফুট গধুলীতে

কপিলী খুটিত

কোন গোর্খালী গাভৰুৰ গাইজনী হেৰাল ।



গাইজনীনো কেনে

তুলনা যে নাই

হেনো সেই চাপৰিত তাইৰ মান গাখীৰতী নাই ।



কাঞ্চীয়ে ৰিঙিয়াই,

'' বগী গাই,

'' লছমী গাই

তুমি দেখোন নাহিলে ব্যৱসায়ো নাই,

-সেই মিঠা মাতৰ কপিলী কঁপায় ।



তাইৰ ৰূপতীর্থৰ যাত্রী

এজন মাথোঁ আছে

গাঁও তাৰ ক্ষেত্রী

সি নলবাহাদুৰ ছেত্রী

গাই বিচৰাৰ ছলে মনৰ মৰম যাচে

সেই মৰম দেখি কাঞ্চীজনী ৰঙা পৰি যায় ।



নল খাগৰীৰ মাজতে

সি গাই বিচাৰি পালে

গাই বিচাৰি পাই

তাইক গাইজনী দিলে

গাইজনীয়েও আনন্দতে গো-ধূলি উৰায় ।




(ৰচনা কাল- ১৯৫৫ চন; স্থান- নগাঁৱৰপঅ গুৱাহাটীলৈ অহা বাটত)
(ইউনিক'ডীয় ৰূপান্তৰ  খনিন্দ্র মাধৱ শইকীয়া )

No comments: