অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

কঁহুৱা বন মোৰ অশান্ত মন





কঁহুৱা বন মোৰ অশান্ত মন

আলফুল হাতেৰে লোৱা সাৱতি

এটি এটি ক্ষণ যেন মুকুতাৰে ধন

এনেই হেৰুৱালে নাহে উভতি

নীলা আকাশৰ একোটি তৰা

হঠাতে খহি সাৱতে ধৰা

ঘিটমিট এন্ধাৰৰ নিমাত ৰাতি

এটি এটি ক্ষণ যেন এটি এটি পণ

এনেই হেৰুৱালে নাহে উভতি



পুৱতি নিশাৰ সপোন দেখি

দেখিও নেদেখিলোঁ সেই ক্ষণটি

অনন্ত সময়ৰ সাগৰখনিত

চঞ্চল কোলাহলে ভাঙে ঘুমতি

বলিয়া মন কিয় উচাতন



কালিৰ সুৰুযে আনি দিব পুৱাটি




(ইউনিকডীয় ৰূপান্তৰ-মিতালী বৰ্মন)

No comments: