অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

জীৱনটো যদি অভিনয় হয়




জীৱনটো যদি অভিনয় হয়

যদি অভিনয়তে মৰম ৰয়

সেই মৰমৰ দাম কিমাননো?



আকাশ এখিলা যদি কাগজ হয়

আৰু জোনটো যদি আচল নহয়

সেই জোনাকৰ ৰহণ কিমাননো?



বুজিও নুবুজা হৈ আমি

ভুলকে ভাল বুলি বোটলোঁ কি?

বাহিৰে ৰংচং দেখি আমি

কোৱভাতুৰীকে আদৰোঁ কিয়?



সেয়ে ক্ষণে ক্ষণে

কান্দো মনে মনে

নিচুকাব নিতৌ কোনেনো?



বহুৱা সাজি সাজি আমি

মিছা মৰমতে সাঁতোৰো কিয়?

তপত মৰুভূমিতে আমি

মিছা মৰীচিকা খেদোঁনো কিয়?



সেয়ে কতজনে

নিতে নিতে গনে

পৃথিৱীত সুখী কিমাননো?


(ইউনিক'ডীয় ৰূপান্তৰ - বিষ্ণু শ‍ইকীয়া)

No comments: