অনুসন্ধান আকাংক্ষাত

Sunday, September 9, 2012

ফেঁচুৱে কৰিলে ছিঁউত





ফেচুৱে কৰিলে ছিঁউ, মোৰ দেউতা

ফেচুৱে কৰিলে ছিঁউ ।                 

মণিৰাম দেৱানক ফাঁচী দি মাৰিলে

আকাশে উৰি গ'ল জীউ ।।

মণিৰামক মাৰিলে আঁৰ কাপোৰ তৰিলে

ওপৰে বগালে চিলা ।

মণিৰামৰ কামে কাজ কৰিব লাগিলে

আজি হাতে হাতে মিলা ।।

এ চান্দও লৰিছে, সূৰযও লৰিছে

লৰিল বসুমতী আই ।                  

এ বাৰপাল বনুৱাই খেদিব লাগিছে 

মণিৰামৰ কিনো বিলাই ?

আজি কি বাৰে গুৰু বৃহস্পতি

কলি কি বাৰে শুকুৰ ।

মণিৰাম দেৱানৰ অমঙ্গল মিলিল ঐ

চালতে বগালে কুকুৰ ।।

হে ৰৈনো ৰৈ কান্দিলে বৃন্দাবনী গাভৰু

তামৰ ঘৰৰ মুধলৈ চায় ।

তামৰ ঘৰত আছে দেও স্বামী নাইকিয়া

কোনে নিলে মণিৰামৰ পায় ?

এ চম্পাৱতী আইদেউৰ সেন্দুৰ মচে খালে

ঘনে সোঁহাত লৰে ।

কাউৰীয়ে ৰমলীয়াই  ফেঁচাই কুৰুলিয়াই

সপোনত আগ দাঁত লৰে ।।




(ৰচনা কাল- ১৯৬৩ চন; কথাছবি- মণিৰাম দেৱান)
(ইউনিক'ডীয় ৰূপান্তৰ  খনিন্দ্র মাধৱ শইকীয়া )

No comments: