অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মহাবাহু ব্রহ্মপুত্র





স্বকীয় ৰূপ লৈ বহাগনো আহে কলৈ

ব্রহ্মপুত্রৰ দুয়োপাৰলৈ নহয় জানো ?

এই ব্রহ্মপুত্রৰ মহান ঐতিহ্যই বা কি ?



মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ

কত যুগ ধৰি আহিছে প্রকাশি সমন্বয়ৰ অর্থ



সুদূৰ কান্যকুব্জৰে পৰা বাৰ-ভূঞা আহিছিলে

সেই বংশতে শংকৰদেৱ ইয়াতে জনমিলে



মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে

দিল্লীৰ দিলোৱাৰে আহি হস্তী-পুথি আঁকিলে

পঞ্চনদীৰ টেগ বাহাদুৰে ধৰমৰ সেঁতু গঢ়িলে

সমন্বয়ৰ দেখুৱালে কত প্রকাশ স্বতঃস্ফূর্ত্ত



দূৰৰ লাচিতে শৰাইঘাটতে শতৰু আগচিলে

জাতি-ধর্ম-ভাষা সবাকে স্বদেশ প্রেমেৰে বান্ধিলে

কিৰাট পুত্র বিষ্ণু ৰাভাই মাটিৰ কৃষ্টি জীয়ালে

সমন্বয়ৰ দেখুৱালে কত প্রকাশ স্বতঃস্ফূর্ত্ত



পদ্দানদীৰ ধুমুহাত পৰি কত শতজন আহিলে

লুইতৰ দুয়ো পাৰে কতনা অতিথি আদৰিলে

কিছু লব লাগে কিছু দিব লাগে জীণ যাবলে লে 

মিলিব লাগে মিলাব লাগে ৰবীন্দ্রনাথেও কলে    

অগ্রৱাল জ্যোতিয়ে ইয়াতে জ্যোতিৰ প্রপাত বোৱালে

অজীণ পাতকী সবৰ চক্র জ্যোতিৰে কৰি ব্যর্থ

মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ

কত যুগ ধৰি আহিছে প্রকাশি সমন্বয়ৰ অর্থ
                                           



(ইউনিক'ডীয় ৰূপান্তৰ  মিতালী বৰ্মন)

No comments: