পিন্ধিলোঁ কতনা
ফুলৰ মালা,
পালোঁ আদৰণি
হিয়া ভৰা |
ওৰেটো জীৱন
বুটলি ফুৰিলোঁ
মৰম শৰাই, সঁফুৰা;
মৰম শৰাই, সঁফুৰা |
পিন্ধিলোঁ কতনা
ফুলৰ মালা |
শ্ৰোতা জনতাৰ
মন পথাৰত
কন্ঠ বৄষ্টি সিঁচি দিলোঁ,
জীৱ্ন জুৰি;
সাঁতুৰি-নাদুৰি
সুৰ সাগৰত
বিশ্বখনকে ঘৰ কৰি,
ফুৰিলোঁ ঘূৰি |
মনত নপৰে
চিন্তা-বিষাদ
ভাগৰে ক্লান্ত কৰা,
ভাগৰে ক্লান্ত কৰা |
পিন্ধিলোঁ কতনা
ফুলৰ মালা |
যাযাবৰী মোৰ জীৱনে সদাই
লভিলে জোনাকী বাট,
যাযাবৰী মোৰ জীৱনে সদাই
লভিলে জোনাকী বাট;
বাটৰ লগৰী
বাটতেই হেৰালে,
কোনো খেদ নাই তাত,
কোনো খেদ নাই তাত |
আজি নিৰিবিলি
আবেলি পৰতো
জীৱন হাঁহিৰে ভৰা,
জীৱন হাঁহিৰে ভৰা |
পিন্ধিলোঁ কতনা
সুৰৰ মালা,
পালোঁ আদৰণি
হিয়া ভৰা |
ওৰেটো জীৱন
বুটলি ফুৰিলোঁ
মৰম শৰাই, সঁফুৰা;
মৰম শৰাই, সঁফুৰা |
পিন্ধিলোঁ কতনা
ফুলৰ মালা ||
(ইউনিক'ডীয় ৰূপান্তৰ → প্ৰাঞ্জল বড়া)
No comments:
Post a Comment