পোহৰ ধুনীয়া আই
চিৰসেউজীয়া
মাই !
সুজলা-সুফলা শস্যশ্যামলা
ওপজা
তীৰ্থ ঠাই ৷
জেউতিৰ ধাৰে নিজৰা নামিছে,
নৱজীৱনৰ
ঢল,
নোৱাই-ধুৱাই তোক জিলিকাই
উজলিছে
জল্মল্ ৷
তয়ে মোৰ শক্তি
তয়ে মোৰ ভক্তি
তয়ে মোৰ মুক্তি
সুঁৱৰি
তোৰেই মুখ
জীৱনৰ যুঁজ জিনি
আগবাঢ়ি
যাম,
বুকুৰ তেজেৰে মোৰ
দীপালী
জ্বলাম,
জনমে জনমে তোৰ কোলাতেই
নতুন
জীৱন পাম ৷
ভালপাওঁ মই বৰ ভালপাওঁ
তোৰ
মানি শুৱনি নাই,
পোহৰ ধুনীয়া আই
চিৰসেউজীয়া
মাই ৷
পুৱাই পুৱাই আই
নৱজীৱনৰ বৰগীত গাই গাই
শিতানলে’ আহি
কপালত
মোৰ শতবাৰ চুমাই খাই
তোৰ পূজালৈকে চাকি জ্বলাবলে’
টোপনিৰপৰা
দিব জগাই,
পোহৰ – ধুনীয়া আই
মোৰ চেনেহী
চিৰসেউজীয়া
মাই ৷
আই !
তোৰ মই অকমাণি
তোৰ মই চকুমনি
তোৰ মই গৰ্ভৰ
নতুন দিনৰ ল’ৰা
নতুনৰ
সত্য,
তোৰ চোতালতে আই
নতুনৰ তাল-খোল
বজাই
বজাই
পৃথিৱীকে ৰজনজনাই
দেখুৱাম, দেখুৱাম
নতুন দিনৰ জনজীৱনৰ নৃত্য
মই নতুন দিনৰ ল’ৰা
নতুনৰ সত্য ৷
আধাফুটা মাতেৰে
গীত গাম
ঠুনুক-ঠানাক্
কুমলীয়া
ভৰিটিত
অকণি জুনুকা পিন্ধি
নাচি যাম ধিনিক্-ধানাক্ ৷
ন-ধুনীয়া আঙুলিৰে
বিজুলি
চমক মাৰি
মুদ্ৰাৰে দেখুৱাম নতুনৰ ইঙ্গিত,
পুৰণিক ভাঙিবলে’
নতুনক
গঢ়িবলে’
চমকে
চমকে মই
ৰৈ যাম
কৈ যাম
নুমলীয়া গাটিৰ
তাণ্ডৱ
ভঙ্গীত ৷
তাৰ পিছে তোৰ স’তে
পৃথিৱীৰ
ফুলনিলে’
ফুৰিবলে’
যাম,
ভাগৰ লাগিলে আই
কোলালৈয়ে
নিবি মোক
বুঢ়ী-আই পৃথিৱীৰে
উমলি-জামলি
মই
নতুন
দিনৰ ন-বৰগীত গাম,
বুঢ়ী-আইৰ জোলোঙাৰ
নতুন
পুতলাবোৰ
আই
তোৰ মোনাত সুমাম ৷
তাৰ পিছে নিশা হ’লে
টোপনি
আহিলে মোৰ
নুকুৰ মাজত তই
সুমুৱাই
লবি,
নিচুকাই নাম গাই
আকাশৰ
ওপৰৰ
বেলিটোকে সিপাৰৰ
নেদেখা দেশৰ মোক
সাধুকথা
কবি ৷
গাই থাকোঁতেই তই
নিচুকনি
নাম,
আই মই, আই মই
টোপনি
যাম ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা
শিশু-কবিতা]
[ইউনিক’ড
ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment