অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

নতুন নিমাতী নিয়ৰৰে নিশা



নতুন নিমাতী নিয়ৰৰে নিশা              

জীৱন জিলিকা জৈনাকৰে নিশা

আৰু তুমি নিচেই চিনাকী

-                     
মোৰ যৌবন আজি উচ্চল ←২


জলমল সৰসীত নাচে পংকজ

কামনাৰ 

পৰাণ অপূৰ্ণ হয় নিশাটি

নতুন নিমাতী নিয়ৰৰে নিশা

জীৱন জিলিকা জৈনাকৰে নিশা

আৰু তুমি নিচেই চিনাকী

-                                        
নাই বৈভৱ নাই ৰূপ

নাই নাই গুণাৱলী

তথাপি সপিলোঁ 

মৰম সিক্ত অঞ্জলি

মোৰ বক্ষত মধু উত্তাপ ←২


ভৰা কম্পিতা ছন্দিতা তুমি আজি

জীৱন পূৰ্ণ হয় নিশাটি

নতুন নিমাতী নিয়ৰৰে নিশা

জীৱন জিলিকা জোনাকৰে নিশা       

আৰু তুমি নিচেই চিনাকী ।।
-


(সৰসীতঃ- সৰোবৰত, in a lake)

(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা)

No comments: